ক’ভিড–১৯; শিশুটিক লৈ আতংকিত হৈছে নেকি?
ডিউটীলৈ অহা–যোৱা কৰোঁতে বজাৰখনৰ মাজেৰে আহিব লগা হয়৷ দোকানবোৰ সোনকালে বন্ধ কৰিব লগা হোৱাৰ বাবে খোলা সময়খিনিত ভালেমান ভিৰ থাকে৷ বজাৰৰ মাজেৰে যাওঁতে দেখিলোঁ চাৰিজনীয়া পৰিয়াল এটাই ই–ৰিক্সা এখন ৰখাইছে৷ বোধকৰো মাক–দেউতাকৰ লগত ছয়/সাত বছৰীয়া ছোৱালী এজনী আৰু তিনি/চাৰি বছৰীয়া ল’ৰা এটি৷ দুয়ো হাতত আইচক্রীম ষ্টিক দুডাল লৈ তৃপ্তিৰে চেলেকি আছে৷ পুৰুষ আৰু মহিলা দুয়োগৰাকীৰ হাতত কেইবাটাও বজাৰৰ বেগ৷ চাৰিওজনৰে থুঁতৰিত মাস্ক চাৰিখন ওলমি থকা দেখিলোঁ৷
শিশু আৰু গর্ভৱতী মাতৃৰ বুধবৰীয়া নিয়মীয়া টিকাকৰণ কার্যসূচী পর্যবেক্ষণৰ কাৰণে চেণ্টাৰটো পালোঁগৈ৷ গাড়ীৰ ভিতৰৰ পৰাই দেখা পালোঁ বেজী দি থকা চেণ্টাৰটোৰ সন্মুখত মানুহৰ জুম৷ কোনোবাগৰাকীৰ কোলাত পানীকেঁচুৱা, কোনোবাগৰাকী সগর্ভা, দুই একে নাক উলিয়াই থুঁতৰিত কাপোৰৰ মাস্ক পিন্ধিছে, কোনোবাগৰাকীৰ শাৰীৰ আঁচল বা দোপাত্তাৰে মুখত সোপা দিয়াৰ দৰে ভংগীত৷ তেওঁলোক জুম পাতি তামোল–চালি খাই কথাৰ মহলা মৰাত ব্যস্ত৷ এচুকত বাইক কেইখনমানৰ ওচৰত কেইবাজনো পুৰুষৰ এটা জুম৷ তেওঁলোকে চাগৈ নিজৰ পত্নী আৰু সন্তানক ছিটা দিয়াবলৈ লৈ আনিছে৷ এজনৰ মুখত উৱলি যোৱা মাস্ক এখন৷ বাকীকেইজনৰ মাস্ক নাই৷ এজনে চাধা এখোলা মাৰি বাকীকেইজনকো দিছে৷ কোনোবাজনে খেক্ খেক্কৈ ডিঙি চাফা কৰি বীজলুৱা থু এসোপা পেলাইছে ওচৰতে৷ সন্মুখৰ খালী ঠাইখিনিতে বেজী দিয়াবলৈ অন্য কেইবাটাও তিনি/পাঁচ বছৰীয়া ল’ৰা–ছোৱালী দৌৰাদৌৰি কৰি খেলি আছে, মুখত মাস্ক নাই৷ দৌৰাদৌৰি কৰোঁতে সিহঁতৰে কোনোবাটিয়ে মানুহজনে থু পেলোৱা ঠাইখিনিও গচকিছে৷
এনেবোৰ দৃশ্য প্রায়বোৰ ঠাইতে সহজলভ্য৷ ক’ভিডৰ সন্ত্রাস এতিয়াও পূর্ণগতিত চলি আছে৷ প্রতিদিনেই যথেষ্টসংখ্যক মানুহ আক্রান্ত হৈছে৷ চিকিৎসালয়সমূহত ক’ভিড ৱার্ডবোৰ ৰোগীৰে ভৰি আছে৷ অৱশ্যে সমান্তৰালভাৱে পজিটিভ হোৱাৰ পিছত আৰোগ্য হৈ ঘৰলৈ উভতিছে৷ কিন্তু বহু সময়ত আমি যিমান আতংকিত হওঁ তাৰ তুলনাত কমকৈ সজাগ হোৱা যেন অনুভৱ হয়৷
