নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেডৰুমৰ ১০ ফুট তলত আণ্ডাৰগ্রাউণ্ড ড্রাগ্ছ ফেক্টৰী

গোৱালপাৰাত ড্রাগ্ছ মাফিয়া জাহাংগীৰৰ ঘৰত অভিযান

নিয়মীয়া বাৰ্তা ২ জুলাইঃ ড্রাগ্ছৰ বিৰুদ্ধে অসম আৰক্ষীৰ ধাৰাবাহিক অভিযান অব্যাহত থকাৰ সময়তে গোৱালপাৰা চহৰৰ ভালুকডুবিত বৃহস্পতিবাৰে আৰক্ষীৰ অভিযানত ১০ কোটিৰো অধিক টকাৰ ড্রাগ্ছসহ বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট জব্দ কৰে৷ জানিব পৰা মতে, এক গোপন সূত্রৰ পম খেদি আজি পুৱা ৪ বজাত আৰক্ষী অধীক্ষক ৰাকেশ ৰেড্ডী আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক মৃণাল ডেকাৰ নেতৃত্বত অভিযান চলায় ভালুকডুবিৰ ২নং জংঘল ব্লকৰ জাহাংগীৰ আলমৰ ঘৰত৷ জানিব পৰা মতে ভালুকডুবিৰ জাহাংগীৰে তেওঁৰ ঘৰতে বিশেষ কৌশলেৰে কোঠাৰ তলত আণ্ডাৰগ্রাউণ্ড কোঠা তৈয়াৰ কৰি মিনি ড্রাগ্ছ উদ্যোগ স্থাপন কৰিছিল৷

উক্ত মিনি উদ্যোগত বিভিন্ন ধৰণৰ ড্রাগ্ছ উৎপাদন কৰি অসমৰ ভিন্ন প্রান্তৰ লগতে বহিঃৰাজ্যলৈ এই ড্রাগ্ছ সৰবৰাহ কৰি ৰমৰমীয়া ব্যৱসায় চলাইছিল৷ আৰক্ষীয়ে বৃহস্পতিবাৰে অভিযান চলাই যন্ত্র–পাতি, নগদ ধন আৰু বৃহৎ পৰিমাণৰ ড্রাগ্ছসহ মাফিয়া জাহাংগীৰ আলম, ছাদ্দাম হুছেইনৰ লগতে ছাবিনা ইয়াছমিন নামৰ এগৰাকী মহিলাক গ্রেপ্তাৰ কৰে৷ আৰক্ষীয়ে ড্রাগ্ছৰ মিনি উদ্যোগটোৰ পৰা তিনিটা মেচিন, ৯টা ড্রাম, চাৰি হাজাৰ লিটাৰ কফ ছিৰাফ তৈয়াৰ কৰা কেঁচামাল, বৃহৎ পৰিমাণৰ হেৰ’ইন, লগতে হাজাৰ হাজাৰ নিচাযুক্ত টেবলেট, ৫টা ম’বাইল জব্দ কৰে৷ জব্দকৃত ড্রাগ্ছৰ মূল্য ১০ কোটি টকাৰ ওপৰত হ’ব বুলি জনাইছে আৰক্ষী অধীক্ষকে৷

ইফালে অভিযানটোত আৰক্ষীয়ে ১খন এক্সকেভেটৰ, ১খন বলেৰ’ পিকআপ ভেন, ১খন এল্ট’ কাৰ আৰু ১খন ই–ৰিক্সাও জব্দ কৰা হয়৷ উক্ত ড্রাগ্ছ ব্যৱসায়ৰ লগত বৃহৎ চক্র জডিত থকাৰ সন্দেহত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ কিয়নো ড্রাগ্ছ উৎপাদন কার্যৰ লগত কেইবাগৰাকী কর্মচাৰী আৰু ড্রাগ্ছৰ ব্যৱসায়ৰ লগত বৃহৎ চক্র জডিত থকাৰ সন্দেহত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷ ইফালে জাহাংগীৰ আলমে নিজৰ বেডৰুমৰ বিছনাৰ তলত দর্জা এখন বনাই ১০ ফুট তলত আণ্ডাৰগ্রাউণ্ড কোঠা এটা তৈয়াৰ কৰিছিল৷ আৰু উক্ত কোঠাটো ড্রাগ্ছৰ ফেক্টৰী হিচাপে ব্যৱহাৰ কৰিছিল৷ উল্লেখ্য যে জাহাংগীৰ আলমৰ বিৰুদ্ধে মানকাচৰ থানাৰ লগতে মেঘালয়তো আছে কেইবাটাও গোচৰ৷ বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জডিত জাহাংগীৰ বিভিন্ন সময়ত আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল৷

You might also like