নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা–চাকৰিৰ মার্কশ্বীট এখনেই হ’ব লাগিব

চৰকাৰী অধিসূচনাৰ ৫নং দফা বাতিলৰ দাবীঃ ‘ছাত্র–ছাত্রীক ন্যায় দিয়াৰ দায়িত্ব চৰকাৰৰ’– ড০ সমুজ্জ্বল ভট্টাচার্য ৰাজ্য চৰকাৰৰ টোঘলকী সিদ্ধান্ত বাতিলৰ দাবী যুৱ–ছাত্র পৰিষদৰঃ ‘শিক্ষার্থীৰ জীৱনক লৈ হেতালি নেখেলিব’– কংগ্রেছ

নিয়মীয়া বাৰ্তা ৩ জুলাইঃ বিকল্প মূল্যায়ন পদ্ধতিৰে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বর্ষৰ পৰীক্ষার্থীক প্রদান কৰিবলগীয়া মার্কশ্বীট শিক্ষাৰ ক্ষেত্রতহে গ্রহণযোগ্য হ’ব, চাকৰিৰ বাবে নহয়৷ শিক্ষামন্ত্রী ৰণোজ পেগুৱে কালি এই ঘোষণা কৰাৰ পাছতে ৰাজ্যজুৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ৰাজ্য চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ৰাজ্যৰ দল–সংগঠনসমূহ৷ আজি এখন সংবাদ মেলৰ জৰিয়তে চৰকাৰ তথা শিক্ষা বিভাগক কঠোৰ সকীয়নি দি সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে কয় যে ফলাফল সংক্রান্তীয় চৰকাৰী অধিসূচনা দুখনৰ পাঁচ নং দফাত কোৱা হৈছে যে এইবাৰ ছাত্র–ছাত্রীয়ে যি মার্কশ্বীট পাব, সেয়া চাকৰিৰ ক্ষেত্রত প্রযোজ্য নহ’ব৷

আছুৱে এই সিদ্ধান্তৰ তীব্র বিৰোধিতা কৰিছে আৰু পাঁচ নং দফা সমুলঞ্চে বাতিলৰ বাবে দাবী জনাইছে৷ তেওঁ লগতে কয়– ‘শিক্ষা বিভাগ, ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ছাত্র–ছাত্রীৰ লগত চূড়ান্ত অন্যায় কৰিছে৷ এয়া মানি লোৱা নহ’ব৷ কাৰণ ক’ভিডৰ বাবে এইবাৰ পৰীক্ষা অনুষ্ঠিত নহ’ল৷ তাৰ বাবে ছাত্র–ছাত্রী দায়ী নহয়৷ ছাত্র সন্থা প্রথমৰ পৰাই পৰীক্ষা অনুষ্ঠিত কৰাৰ পক্ষত আছিল৷ কিন্তু স্বাস্থ্য বিভাগৰ বাধাৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল৷ তেতিয়াই বিকল্প মূল্যায়নৰ কথা আহি পৰিল৷ ছাত্র সন্থাই স্পষ্ট কৰি দিছিল যে মার্কশ্বীট এখনেই হ’ব লাগিব, দুখন হ’ব নোৱাৰিব৷ কিন্তু কালি শিক্ষামন্ত্রীগৰাকীয়ে যি ঘোষণা কৰিলে, তাৰ পাছৰে পৰা ছাত্র–ছাত্রীসকল মানসিক দ্বন্দ্বত ভুগিছে৷ অভিভাৱকসকল চিন্তিত হৈ পৰিছে৷ ফেব্রুৱাৰী মাহত সময় মতে পৰীক্ষা অনুষ্ঠিত কৰাহেঁতেন আজিৰ পৰিস্থিতিৰ উদ্ভৱ নহ’লহেঁতেন৷ ভাৰতবর্ষৰ কোনো ৰাজ্যই দুখন মার্কশ্বীটৰ ব্যৱস্থা কৰা নাই৷ ফলাফল অধিক উন্নত কৰাৰ সুযোগ দিবলৈ পাছত আকৌ পৰীক্ষা অনুষ্ঠিত কৰক৷ কিন্তু এইবাৰ যি মার্কশ্বীট দিয়া হ’ব, সেয়া ফলাফলৰ ক্ষেত্রতো প্রযোজ্য হ’বই লাগিব৷’