এই মুহূর্তত সকলোকে আতংকিত কৰি তোলা কথাটো হৈছে দ্বিতীয়টো ঢ়ৌত শেহতীয়াকৈ বহু শিশু আক্রান্ত হোৱাৰ বাতৰি আৰু তৃতীয় ঢ়ৌত শিশুসকলেই অধিক আক্রান্ত হোৱাৰ আশংকা৷ যিহেতু আমি সকলোৱে শিশুসকলক সযতনে, সকলো আপদৰ পৰা মুক্ত কৰি ৰাখিব খোজোঁ, তেনেস্থলত এনে এটা আশংকাই ভীতিগ্রস্ত কৰি তোলাটো স্বাভাৱিক৷ তৃতীয় ঢ়ৌৰ কথা এই মুহূর্তত নিশ্চিতভাৱে একো ক’ব পৰা নাই যদিও এই মুহূর্তত আমি জনা দৰকাৰ যে তুলনামূলকভাৱে যিহেতু যোৱাবাৰতকৈ এইবাৰ আক্রান্তৰ সংখ্যা অধিক, সেয়ে তাৰ মাজত আক্রান্ত শিশুৰ সংখ্যাও বেছি পোৱা গৈছে৷UNICEFৰ তথ্য অনুসৰি প্রথম ঢ়ৌত আক্রান্ত হোৱা শিশুৰ শতকৰা হাৰ আৰু দ্বিতীয় ঢ়ৌত আক্রান্ত শিশুৰ হাৰৰ মাজত সাংঘাতিক ধৰণৰ পার্থক্য নাই৷ অর্থাৎ আক্রান্তৰ সংখ্যা সামগ্রিকভাৱে সম্পূর্ণ জনসংখ্যাৰ ক্ষেত্রত তুলনামূলকভাৱে বেছি৷ ই ইয়াকে সূচায় যে যিমান বেছিসংখ্যক মানুহ আক্রান্ত হ’ব সিমানেই আক্রান্ত শিশুৰ সংখ্যাও বাঢ়িব৷ শিশুসকল আক্রান্ত হৈছে যদিও ৯৫ শতাংশৰ ক্ষেত্রতে বিশেষ কোনো লক্ষণ পৰিলক্ষিত হোৱা নাই আৰু হ’লেও সোনকালে আৰোগ্য হৈছে৷ শিশুসকলৰ, বিশেষকৈ ৫ বছৰৰ তলৰ শিশুসকলৰ লক্ষণ কম হয়, কাৰণ এই ভাইৰাছ বংশবৃদ্ধি কৰিবৰ বাবে তেওঁলোকৰ শৰীৰতACE-II নামৰ গ্রাহক অংগ Receptor) নাথাকে৷ আক্রান্ত শিশুৰ প্রায় ১ শতাংশৰ ক্ষেত্রতহে ক’ভিড হৈ যোৱাৰ পিছত হোৱা জটিলতা যেনে–Multi System Inflammatory Syndrome in Children (MIS-C) দেখা যায়৷ আৰম্ভণিতে চিনাক্তকৰণ আৰু উপযুক্ত চিকিৎসাই শিশুটিক এই জটিলতাৰ পৰা আৰোগ্য হৈ উঠাত সহায় কৰে৷
