বিজনীৰ খুংক্ৰাঝৰাত অঘটনঃ বন্যহস্তীৰ আক্ৰমণত গুৰুতৰভাবে আহত এজন
নিয়মীয়া বাৰ্তা ৮ জুলাইঃ বিজনী মহকুমাৰ অন্তৰ্গত খুংক্ৰাঝৰাত নিশা বন্যহস্তীৰ আক্ৰমণত মুনিন বড়ো(৪৮) নামৰ এজন ব্যক্তি গুৰুতৰভাবে আহত হয়।মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্যহস্তীৰ জাক এটাই নিশা চিৰাং জিলাৰ বিজনীৰ ভাতৰ ভূটান সীমান্তৱৰ্তী খুংক্ৰাঝৰাত প্ৰৱেশ কৰি বিভিন্ন ধৰণৰ ক্ষতিসাধন কৰাৰ লগতে মুনিন বড়ো(৪৮) নামৰ এজন ব্যক্তিক বনৰীয়া হাতীয়ে আক্ৰমণ কৰে।
সংকটজনক অৱস্থাত ব্যক্তিজনক গাওঁবাসীয়ে উদ্ধাৰ কৰি কুকলুং বনাঞ্চলিক কাৰ্যালয়ৰ বনবিভাগক খবৰ দিয়ে, পৰৱৰ্তী সময়ত বনবিভাগে লোকজনত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।উল্লেখ্য মনীন বড়োৰ ঘৰ পাণবাৰী থানাৰ অন্তৰ্গত টালিৰবাৰীত। আক্ৰমণত আহত আহত মুনীন বড়ো অঘৰী জীৱন-যাপন কৰাৰ সূত্ৰে খুংক্ৰাঝৰা গাঁৱখনত কিছুদিনৰ পৰা আশ্ৰয় গ্ৰহণ কৰি আছিল।