ইফালে ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি নেখেলিবলৈ সকীয়াই দি আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– ‘শিক্ষা বিভাগ, ছেবা আৰু সংসদে ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি খেলিছে৷ এয়া মানি লোৱা নহ’ব৷ এখন মার্কশ্বীট চাকৰিৰ ক্ষেত্রত প্রযোজ্য নহ’ব এয়া নাভূত–নাশ্রুত কথা৷ তাৰ মানে দুখন বিশেষজ্ঞ সমিতিয়ে নির্ধাৰণ কৰা মূল্যাংকন পদ্ধতিৰ ওপৰত ছেবা আৰু সংসদৰে বিশ্বাস নাই৷ তেওঁলোকে ২০২২ত আকৌ পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা কৈছে৷ যদিহে ২০২২তো ক’ভিড পৰিস্থিতি অব্যাহত থাকে, পৰীক্ষা ২০২৩ চনলৈ পিছুৱাই দিয়া হ’ব নেকি? বাহিৰলৈ অধ্যয়নৰ বাবে যোৱা ছাত্র–ছাত্রীসকল পুনৰ পৰীক্ষাত অৱতীর্ণ হ’বলৈ অসমলৈ ঘূৰি আহিব লাগিব নেকি? এনে আৰু বহু প্রশ্ণ আছে, সংশয় আছে৷ গতিকে ছাত্র সন্থাৰ স্পষ্ট দাবী– চৰকাৰে পূর্বৰ সিদ্ধান্ত বাতিল কৰিবই লাগিব৷ মার্কশ্বীট এখনেই হ’ব লাগিব, গ্রহণযোগ্য হ’ব লাগিব৷’

আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই সংবাদ মেলত কয় যে যোৱা ১৮ মাহ ধৰি ছাত্র–ছাত্রীসকলে ক’ভিডৰ বাবে পঢ়ি আছে৷ ক’ভিডৰ মাজতো পৰীক্ষা অনুষ্ঠিত কৰিবলৈ ছাত্র সন্থাই পৰামর্শ দিছিল৷ কিন্তু স্বাস্থ্য বিভাগৰ বাধা–নিষেধৰ বাবে বিকল্প মূল্যায়নৰ কথা আহি পৰিল৷ এনে পৰিস্থিতিত ছাত্র–ছাত্রীক ন্যায় দিয়াৰ দায়িত্ব চৰকাৰ, ছেবা আৰু শিক্ষা সংসদৰ৷ কিন্তু মূল্যায়ন সম্পর্কীয় অধিসূচনাৰ ৫নং দফাত উল্লেখ কৰিছে যে বিকল্প মূল্যায়নেৰে প্রদান কৰিবলগীয়া মার্কশ্বীট কেৱল পৰীক্ষাত পাছ কৰিবৰ বাবেহে, চাকৰিৰ ক্ষেত্রত ফেইল৷ এয়া ছাত্র–ছাত্রীৰ স্বার্থবিৰোধী৷ ছাত্র–ছাত্রীৰ ওপৰত মাধমাৰ৷ এই সিদ্ধান্ত বাতিল কৰিবই লাগিব৷ ইয়াৰ লগতে ছাত্র সন্থাই প্রথম, দ্বিতীয়, তৃতীয় বিভাগৰ লগতে ষ্টাৰ আৰু ডিষ্টিংচন প্রথা অব্যাহত ৰাখিবলৈও দাবী উত্থাপন কৰে৷ আছুৰ দাবী আৰু পৰামর্শ সম্বলিত দুখন পত্র মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রীলৈ প্রেৰণ কৰা হ’ব বুলিও সংগঠনটোৰ মুখ্য উপদেষ্টাগৰাকীয়ে সদৰী কৰে৷