কিন্তু যিহেতু ভাৰতবর্ষ এখন জনবহুল দেশ আৰু তুলনামূলকভাৱে শিশুৰোগৰ বিশেষ সুবিধা পর্যাপ্ত নাই, সেয়ে শিশুসকলৰ সংক্রমণৰ সংখ্যা বৃদ্ধি নোহোৱাকৈ থকাটো আটাইৰে বাবে আকাংক্ষিত কথা৷
শিশুসকলক ভালে ৰখাৰ ক্ষেত্রত আমাৰ সজাগতা প্রয়োজনীয় ঃ
আটাইতকৈ গুৰুত্বপূর্ণ মনত ৰাখিবলগীয়া কথাটো হৈছে ঘৰৰ ডাঙৰ যিকোনো এজন আক্রান্ত হ’লেই শিশুটিলৈ সংক্রমিত হ’ব পাৰে৷ সেয়ে কোনো কাৰণতে যাতে ঘৰৰ ডাঙৰসকল বাহিৰলৈ যাওঁতে ভাইৰাছ কঢ়িয়াই নানে, এইক্ষেত্রত সাৱধান হওক৷ নিতান্তই প্রয়োজনীয়খিনিৰ বাহিৰে বাকী বিহু, পূজা, ঈদ বা জন্মদিন বুলি বজাৰ–সমাৰ আদি কিছুদিনলৈ বাদ দিয়াই মংগল৷ প্রয়োজনসাপেক্ষে অনলাইন শ্বপিং কৰিবও পাৰে৷
অপ্রয়োজনীয়ভাৱে ঘৰৰ বাহিৰত নথকা, বাহিৰলৈ যাওঁতে সুৰক্ষা দিব পৰা মাস্ক ভালদৰে পিন্ধা, ভিৰৰ পৰা আঁতৰি থকা বা নিজে ভিৰ সৃষ্টি নকৰা, নিৰাপদ দূৰত্ব মানি চলা বৰ দৰকাৰ৷
বজাৰ বা বাহিৰৰ পৰা অহাৰ পিছত কাপোৰ–কানিৰ লগতে ভালকৈ গা–ধোৱা, বাহিৰলৈ নিয়া বেগ বা আন সামগ্রীবোৰ ছেনিটাইজড কৰা আদি ঘৰৰ প্রতিজনে মনত ৰখা উচিত৷
শিশুটিয়ে যাতে সততে কামৰ ঠাইলৈ বা বজাৰ আদিলৈ লৈ যোৱা সামগ্রী আদি চুব লগা নহয়, তাৰ বাবে সাৱধান হোৱা উচিত৷ বজাৰৰ পৰা অনা বস্তু–বাহানি ধুব পৰাবোৰ ধুই আৰু বাকীবোৰ ভালদৰে ছেনিটাইজড কৰিহে ব্যৱহাৰ কৰিব লাগে৷
এই সময়ত যাতে শিশুটি বজাৰ, কোনো উৎসৱ–পার্বণ, আত্মীয় বা চুবুৰীয়াৰ ঘৰলৈ ফুৰা–চকা বা বন্ধু–বান্ধৱৰ লগত খেলিবলৈ নাযায়, সেয়া মনত ৰাখিব লাগে৷ বিশেষ প্রয়োজনত যাব লগা হ’লেও যাতে শুদ্ধকৈ মাস্ক পিন্ধি কিছুসময়ৰ মূৰে মূৰে ছেনিটাইজাৰ ব্যৱহাৰ কৰে, সেয়া সোঁৱৰাই দিব আৰু চকু ৰাখিব৷ বয়স্কসকলেও অপ্রয়োজনীয়ভাৱে ফুৰা–চকা বাদ দিয়া উচিত৷
