নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা কালৰ অর্থনীতি

ক’ৰোনা সংক্রমণৰ দ্বিতীয় ঢৌৱে সমগ্র দেশতে মহামাৰীসদৃশ পৰিস্থিতি সৃষ্টি কৰাৰ ফলত বিধ্বস্ত হৈ পৰিছে দেশৰ অর্থনীতি৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে অর্থনৈতিক সংকটৰ পৰিপ্রেক্ষিতত ব্যয় সংকোচনৰ পৰামর্শ আগবঢ়াইছে৷ কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে বিধ্বস্ত অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ অর্থে ৮ দফীয়া পদক্ষেপ ঘোষণা কৰিছে৷ ক’ৰোনাৰ ফলত বিপর্যস্ত হোৱা ক্ষুদ্র ক্ষুদ্র ব্যৱসায়ীসকলক ১.২৫ লাখ টকা পর্যন্ত ঋণ প্রদানৰ সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্রীয় বিত্ত মন্ত্রালয়ে৷ মাত্র ২ শতাংশ সুতৰ হাৰত এই ঋণ লাভ কৰিব ক্ষুদ্র ব্যৱসায়ীসকলে৷ আনহাতে ১.১০ লাখ কোটি টকা নিশ্চিত ঋণ আঁচনিও ঘোষণা কৰিছে কেন্দ্রীয় বিত্তমন্ত্রীগৰাকীয়ে৷ দেশৰ পর্যটন খণ্ডক পুনৰুজ্জীৱিত কৰিবৰ বাবে ৫ লাখ পর্যটকক বিনামূলীয়া ভিছা প্রদানৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় চৰকাৰে৷ উল্লেখ্য যে ক’ৰোনা সংক্রমণে দেশৰ উৎপাদন খণ্ডৰ লগতে সেৱা খণ্ড প্রায় বিধ্বস্ত কৰি তুলিছে৷ এনে পৰিস্থিতিত দেশৰ মুঠ ঘৰুৱা উৎপাদন হ্রাস পোৱাটো নিশ্চিত হৈ পৰিছে৷ এনে সংকট কালত বিধ্বস্ত অর্থনীতি পুনৰুজ্জীৱিত কৰাৰ বাবে এক দূৰদর্শী অর্থনৈতিক পৰিকল্পনাৰ নিশ্চিতভাৱে জৰুৰী হৈ পৰিব৷ ইতিমধ্যে কেন্দ্রীয় বিত্ত মন্ত্রালয়ৰ লগতে নিটি আয়োগে এই সম্পর্কীয় অধ্যায়ন অব্যাহত ৰখাৰ তথ্য প্রকাশ পাইছে৷ সমগ্র দেশৰ লগতে অসমতো ক’ৰোনা সংক্রমণৰ দ্বিতীয় ঢ়ৌৰ ফলত ৰাজ্যখনৰ অর্থনৈতিক ক্ষেত্রখন গভীৰ সংকটৰ সন্মুখীন হৈছে৷ ক’ৰোনাৰ প্রথম সংক্রমণৰ ফলত বিধ্বস্ত হোৱা ৰাজ্যৰ অর্থনীতি পুনৰ নির্মাণৰ প্রক্রিয়া আৰম্ভ হোৱাৰ সময়তে আহি পৰা ক’ৰোনাৰ দ্বিতীয়টো ঢৌৱে সম্পূর্ণ অর্থনৈতিক ব্যৱস্থাপনাটোকে অচলপ্রায় কৰি তুলিছে৷ এই পর্যন্ত ৰাজ্যখনত ক’ৰোনাৰ সংক্রমণ কিছু নিয়ন্ত্রণলৈ আহিছে যদিও এতিয়াও ৰাজ্যৰ বহুকেইখন জিলাত মহামাৰীসদৃশ পৰিস্থিতি অব্যাহত আছে৷ ৰাজ্যখনৰ বিভিন্ন হাট–বজাৰ আৰু বাণিজ্যিক কেন্দ্র বন্ধ থকাৰ ফলত ক্ষুদ্র ব্যৱসায়ীসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ আনহাতে আমোদ–প্রমোদ কেন্দ্র, শ্বপিং মল, জনসমাগম হোৱা বিভিন্ন প্রতিষ্ঠান, হোটেল–ৰেষ্টুৰেণ্ট, ৰিজ’ট, পর্যটন