বিপিএফৰে মিত্রতাক লৈ এতিয়া বিজেপিয়ে চিন্তা কৰা নাই
নিয়মীয়া বাৰ্তা, ৪ জুলাইঃ হাগ্রামা মহিলাৰীয়ে যিমানে নিবিচাৰক কিয় বিপিএফৰ লগত মিত্রতাক লৈ বিজেপিয়ে এতিয়া কোনো চিন্তা কৰা নাই৷ পিছে বিপিএফে যদি বিজেপিৰ সৈতে মিত্রতা কৰিব বিচাৰে, তেনেহ’লে অনাগত দিনত হ’বলগীয়া উপ–নির্বাচনসমূহত্ যাতে দলীয় প্রার্থিত্ব প্রক্ষেপ নকৰে৷ নতুন দিল্লীত এখন সংবাদ মেল সম্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই তাৎপর্যপূর্ণ মন্তব্য কৰে৷
তেওঁ কয় যে ৰাজ্যত বিজেপি মিত্রজোঁটৰ ৭৫জন বিধায়ক আছে৷ সংখ্যাগৰিষ্ঠ চৰকাৰখনত আৰু কোনো বিধায়ক কিম্বা দলৰ সমর্থনৰ প্রয়োজন নাই৷ মুখ্যমন্ত্রী ড০ শর্মাৰ বক্তব্য– এতিয়া কোনো ৰাজনৈতিক আলোচনাৰ সময় নহয়, প্রশাসনিক কাম–কাজেই হৈছে বর্তমান চৰকাৰৰ এতিয়া একমাত্র বিচার্যৰ বিষয়৷ সাংবাদিকৰ প্রশ্ণৰ উত্তৰত তেওঁ পুনৰ কয় যে বিপিএফে মিত্রতা বিচাৰিব পাৰে৷ কিন্তু এই সন্দর্ভত মোৰ সৈতে কাৰো কোনো আলোচনা হোৱা নাই৷ পিছে বিপিএফে যদি মিত্রতা বিচাৰে তেনেহ’লে আমি তেওঁলোকক আবেদন জনাম যে অনাগত দিনত অনুষ্ঠিত হ’বলগীয়া তিনি সমষ্টিৰ উপ–নির্বাচনত বিপিএফে যাতে কোনো প্রার্থিত্ব প্রদান নকৰে৷
আনহাতে কৃষক নেতা তথা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মুক্তি সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাৰ কটাক্ষ– যিজন ব্যক্তিয়ে যোৱা ১২ মাহ ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পেয়িং কেবিনত কাৰাবন্দী জীৱন অতিবাহিত কৰি আছিল, সেইজন ব্যক্তিয়ে হঠাতে কেনেকৈ এতিয়া ঘূৰি ফুৰিব পাৰিছে? অখিল গগৈৰ হেনো বহু বেমাৰ আছিল৷ বেমাৰৰ চার্টিফিকেটো আছিল৷ এতিয়া হঠাতে চব বেমাৰ কেনেকৈ ভাল হৈ গ’ল, সেয়া চাব লাগিব৷ এইক্ষেত্রত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকসকলকো সুধিব লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই সহাস্য মন্তব্য আগবঢ়ায়৷ পিছে সমগ্র বিষয়টোত কোনো ধৰণৰ তদন্ত কৰা নহ’ব বুলি তেওঁ শনিবাৰৰ সংবাদ মেলত স্পষ্ট কৰি দিয়ে৷ তেওঁ কয় যে সকলো বিষয় ব্যক্তিগত পর্যায়ত ল’ব নালাগে৷ কিন্তু ইমান দিন এটা পেয়িং কেবিন দখল কৰি ৰাখি অখিল গগৈয়ে বহু গৰিব লোকক উপযুক্ত চিকিৎসা লাভৰ পৰা বঞ্চিতহে কৰিছে৷