নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষঃ ভালেৰে আৰম্ভ হ’লেও পিছলৈ সাধাৰণ কেশদায়ক সমস্যাৰ উদ্ভৱ হ’ব পাৰে৷ নিজৰ দায়িত্ব পালন কৰাৰ চেষ্টা অব্যাহত ৰাখক৷ ঘৰুৱা সহায়ৰ বাবে মন বেয়া হ’লেও সহজ হ’ব পাৰিব৷
বৃষঃ মনলৈ উৎসাহ আহিব৷ নতুন কামত সুযোগ পাব৷ শৰীৰো ভালেৰে পাৰ হ’ব৷ দুৰাৰোগ্যসকলেও কিছু সকাহ পাব৷ বিদ্যাত অনুকূল৷ ভ্রমণৰ পৰা লাভ হ’লেও সাৱধান হওক৷
মিথুনঃ প্রায় দিশতে মনটো মুকলি লাগিব৷ শৰীৰৰ চিন্তা কম৷ বন্ধু–বান্ধৱৰ লগত ভালেই লাগিব৷ শিল্পসুলভতা বৃদ্ধি পাব৷ কোনো নতুন দায়িত্বত দক্ষতা দেখুৱাব৷ ভ্রমণত পিছে সাৱধান হওক৷
কর্কটঃ দুই–এটা বাধাৰ মাজেৰে দিনটোত অগ্রগতি লাভ৷ ঘৰুৱা দিশত ইটো–সিটো থাকিব৷ শৰীৰ সম্পর্কে সাৱধান থাকক৷ সংকট সন্মুখত ৰাখি কোনো যাত্রা বা কাম আদি পাৰিলে স্থগিত ৰাখক৷
সিংহঃ উন্নত পৰিৱেশ৷ বিভিন্ন যোগাযোগ আদিত আনন্দ পাব৷ ভ্রমণাদিত বিশেষ অসুবিধা নাপায়৷ কিন্তু যাৰ মঙলৰ দশা চলি আছে, অলপ সাৱধান হওক৷ সন্তানৰ সুখ৷ বিদ্যাত অনুকূল৷
কন্যাঃ খুব উন্নত পৰিৱেশ নহ’ব৷ ধর্মীয় অনুষ্ঠান আদিত আনন্দিত হ’ব৷ বন্ধু–বান্ধৱৰ শুভ৷ ব্যক্তিত্ব অক্ষুণ্ণ ৰাখিব৷ সন্তানৰ চিন্তা৷ বিদ্যার্থীৰ মধ্যম৷
তুলাঃ আর্থিক দিশত টানত পৰিব৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ বিশ্বাসযোগ্য বন্ধু–বান্ধৱৰ পৰা আগছোৱাত উপকৃত হ’ব৷ বিয়া–বাৰুৰ যোগাযোগত বাধা পাব৷ প্রেমত শুভ৷
বৃশ্চিকঃ আর্থিক উন্নতিৰ চেষ্টা কৰিলেও খৰচৰ মাত্রা বাঢ়িব৷ ঘৰুৱা তথা কর্মস্থানত বিশেষ আহুকাল নাপাব৷ পিতৃৰ খুব বেয়া নহয়৷ অৱশ্যে শাৰীৰিক যত্ন ৰখাটো দৰকাৰ হ’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৩৷
ধনুঃ বৈষয়িক ক্ষেত্রত নিজৰ দুর্বলতাৰ বাবে সমস্যাত পৰিব পাৰে৷ কর্মস্থানত সামগ্রিক ক্ষেত্রত আশাপূর্ণ যোগাযোগ পাব৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৪৷
মকৰঃ দাম্পত্যত বিশেষ পৰিৱর্তন নাই৷ সন্তানৰ বাবে মধ্যম৷ নিকটাত্মীয়ৰ কোনো কথাত চিন্তিত৷ বিয়া–বাৰুৰ যোগাযোগত শুভ৷ ব্যৱসায়ীসকলৰ দূৰ ভ্রমণ সফল হ’ব পাৰে৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৮৷
কুম্ভঃ চাকৰিয়াল ব্যক্তিৰ বদলিৰ সম্ভাৱনা দেখা যায়৷ বিদ্যাত অশুভ নহ’ব৷ কর্মত তৎপৰতা থাকিব৷ শৰীৰৰ প্রতি যত্ন লোৱাটো বিশেষ দৰকাৰ হ’ব৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ২৷
মীনঃ আর্থিকত খৰচৰ মুখামুখি৷ আপোনাৰ মানসিক ৰোগ বৃদ্ধি পাব৷ মনোবল বৃদ্ধি পাব৷ কর্মক্ষেত্রত সামান্য বাধাৰ কাৰকতা৷ সুবন্ধু লাভ৷ প্রেমত আহুকাল নাথাকিব৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷

You might also like