কেন্দ্র আদি বন্ধ থকাৰ উপৰি খোলা থকা স্থানসমূহতো সীমিত জনসমাগমৰ ফলত এই খণ্ডটো প্রায় বিধ্বস্ত হৈ পৰিছে৷ ইয়াৰ লগতে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ ক্ষেত্রত কঠোৰ নীতি–নিয়ম জাৰি হৈ থকাৰ ফলত পৰিবহণ ব্যৱসায়ৰ সৈতে জড়িত ব্যৱসায়ীসকলো বৃহৎ লোকচানৰ সন্মুখীন হৈছে৷ এনে পৰিস্থিতিত এই খণ্ডসমূহত কর্মৰত বৃহৎসংখ্যক কর্মচাৰী প্রায় কর্মহীন হৈ পৰিছে৷ একেদৰে নির্মাণ খণ্ডৰ ওপৰত পৰা ক’ৰোনা কালৰ বিৰূপ প্রভাৱৰ ফলত এই খণ্ডটোত জড়িত লাখ লাখ লোক এতিয়া সুদিনৰ অপেক্ষাত ৰৈ থাকিবলৈ বাধ্য হৈছে৷ সেৱা খণ্ডৰ এই বৃহৎ মানৱ সম্পদৰ উপার্জনহীনতাই এতিয়া ৰাজ্যৰ অর্থনীতিত বিৰূপ প্রভাৱ পেলোৱাটো নিশ্চিত৷ এনে পৰিপ্রেক্ষিতত এতিয়া ৰাজ্যৰ কৃষিখণ্ডৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অর্থনীতি পুনৰ উজ্জীৱিতকৰণৰ ক্ষেত্রত অতিকে গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷ উল্লেখ্য যে বাৰিষাৰ আগমনৰ লগে লগে এতিয়া ৰাজ্যৰ কৃষকসকলে নতুন উদ্যমেৰে পথাৰত নামি পৰা পৰিলক্ষিত হৈছে৷ ইতিমধ্যে জলবায়ুয়েও কৃষকসকলক উৎসাহিত কৰি তুলিছে৷ আগতীয়াকৈ হোৱা বৰষুণে কৃষি উৎপাদনৰ এক উজ্জ্বল সম্ভাৱনা কঢ়িয়াই আনিছে৷ এইক্ষেত্রত ৰাজ্যৰ কৃষি বিভাগে বিশেষ গুৰুত্ব আৰোপ কৰাৰ প্রয়োজনীয়তা আহি পৰিছে৷ অসমৰ দৰে কৃষিপ্রধান ৰাজ্যৰ ৭০ শতাংশ লোকে কৃষিৰ ওপৰত নির্ভৰশীল৷ এনে কৃষি নির্ভৰ ৰাজ্যখনৰ কৃষকৰ উৎপাদন যাতে দুগুণ বৃদ্ধি কৰিব পাৰি তাৰ বাবে চৰকাৰে ব্যাপক তৎপৰতা আৰোপ কৰাৰ প্রয়োজন৷ ক’ৰোনা বিধ্বস্ত অর্থনৈতিক ক্ষেত্রখনত কৃষিৰ উৎপাদন বৃদ্ধিয়ে এক নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব পাৰে৷ ইয়াৰ উপৰি কৃষিৰ সমান্তৰালভাৱে পশুপালন আৰু মীন পালনৰ ক্ষেত্রতো ৰাজ্য চৰকাৰে সমানে গুৰুত্ব আৰোপ কৰা প্রয়োজন৷ কিয়নো ক’ৰোনা সংক্রমণৰ দ্বিতীয় ঢ়ৌৰ পৰৱর্তী সময়ত এই সংক্রমণে আৰু কি ৰূপ ধাৰণ কৰে সেয়া এতিয়াও স্পষ্ট হৈ উঠা নাই৷ পৰৱর্তী সময়ত যদি ক’ৰোনা সংক্রমণে আৰু গুৰুতৰ ৰূপ ধাৰণ কৰে, তেন্তে ৰাজ্যখনৰ অর্থনীতিৰ বিধ্বস্ত ৰূপটোৰ মোকাবিলা কৰাটো অতিকে কঠিন হৈ পৰাটো নিশ্চিত৷ সেই বাবেই এতিয়া কৃষিৰ লগতে পশুপালন আৰু মীন উন্নয়নৰ জৰিয়তে ৰাজ্যখনৰ অর্থনীতিক এক সুস্থিৰ অৱস্থালৈ অনাৰ ক্ষেত্রত সংশ্লিষ্ট বিভাগসমূহে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে৷

You might also like