বিকল্প মূল্যায়নৰ মার্কশ্বীট ব্যৱস্থাৰ তীব্র বিৰোধিতা যুৱ–ছাত্র পৰিষদৰ
শেহতীয়াভাৱে অসম চৰকাৰৰ শিক্ষা বিভাগে চলিত বর্ষৰ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ক’ভিড পৰিস্থিতিৰ বাবে অনুষ্ঠিত নকৰাকৈ পৰীক্ষার্থীসকলক বিকল্প মূল্যায়ন ব্যৱস্থাৰে ৰিজাল্ট দিয়াৰ যি ব্যৱস্থা কৰিছে, তাৰ তীব্র গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷ আজি সংবাদ মাধ্যমলৈ প্রেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্রীয় সভাপতি ৰাণাপ্রতাপ বৰুৱা আৰু সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে ক’ভিড পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত নকৰি ছাত্র–ছাত্রী উত্তীর্ণ কৰাবৰ বাবে বিকল্প মূল্যায়ন ব্যৱস্থাৰ নীতি নির্ধাৰণৰ বাবে দুখনকৈ বিশেষজ্ঞ সমিতি গঠন কৰি দিয়া হৈছিল৷ কিন্তু অতি পৰিতাপৰ বিষয় এই যে বিশেষজ্ঞ সমিতি তথা শিক্ষা বিভাগে ঘোষণা কৰা এই বিকল্প মূল্যায়ন ব্যৱস্থাৰ যোগেদি উত্তীর্ণ হোৱা ছাত্র–ছাত্রীৰ মার্কশ্বীটসমূহ কোনো চৰকাৰী চাকৰি–বাকৰিৰ ক্ষেত্রত গ্রহণযোগ্য নহ’ব বুলি স্পষ্ট কৰিছে৷ চৰকাৰী চাকৰিৰ বাবে ছাত্র–ছাত্রীয়ে পুনৰ বিশেষ পৰীক্ষাত অৱতীর্ণ হ’ব লাগিব বুলিও ঘোষণা কৰিছে৷ অসম চৰকাৰৰ বিয়াগোম শিক্ষা বিভাগ আৰু দুখনকৈ উচ্চস্তৰীয় সমিতিয়ে গ্রহণ কৰা এনে অবান্তৰ টোঘলকী সিদ্ধান্তই চলিত বর্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিকৰ প্রায় ৭ লাখ ছাত্র–ছাত্রীৰ ভৱিষ্যতক লৈ হেতালি খেলিছে– সেয়া স্পষ্ট৷ শিক্ষা বিভাগৰ এনে অবিবেচকী সিদ্ধান্তই ছাত্র–ছাত্রীৰ মনত গভীৰ চাপ আৰু আশংকাৰ সৃষ্টি কৰিছে৷

আনহাতে, এনে গুৰুত্বহীন মার্কশ্বীট লৈ ছাত্র–ছাত্রীয়ে অসমৰ বাহিৰৰ শিক্ষানুষ্ঠানত কেনেদৰে নামভর্তি কৰিব সেয়াও প্রশ্ণৰ বিষয়৷ যদি মার্কশ্বীট মূল্যহীন বা গুৰুত্বহীন, তেনেহ’লে এনে পৰীক্ষাৰ ফলাফলৰ কি অর্থ থাকিব৷ অতি আশ্চর্যকৰ বিষয় এয়ে যে ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ক’ভিড পৰিস্থিতিৰ মাজতো পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে প্রস্তুত হৈছিল যদিও ৰাজ্য চৰকাৰে ৰাজনৈতিক স্বার্থ সিদ্ধিৰ বাবে অৱশেষত পৰীক্ষা অনুষ্ঠিত নকৰিলে৷ এনে পৰিস্থিতিত পৰিষদে অসমৰ লক্ষ লক্ষ ছাত্র–ছাত্রীৰ শৈক্ষিক ভৱিষ্যতৰ প্রতি লক্ষ্য ৰাখি বিকল্প মূল্যায়নৰ যোগেদি উত্তীর্ণ হোৱা ছাত্র–ছাত্রীৰ মার্কশ্বীট যোগ্যতা অর্জনকাৰী মার্কশ্বীট হিচাপে মান্যতা প্রদানৰ বাবে বিহিত পদক্ষেপ গ্রহণ কৰাৰ দাবী জনাইছে৷ ইয়াৰ অন্যথা ক’ভিড প্রট’কল অনুসৰি পৰীক্ষা অনুষ্ঠিত কৰাৰ বিবেচনা কৰাৰ বাবে অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে আহ্বান জনাইছে৷ আজি অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ এটা সঁজাতী দলে ছেবাৰ অধ্যক্ষক সাক্ষাৎ কৰি এই সমগ্র বিষয়টো সন্দর্ভত আলোচনা কৰে আৰু এখন স্মাৰক–পত্র প্রদান কৰে৷
দশম আৰু দ্বাদশ শ্রেণীৰ ছাত্র–ছাত্রীৰ জীৱনক লৈ হেতালি নেখেলিবঃ কংগ্রেছ
ৰাজ্যখনৰ দশমমান আৰু দ্বাদশ শ্রেণীৰ পৰীক্ষা ক’ভিডসৃষ্ট পৰিস্থিতিৰ বাবে অনুষ্ঠিত কৰিব নোৱাৰাৰ পৰিণতিতে কালি ‘বিকল্প মূল্যায়ন পদ্ধতি’ ঘোষণা কৰিবলৈ আয়োজন কৰা সংবাদ মেলত ৰাজ্যৰ শিক্ষামন্ত্রীয়ে দাঙি ধৰা মন্তব্য চৰম দায়িত্বজ্ঞানহীনতাৰ বাহিৰে আন একো নহয় বুলি অসম প্রদেশ কংগ্রেছ কমিটীয়ে অভিহিত কৰিছোঁ৷ এক বিবৃতিত দলটোৰ সাধাৰণ সম্পাদক অপূর্ব কুমাৰ ভট্টাচার্যই কয় যে যদি এই নম্বৰ তালিকা বা প্রমাণ–পত্র ভৱিষ্যতে চাকৰি লাভ কৰাত সহায়ক নহয়েই, তেনেহ’লে এনে ভেঁকো–ভাওনাৰ কি প্রয়োজন আছে? সময়মতে পৰীক্ষা অনুষ্ঠিত নকৰি আজিৰ ক’ভিড পৰিস্থিতিত পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰাৰ ফলতহে সমগ্র দেশব্যাপী পৰম্পৰাগত পদ্ধতিৰ পৰীক্ষা বাতিল কৰিবলগীয়া হৈছে৷ আমাৰ ৰাজ্যতো আজি ১৮ মাহ ধৰি অধ্যয়নৰত প্রায় সাত লাখ ছাত্র–ছাত্রীৰ মানসিক অৱস্থা আৰু তেওঁলোকৰ পৰিয়ালসমূহে কি অনিশ্চয়তাত দিন অতিবাহিত কৰিছিল, সেয়া শিক্ষামন্ত্রীয়ে অনুভৱ কৰিব নোৱাৰাটো দুর্ভাগ্যজনক৷
জাতীয় পৰিষদৰ দাবী– ‘অবিবেচক, অদূৰদর্শী, টোঘলকী সিদ্ধান্ত প্রত্যাহাৰ কৰক চৰকাৰে’