বিশেষ প্রয়োজন নহ’লে সৰু সুৰা অসুবিধাত চিকিৎসালয়লৈ নোযোৱাই মংগল৷ গর্ভৱতী মাতৃৰ বা শিশুৰ নিয়মীয়া ভেকচিন আদিৰ বাবে যাব লগা হ’লেও ভিৰত যাতে বেছি সময় নাথাকে, ভালদৰে মাস্ক পৰিধান কৰি বেজী লৈ হোৱাৰ লগে লগে গুচি অহা ভাল৷ ক’ভিড ভেকচিনৰ ক্ষেত্রতো অতিমাত্রা যাতে ভিৰ নহয় আৰু ক’ভিড প্রট’কল মানি চলাৰ বাবে নিজে সজাগ হওক৷
ঘৰৰ মজিয়া, বিছনাৰ কাপোৰ আদি ধোৱা–পখলা কৰি পৰিষ্কাৰকৈ ৰখা উচিত৷ নাক বা ডিঙি পৰিষ্কাৰ কৰি য’তে–ত’তে নেপেলোৱা, মুখ ধোৱা বেছিন, বাথৰুম আদি ডিটার্জেণ্টেৰে পৰিষ্কাৰ কৰি বীজাণুমুক্ত কৰি ৰাখিব লাগে৷
মাস্কবোৰ মূল ঘৰৰ বাহিৰতে বা ভিতৰত ৰ’দ পৰা আওহতীয়া ঠাই এটুকুৰা ঠিক কৰি তাত ৰাখিব লাগে৷ বহুতে মাস্কখন খুলি আলনা বা টেবুলতে ৰাখে৷ ই অতি বিপজ্জনক৷
ঘৰৰ প্রাপ্তবয়স্ক সকলোৱে যাতে ভেকচিন লয় তাৰ বাবে চেষ্টা কৰা উচিত৷ তথ্য অনুসৰি শিশুৰ পৰা শিশুলৈ হোৱা সংক্রমণতকৈ প্রাপ্তবয়স্ক ব্যক্তিৰ পৰা শিশুলৈ সংক্রমণ বেছিকৈ হৈছে৷
আতংকিত হোৱা আৰু অতি সচেতনতাৰ নামত ভালকৈ নজনাকৈয়ে সকলো জনা দেখুৱাটো বিপজ্জনক ঃ
ক’ভিডৰ সংক্রমণ আৰম্ভ হোৱাৰ পিছৰে পৰা মানুহৰ মাজত ইমিউনিটী বুষ্টাৰ খোৱাৰ কথাটো বৰ জনপ্রিয় হৈছে৷ জিংক, ভিটামিন–চি আদিৰ প্রয়োজনীয়তাৰ বিষয়ে মানুহ সজাগ হৈছে৷ কিন্তু চিকিৎসকৰ পৰামর্শ অবিহনে প্রচুৰ পৰিমাণে খোৱা এই ছাপ্লিমেণ্টবোৰে ভাল কৰাৰ পৰিৱর্তে আনুষংগিক বিভিন্ন জটিলতাৰ সৃষ্টি কৰিছে৷ সেয়ে চিকিৎসকৰ পৰামর্শ মতেহে এনেবোৰ দৰব খোৱা উচিত৷ নহ’লে হিতে বিপৰীত হ’ব৷ শৰীৰৰ ৰোগ প্রতিৰোধক ক্ষমতাক শক্তিশালী কৰাৰ ধাৰণাটো বহুতে ভুলকৈ বুজে৷ ই এদিনীয়া বস্তু নহয়৷ নিজক শাৰীৰিক আৰু মানসিকভাৱে সুস্থ কৰি ৰাখিবৰ বাবে প্রয়োজনীয় টোপনি, পৰিমিত সুষম আহাৰ, পানী আৰু শাৰীৰিক ব্যায়াম এই আটাইবোৰ বৰ জৰুৰী৷ আমাৰ খাদ্যৰ পৰা প্রাকৃতিকভাৱে পোৱা পুষ্টিকৰ উপাদানবোৰ যদি সঠিক হয়, তেন্তে বেলেগকৈ বহুত কিবা ছাপ্লিমেণ্ট খোৱাৰ প্রয়োজন নাই৷ সেয়ে শিশুসকলৰ লগতে বয়স্কসকলেও নিজৰ জীৱন শৈলীক সুস্থ ৰূপত গঢ়িবলৈ এইখিনি সময়তে চেষ্টা কৰা উচিত৷
