প্রশাসনীয় ব্যৱস্থাৰ পাৰদর্শিতা বৃদ্ধি বিষয়ক কর্মশালাত মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘নূন্যতম চৰকাৰ, অধিকতম প্রশাসন’ নীতিক সাৰোগত কৰি ৰাজ্য চৰকাৰেও ‘বহুজন সুখায় বহুজন হিতায়’ মূলমন্ত্রৰ বাস্তৱায়িতকৰণৰ বাবে কাম কৰি আহিছে৷’ খানাপাৰাস্থিত অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত সচিবৰ পৰা মুখ্য সচিব পর্যায়লৈকে জ্যেষ্ঠ চৰকাৰী বিষয়াসকলৰ বাবে আয়োজিত প্রশাসনীয় ব্যৱস্থাৰ পাৰদর্শিতা বৃদ্ধি বিষয়ক এক কর্মশালাত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এইদৰে কয়৷ এই কর্মশালাত প্রশাসনীয় সংস্কাৰ, বিত্তীয় সংস্কাৰ আৰু চৰকাৰী আঁচনিসমূহৰ ৰূপায়ণ সন্দর্ভত বিস্তৃত আলোচনা কৰা হয়, য’ত বিভিন্ন বিভাগৰ মন্ত্রীসকলেও নিজৰ অভিজ্ঞতালব্ধ মতামত আৰু পৰামর্শ আগবঢ়ায়৷ কর্মশালাখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে গণতন্ত্রই হৈছে চৰকাৰৰ উৎকৃষ্টতম পর্যায়৷ কিন্তু ব্যৱস্থাৰ ওপৰত ৰাইজ হতাশাগ্রস্ত হ’লে ই বিদ্রোহৰ ৰূপ লয়৷ সেয়েহে চৰকাৰী প্রশাসন ব্যৱস্থাটোৱে অতি সাৱধানতা আৰু দায়বদ্ধতাৰে জনসাধাৰণৰ আশা–আকাংক্ষা পূৰণৰ বাবে কাম কৰা উচিত৷ এই উদ্দেশ্য আগত ৰাখিয়েই প্রশাসনক জনসাধাৰণৰ কাষ চপাই নিয়াৰ লগতে চৰকাৰী আঁচনিসমূহৰ কার্যকৰী ৰূপায়ণ সুনিশ্চিতকৰণৰ দিশত এক পদ্ধতিগত সংস্কাৰ অনাৰ লক্ষ্যৰে এই কর্মশালাৰ আয়োজন কৰা হৈছে বুলি মুখ্যমন্ত্রীয়ে কয়৷
ৰাজ্য চৰকাৰখনৰ অগ্রাধিকাৰৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পৰৱর্তী ৫টা বছৰ হ’ব অসমৰ বাবে এক নতুন যুগৰ আৰম্ভণি৷ প্রতিগৰাকী জ্যেষ্ঠ বিষয়াৰে অপাৰ সম্ভাৱনীয়তা আছে আৰু এই দক্ষতাক তেওঁলোকে জনকল্যাণৰ কামত প্রয়োগ কৰা উচিত৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চৰকাৰ সদায়ে জনমুখী হোৱাৰ লগতে ৰাইজৰ আশা–আকাংক্ষাসমূহ পূৰণ কৰাটোৱেই ইয়াৰ প্রধান কর্তব্য হোৱা উচিত৷ এই কর্তব্য সম্পাদনৰ বেলিকা কোনো ধৰণৰ পলম হোৱা উচিত নহয়, কিয়নো পলম কৰা কার্যই অৱজ্ঞাক সূচায় আৰু চৰকাৰী কর্মচাৰীৰ অৱহেলাৰ বাবে নাগৰিকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱাটো ন্যায়সংগত নহয়৷
জনসাধাৰণৰ কাম নহয় বাবেই ৰাইজে সচিবালয়ত ভিৰ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই বিষয়াসকলক মন্ত্রীৰ সৈতে আলোচনা কৰি বিভিন্ন বিষয় গুৱাহাটীলৈ নহাকৈয়েই নিষ্পত্তিৰ পৰামর্শ আগবঢ়ায়৷ চৰকাৰী নথিসমূহৰ দ্রুত নিষ্পত্তিৰ বাবে এক কার্যপন্থা যুগুত কৰাৰ লগতে এইক্ষেত্রত ৰঙা ফিতাৰ মেৰ–পাক দূৰ কৰাৰ বাবে এক ব্যৱস্থা প্রৱর্তনৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে৷ ফাইলসমূহৰ দ্রুত নিষ্পত্তিৰ বাবে প্রয়োজন সাপেক্ষে নতুন নিয়মাৱলী প্রস্তুতৰ বাবেও পদক্ষেপ গ্রহণ কৰিবলৈ তেওঁ বিষয়াসকলৰ প্রতি আহ্বান জনায়৷ অসমক দেশৰ শ্রেষ্ঠ পাঁচখন ৰাজ্যৰ এখন হিচাপে পৰিগণিত কৰাৰ দিশত থকা ৰাজ্য চৰকাৰৰ লক্ষ্যৰ সৈতে খোজ মিলাই ঐক্যবদ্ধভাৱে কাম কৰিবলৈ মুখ্যমন্ত্রীয়ে শীর্ষ বিষয়াসকলৰ প্রতি আহ্বান জনায়৷ জনতা ভৱনৰ লগতে জিলা পর্যায়ৰ কার্যালয়সমূহত উন্নত কর্ম পৰিৱেশ গঢ়ি তোলাৰ লগতে ই–ফিচ মেনেজমেণ্ট ব্যৱস্থাৰ দ্রুত ৰূপায়ণৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে৷ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ প্রদান কৰা আজিৰ এই কর্মশালাৰ শলাগৰ শৰাই আগবঢ়ায় পঞ্চায়ত আৰু গ্রামোন্নয়ন, সাধাৰণ প্রশাসন আদি বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ কর্মশালাত হস্ততাঁত, বস্ত্র আৰু ৰেচম বিভাগৰ মন্ত্রী ইউ জি ব্রহ্ম, উদ্যোগ আৰু বাণিজ্য মন্ত্রী চন্দ্রমোহন পাটোৱাৰী, বন আৰু পৰিৱেশ বিভাগৰ মন্ত্রী পৰিমল শুক্লবৈদ্য, স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত, শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী অশোক সিংহাল, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ মন্ত্রী যোগেন মোহন, চাহ জনজাতি কল্যাণ বিভাগৰ মন্ত্রী সঞ্জয় কিষাণ, বিত্তমন্ত্রী অজন্তা নেওগ, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, শক্তিমন্ত্রী বিমল বৰাৰ লগতে বিভিন্ন বিভাগৰ শীর্ষ চৰকাৰী বিষয়াসকলে অংশগ্রহণ কৰে৷ আনহাতে বৈঠকৰ অন্তত মুখ্যমন্ত্রী ড০ শর্মাই ক’ভিডৰ নতুন এছ অ’ পি কাইলৈ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই প্রকাশ কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