চাকৰিৰ ক্ষেত্রত মার্কশ্বীট প্রযোজ্য নোহোৱা পৰীক্ষা পাতিব খোজা সিদ্ধান্ত প্রত্যাহাৰ কৰি শিক্ষার্থীৰ প্রকৃত কল্যাণৰ চিন্তা কৰাৰ আহ্বান জনাইছে অসম জাতীয় পৰিষদে৷ আজি দলৰ মুখ্য কার্যালয়ত আয়োজিত এখন সংবাদ মেলত দলৰ মুখপাত্র জিয়াউৰ ৰহমান, অমিতাভ বৰঠাকুৰ, অমৃত খাটনিয়াৰ আৰু অভিজিৎ কমল ভূঞাই চৰকাৰৰ বিকল্প পৰীক্ষা পতাৰ ফর্মুলাক অবিবেচক, অদূৰদর্শী, বিভ্রান্তিকৰ আৰু হৰাশাজনক আখ্যায়িত কৰি কয় যে বিকল্প পৰীক্ষাৰ মার্কশ্বীট ভৱিষ্যতৰ গ্রহণযোগ্য নথি হিচাপে ব্যৱহাৰ নহ’ব বোলা টোঘলকী সিদ্ধান্তটো বাদ দিলেও গোটেই ফর্মুলাটোৱেই নীতিগতভাৱে এটা ভুল সিদ্ধান্ত৷ নতুন ফর্মুলা মতে পৰীক্ষা পাতিবলৈ গ’লে কেৱল ছাত্র–ছাত্রীক বিভ্রান্তিৰ মাজলৈ ঠেলি দিয়াই নহয়, তেওঁলোকৰ মনত এটা হতাশাজনক মানসিকতাও গঢ় লৈ উঠিব পাৰে৷ নীতিগত ভুলসমূহব্যাখ্যা কৰি দলৰ প্রচাৰ সম্পাদক তথা মুখপাত্র জিয়াউৰ ৰহমানে কয়– প্রথম কথা, চৰকাৰে কৈছে যে বিকল্প মূল্যায়নৰ বাবে বিদ্যালয়সমূহত এশ শতাংশ নথি মজুত আছে৷ কিন্তু চৰকাৰৰ ওচৰত এশ শতাংশ নথি নাই৷ কাৰণ নৱম আৰু দশম শ্রেণীৰ পৰীক্ষা জিলাভিত্তিক আভ্যন্তৰীণ পৰীক্ষা সমিতি (ডি এল আই ই চি) নামৰ এখন কমিটীয়ে পাতে, যাৰ অধ্যক্ষৰ দায়িত্বত থাকে এগৰাকী অতিৰিক্ত উপায়ুক্ত আৰু জিলা অধিবিদ্যা পৰিষদৰ সচিবগৰাকী সাধৰণতে উক্ত সমিতিৰ সম্পাদক হয়৷

অর্থাৎ চৰকাৰী স্কুলৰ পৰীক্ষা যিহেতু এটা চৰকাৰী কর্তৃপক্ষৰ তত্ত্বাৱধানত হয়, সেয়ে উক্ত পৰীক্ষাৰ নম্বৰ তালিকাৰ এটা চৰকাৰী প্রমাণ সাপেক্ষতা থাকে৷ কিন্তু সমস্যাটো হ’ল, এনে বহুত ব্যক্তিগত খণ্ডৰ বিদ্যালয় আছে, যি ‘ছেবা’ আৰু ‘কাউন্সিল’ৰ পাঠ্যক্রম চলায় যদিও তেওঁলোকে ডি এল আই ই চিৰ অধীনত পৰীক্ষা নাপাতে৷ তেওঁলোকে নিজাববীয়াকৈ পৰীক্ষা পাতে৷ সেয়ে তেনে বিদ্যালয়ৰ পৰীক্ষা বা নম্বৰ তালিকাৰ কোনো চৰকাৰী প্রমাণ সাপেক্ষতা নাথাকে৷ ৰহমানে লগতে কয় যে দশম শ্রেণীৰ পৰীক্ষাৰ ক্ষেত্রত নৱম শ্রেণী আৰু দশম শ্রেণীৰ প্রাকচূডান্ত পৰীক্ষা তথা দ্বাদশ শ্রেণীৰ ক্ষেত্রত দশম আৰু একাদশ শ্রেণীৰ নম্বৰ লোৱাৰ কথা কৈছে৷ কিন্তু বিগত শিক্ষাবর্ষত ক’ভিড পৰিস্থিতিৰ কাৰণে বেছিভাগ ডি এল আই ই চিয়ে পৰীক্ষা পতাই নাছিল৷ কিছুমান স্কুলে নিজাববীয়াকৈহে পৰীক্ষা অনুষ্ঠিত কৰিছিল৷ এনে অৱস্থাত