নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্যামাপ্রসাদ মুখার্জীৰ অসম প্রেম অতুলনীয়

নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ ভাৰতৰ ঐক্য, সংহতি আৰু অখণ্ডতাৰ হকে বলিদান দিয়া ড০ শ্যামাপ্রসাদ মুখার্জীৰ ১২০সংখ্যক পৱিত্র জন্মদিৱসৰ লগত সংগতি ৰাখি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মঙলবাৰে বৰপেটাৰোডত স্থাপন কৰা নেতাগৰাকীৰ প্রতিমূর্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে৷ মুখ্যমন্ত্রীয়ে প্রয়াত নেতাগৰাকীৰ প্রতিমূর্তিত মাল্যার্পণ কৰি শ্রদ্ধা নিবেদন কৰে৷

এই    উপলক্ষে আয়োজিত সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মঙলবাৰৰ দিনটো এক অত্যন্ত পৱিত্র দিন৷ ১৯০১ চনৰ এই দিনটোতে ভাৰতৰ ঐক্য, সংহতি আৰু অখণ্ডতা ৰক্ষাৰ হকে বলিদান দিয়া ড০ শ্যামাপ্রসাদ মুখার্জীৰ জন্ম হৈছিল৷ নেতাগৰাকীৰ জন্মদিৱসৰ দিনাখনেই তেখেতৰ প্রতিমূর্তি উন্মোচন কৰিবলৈ পাই নিজকে গৌৰৱান্বিত বোধ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে কয়৷

ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে লগতে কয় যে মাত্র ৫২ বছৰীয়া জীৱনকালত ড০ শ্যামাপ্রসাদ মুখার্জীয়ে কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্যৰ পৰা আৰম্ভ কৰি কেন্দ্রীয় মন্ত্রী, ভাৰতীয় জনসংঘৰ প্রতিষ্ঠাপক সভাপতিৰ পদত অধিষ্ঠিত হৈ আমাৰ বাবে বিৰল দৃষ্টান্ত দাঙি ধৰি গৈছে৷ বিৰল প্রতিভাধৰ এই নেতাগৰাকীৰ অসমৰ সৈতে অত্যন্ত এক মধুৰ সম্পর্ক আছিল বুলিও মুখ্যমন্ত্রীয়ে কয়৷ কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া ভাষা প্রৱর্তন কৰাকে ধৰি উক্ত বিশ্ববিদ্যালয়খনত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাক প্রথম অসমীয়া অধ্যাপক হিচাপে নিযুক্ত কৰি এইগৰাকী মহান নেতাই অসমৰ ভাষা–সংস্কৃতিৰ প্রতি থকা তেখেতৰ শ্রদ্ধা দৃঢ়তাৰে প্রকাশ কৰিছিল বুলিও মুখ্যমন্ত্রীয়ে কয়৷

তদুপৰি অসমৰ শিক্ষা ব্যৱস্থাত বাধ্যতামূলকভাৱে অসমীয়া ভাষা প্রৱর্তনৰ পোষকতা কৰাৰ উপৰি অসমৰ ৰাজ্যভাষা অসমীয়া হ’ব লাগে বুলিও এইগৰাকী মহান নেতাই দৃঢ়তাৰে মত পোষণ কৰিছিল৷ গ্রুপিঙৰ সময়ত শৰৎ চন্দ্র বসু আৰু ড০ শ্যামাপ্রসাদ মুখার্জীয়ে গোপীনাথ বৰদলৈৰ সৈতে প্রতিবাদ কৰাৰ ফলত অসম তথা পশ্চিমবংগ পাকিস্তানৰ লগত চামিল হোৱাৰ পৰা ৰক্ষা পৰিছিল বুলিও তেওঁ কয়৷ স্বাধীনতা সেনানী পুষ্পলতা দাসে এই সম্পর্কে বিশেষভাৱে উল্লেখ কৰিছে বুলিও মুখ্যমন্ত্রীয়ে নিজৰ ভাষণ প্রসংগত কয়৷

সংবিধানৰ ৩৭০নং অনুচ্ছেদৰ বিলুপ্তিকৰণ, জম্মু–কাশ্মীৰক সম্পূর্ণভাৱে ভাৰতবর্ষৰ লগত চামিলকৰণ, দেশ বিভাজনৰ সময়ত পাকিস্তানত থকা হিন্দু আৰু শিখসকলৰ ওপৰত চলোৱা লুণ্ঠন আৰু অত্যাচাৰৰ বিৰুদ্ধে তেখেতে জীৱনজোৰা সংগ্রামত অৱতীর্ণ হৈছিল বুলিও মুখ্যমন্ত্রীয়ে কয়৷ এইগৰাকী মহান নেতাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে সংবিধানৰ ৩৭০নং অনুচ্ছেদ বাতিলকৰণৰ দৰে পদক্ষেপ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু গৃহমন্ত্রী অমিত শ্বাহে প্রদর্শন কৰা দায়বদ্ধতাৰো মুখ্যমন্ত্রীয়ে শলাগ লয়৷ ভাষণ প্রসংগত মুখ্যমন্ত্রীয়ে ড০ শ্যামাপ্রসাদ মুখার্জীৰ আদর্শৰে অসমত বসবাস কৰা সকলো বাংলাভাষী আৰু অসমীয়াভাষীকে ধৰি সকলো শ্রেণীৰ জনসাধাৰণৰ মাজত বর্তি থকা একতাৰ এনাজৰী শক্তিশালী কৰাৰ বাবেও আহ্বান জনায়৷

মুখ্যমন্ত্রীয়ে লগতে বৰপেটাৰোডৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱন নির্মাণৰ কাম সম্পূর্ণ কৰাৰ বাবে ৰাজ্য চৰকাৰে এক কোটি টকা প্রদান কৰিব বুলিও কয়৷ অনুষ্ঠানত ভাষণ প্রদান কৰি পঞ্চায়ত আৰু গ্রামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান তথা গ্রাহক পৰিক্রমা বিভাগৰ মন্ত্রী ৰঞ্জিত কুমাৰ দাসে ড০ শ্যামাপ্রসাদ মুখার্জীক এগৰাকী যুগদ্রষ্টা বুলি অভিহিত কৰি এইগৰাকী নেতা প্রতিগৰাকী ভাৰতীয়ৰ মনৰো মনৰ, প্রাণৰো প্রাণৰ বুলি কয়৷

ভাষণ প্রসংগত মন্ত্রীগৰাকীয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সর্বসাধাৰণ জনসাধাৰণৰ সহায়ক হোৱাকৈ তথা জনসাধাৰণৰ আশা–আকাংক্ষা তথা প্রত্যাশা পূৰণৰ বাবে সকলো বিভাগতে আমূল সংস্কাৰৰ পদক্ষেপ গ্রহণ কৰিছে বুলিও কয়৷ এইগৰাকী মুখ্যমন্ত্রীয়ে অসমক সকলো দিশতে এক নির্দিষ্ট মার্গদর্শন কৰিবলৈ সক্ষম হ’ব বুলিও তেওঁ কয়৷ আজিৰ এই প্রতিমূর্তি উন্মোচনী অনুষ্ঠানত বিটিআৰৰ কার্যবাহী সদস্য গৌতম দাস, বৰপেটা বিধানসভা সমষ্টিৰ প্রাক্তন বিধায়ক গুণীন্দ্র নাথ দাস প্রমুখ্যে বহুসংখ্যক গণ্যমান্য ব্যক্তিয়ে অংশগ্রহণ কৰে৷ 

You might also like