ছ’চিয়েল মিডিয়াতো ইণ্টাৰনেটৰ তথ্যৰে লিখা কথাতকৈ বিশেষজ্ঞসকলৰ পৰামর্শকহে গুৰুত্ব দিয়া উচিত৷ সদায়ে উৰাবাতৰি বা বিভিন্ন প’র্টেলত আহি থকা নিউজ আদিত আতংকিত নহৈ বিশ্বাসযোগ্য তথ্যৰ ভিত্তিত নিজকে প্রতিকূলতাৰ লগত যুঁজিবলৈ সাজু কৰাৰ সময় এয়া৷
ক’ভিডে আমাৰ জীৱিকা, অর্থনীতি, শিক্ষা ব্যৱস্থা সকলোতে স্থবিৰতা আনি দিলে৷ এই স্থবিৰতাক যিমান সোনকালে বিদায় দিব পৰা যায় সকলোৰে কাৰণে মংগল৷ কিন্তু আমি যদি মন কৰোঁ ক’ভিড–১৯ আমাৰ কাৰণে সম্পূর্ণ নতুন বিষয় এটা বর্তমান হৈ থকা নাই৷ প্রথম আৰু এতিয়াৰ দ্বিতীয়টো ঢ়ৌৱে আমাক বহু কথাই শিকালে৷ অর্থাৎ প্রথম অৱস্থাত যেতিয়া ক’ভিড–১৯ৰ বিষয়ে পর্যাপ্ত তথ্য, চিকিৎসা ব্যৱস্থা আৰু ছিটা একোৱেই আমাৰ হাতত নাছিল, তেনে অৱস্থাতো আমি ইয়াৰ লগত যুঁজিব লগা হৈছিল৷ তাৰ সমান্তৰালকৈ আছিল লকডাউন যিটো আমাৰ বাবে সম্পূর্ণ নতুন অভিজ্ঞতা আছিল৷ সময়ে সেই জটিলতাবোৰৰ লগত সহাৱস্থান কৰি টিকি থাকিবলৈ আমাক শিকালে৷ এতিয়া চিকিৎসা বিজ্ঞানে এই ৰোগ সম্পর্কীয় নতুন তথ্য তথা চিকিৎসা পদ্ধতি আৰু ছিটা প্রদানেৰে ভাইৰাছটোৰ লগত যুঁজিব পৰাকৈ প্রস্তুত হৈছে৷ তেনেস্থলত আমাৰ প্রথম আৰু প্রধান কর্তব্য হৈছে নিজে ল’ব পৰা সাৱধানতাখিনিয়ে মানি চলি নিজৰ লগতে পৰিয়ালটোক আক্রান্ত হোৱাৰ পৰা বচাই ৰখা বা আক্রান্ত হ’লেও ৰোগৰ লগত যুঁজিব পৰাকৈ শাৰীৰিক আৰু মানসিকভাৱে প্রস্তুত হোৱা৷ এটা ভেকচিনে কেতিয়াও এটা ৰোগ অকলে নির্মূল কৰিব নোৱাৰে যদিও সমান্তৰালভাৱে ল’বলগীয়া অত্যাৱশ্যকীয় সাৱধানতাসমূহ লোৱা নাযায়৷ তাৰ বাবে কেৱল চৰকাৰ, প্রশাসন বা চিকিৎসা বিভাগেই দায়বদ্ধ হ’লে নহ’ব৷ সাধাৰণ নাগৰিকৰ সচেতনতাও সমানে প্রয়োজনীয়৷ অন্যথা ই কাহানিও শেষ নোহোৱা পৰিক্রমা এটালৈ পৰিৱর্তিত হ’ব৷