স্কুলসমূহে কিহৰ ভিত্তিত নৱম আৰু একাদশ শ্রেণীৰ নম্বৰ যোগ কৰিব৷ ৰহমানে পুনৰ কয় যে বিদ্যালয়ে যোগান ধৰা নম্বৰৰ ভিত্তিত যি ফলাফল প্রস্তুত কৰা হ’ব, তাত সেই বিদ্যালয়ৰ যোৱাবাৰৰ ফলাফলৰ সৈতে দহ শতাংশতকৈ অধিক অন্তৰ থাকিব নোৱাৰিব বুলি চৰকাৰে কৈছে৷ অর্থাৎ যিখন বিদ্যালয়ত যোৱা বছৰ দহজনে প্রথম বিভাগ পাইছিল, এইবাৰ প্রথম বিভাগত উত্তীর্ণ হোৱা শিক্ষার্থীৰ সংখ্যা ১১গৰাকীতকৈ অধিক হ’ব নোৱাৰিব৷ এইটো এটা অতি অবিবেচক ফর্মুলা৷ জাতীয় পৰিষদৰ মতে পৰীক্ষাত উত্তীর্ণ হ’বৰ বাবে এটা পৰীক্ষা আৰু চাকৰিৰ বাবে আন এটা পৰীক্ষা– এয়া চৰকাৰৰ এটা অদ্ভুত সিদ্ধান্ত৷ আঞ্চলিক দলটোৰ পূর্বৰ ব্যৱস্থাটো বাতিল কৰি এটা গ্রহণযোগ্য পথ উলিয়াবলৈ দাবী জনায়৷
সিদ্ধান্ত পুনৰ বিবেচনাৰ দাবী বিৰোধী দলপতিৰ
‘অসমৰ শিক্ষা বিভাগে গঠন কৰি দিয়া দুখন পৰামর্শদাতা সমিতিৰ প্রতিবেদনত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিকল্প মূল্যায়ন পদ্ধতি সন্দর্ভত লোৱা স্থিতি অতি দুর্ভাগ্যজনক৷ এপিনে ছাত্র–ছাত্রীসকলক বিকল্প মূল্যায়ন পদ্ধতিৰে উত্তীর্ণ কৰাব বিচৰা হৈছে, কিন্তু আনপিনে এই পৰীক্ষাৰ ফলাফল পৰৱর্তী সময়ত অসম চৰকাৰৰ অধীনৰ চাকৰিৰ বাবে প্রযোজ্য নহ’ব আৰু এইসকল ছাত্র–ছাত্রীয়ে অহা বছৰ হ’লেও পুনৰ বিশেষ পৰীক্ষাত বহিব লাগিব বুলি শিক্ষামন্ত্রীয়ে ঘোষণা কৰিছে৷ এই সিদ্ধান্ত ছাত্র–ছাত্রীসকলৰ লগতে অসমৰ ভৱিষ্যৎ প্রজন্মক ধ্বংস কৰাৰ এক ষড়যন্ত্র যেন অনুভৱ হৈছে৷’ –এই মন্তব্য বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ৷ তেওঁ লগতে কয় যে বিগত বিধানসভা নির্বাচনৰ পূর্বে জানুৱাৰী মাহতে তেতিয়াৰ শিক্ষামন্ত্রীগৰাকীয়ে টুইটযোগে অসমত মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল৷

তেতিয়া তেওঁ জানিছিল যে অসমত বিধানসভা নির্বাচন মার্চ–এপ্রিল মাহত হ’বলগীয়া আছিল৷ কিন্তু তেওঁলোকে নিজৰ সুবিধাৰ বাবে নির্বাচনৰ তাৰিখ আগুৱাই লৈছিল৷ জানুৱাৰী–ফেব্রুৱাৰীত পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে সম্পূর্ণ সুযোগ আছিল যদিও একমাত্র বর্তমানৰ মুখ্যমন্ত্রী তথা সেই সময়ৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্রীজনৰ চূড়ান্ত অনীহা আৰু নিজৰ সাংবিধানিক দায়িত্বৰ পৰিৱর্তে তেওঁৰ দলীয় দায়িত্বৰ প্রতি থকা অধিক আসক্তিয়ে অসমৰ উঠি অহা প্রজন্মৰ আটাইতকৈ মূল্যৱান এই দুটা পৰীক্ষাৰ ক্ষেত্রত বিভ্রান্তি আৰু বেমেজালি সৃষ্টি কৰিছে৷ বিধানসভা নির্বাচনৰ সময়তে মেট্রিক আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে দুয়োখন ব’ড সাজু বুলি ৰাজহুৱাকৈ চৰকাৰে ঘোষণা কৰাৰ পাছত একমাত্র ৰাজনৈতিক সদিচ্ছাৰ অভাৱৰ বাবেই আজি অসমৰ উঠি অহা প্রজন্মৰ ছাত্র–ছাত্রীসকলে এক অন্ধকাৰ ভৱিষ্যতৰ দিশত গতি কৰিবলগীয়া হৈছে৷ গতিকে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ বিৰোধী দলপতিগৰাকীয়ে দাবী জনায়৷
কোকৰাঝাৰত এবছুৰ সংবাদ মেল
হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফল সম্পর্কীয় প্রতিবেদনৰ ৫নং দফা বাতিল বা পুনৰ বিবেচনা কৰিবলৈ শিক্ষা বিভাগক নিখিল বড়ো ছাত্র সন্থা, চমুকৈ এবছুৱে আহ্বান জনাইছে৷ আজি কোকৰাঝাৰস্থিত এবছুৰ মুখ্য কার্যালয় বডোফা হাউছত আয়োজিত এখন সংবাদ মেলত এবছুৰ সভাপতি দ্বীপেন বড়োৱে ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগক এই আহ্বান জনাই কয় যে উচ্চ শিক্ষাৰ বাবে এখন মার্কশ্বীট আৰু চাকৰিৰ বাবে আন এখন মার্কশ্বীট পদ্ধতি কোনো কাৰণতে গ্রহণযোগ্য নহয়৷ ফলাফল প্রতিবেদনৰ ৫নং দফাই ছাত্র–ছাত্রীৰ জীৱনলৈ অন্ধকাৰ ভৱিষ্যৎ নমাই আনিব বুলি শংকা ব্যক্ত কৰি তেওঁ কয় যে চৰকাৰৰ এনে সিদ্ধান্তই ছাত্র–ছাত্রী আৰু অভিভাৱক সকলোকে বিপাঙত পেলাইছে৷ কিছুসংখ্যক বাদ দি অধিকাংশ ছাত্র–ছাত্রীয়ে পৰীক্ষাত অৱতীর্ণ হোৱাৰ ইচ্ছা প্রকাশ কৰিছিল৷ কিন্তু ক’ভিড পৰিৱেশৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল আৰু দুখনকৈ উচ্চস্তৰীয় কমিটীৰ পৰামর্শমর্মে চৰকাৰে ফলাফল ঘোষণাৰ যি প্রক্রিয়া উলিয়ালে সেয়া ঠিকেই আছিল যদিও এজন ছাত্রৰ বাবে দুখন মার্কশ্বীট কাহানিও গ্রহণযোগ্য নহয়৷ ছাত্র–ছাত্রীৰ ভৱিষ্যৎ জীৱনলৈ অন্ধকাৰ কঢ়িয়াই নানিবলৈ আহ্বান জনাই দ্বীপেন বড়োৱে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমক পৰীক্ষাৰ ফলাফল প্রতিবেদনৰ ৫নং দফা পুনৰ বিবেচনা কৰিবলৈ শিক্ষা বিভাগ আৰু চৰকাৰক দাবী জনায়৷

You might also like