নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মিঞা কবিতাৰ পাচত অসমত এইবাৰ ইছলামিক সাহিত্য সভা

নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰীঃ জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে একতাৰ জৰীৰে বাস কৰি অহা বৃহত্তৰ অসমীয়া সমাজখনত সময়ে সময়ে একাংশ সাম্প্ৰদায়িক শক্তিয়ে বিভেদৰ বীজ সিঁচাৰ চেষ্টা কৰাটো নতন কথা নহয় । জাতি-ধৰ্মৰ পৰিধি ভাঙি অসমবাসীয়ে নাগৰিকত্ব সংশোধনী আইন (কা)ৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ সময়তে পুনৰ এনে কিছু শক্তিয়ে সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে । বিশেষকৈ ধৰ্মৰ নামত সাহিত্য সভা গঠন কৰাক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্র প্রতিক্রিয়া ৷

‘অসম ইছলামিক সাহিত্য সভা’ নামৰ অনুষ্ঠানৰ জন্ম দি অভিৱর্তন অনুষ্ঠিত কৰিবলৈ প্রস্তুতি চলোৱাক লৈ ছ’চিয়েল মিডিয়াত সৰৱ চর্চা পৰিলক্ষিত হৈছে ৷ শতিকা পুৰণি অসম সাহিত্য সভাৰ লগতে জনগোষ্ঠীয় সাহিত্য সভাসমূহে ৰাজ্যৰ ভাষা–সাহিত্য–সংস্কৃত্ সংৰক্ষণ, প্রচাৰ আৰু প্রসাৰ অব্যাহত ৰখাৰ সময়তে ধর্মৰ নামত সাহিত্য সভা গঠনৰ প্রয়োজনীয়তাক লৈ বিভিন্ন পক্ষই উত্থাপন কৰিছে প্রশ্ন ৷ ইয়াৰ মাজতে ‘অসম ইছলামিক সাহিত্য সভা’ই প্রকাশ কৰা এখন গোহাৰিয়েও লাভ কৰিছে বিশেষ চর্চা ৷ গোহাৰিখনত উল্লেখ কৰা অনুসৰি অহা ১৩, ১৪, ১৫ মার্চত নলবাৰী জিলাৰ আদাবাৰীত ‘অসম ইছলামিক সাহিত্য সভা’ই কেন্দ্রীয় অভিৱর্তনৰ আয়োজন কৰিছে ৷
ইয়াৰ পূর্বে অহা ১২ জানুৱাৰীত ‘ইছলামিক সাহিত্য সভা’ৰ প্রধান সম্পাদক মৌলানা ফজলুল কৰিম কাছিমীয়ে আহ্বান কৰিছে এখন প্রতিনিধি সভাৰ ৷ গুৱাহাটীৰ হাতীগাঁওস্থিত আল–হালাল ডাইনিঙত এই প্রতিনিধি সভা অনুষ্ঠিত হ’ব ৷ আনহাতে, কেন্দ্রীয় অভিৱর্তন উপলক্ষে প্রকাশ কৰা গোহাৰি–পত্রত উল্লেখ কৰা অনুসৰি সাহিত্য সংগঠনটো শক্তিশালী আৰু কার্যক্ষম কৰি জীয়াই ৰখাৰ স্বার্থত সাংগঠনিক দিশত আগবঢ়াৰ লক্ষ্যৰে কেন্দ্রীয় অভিৱর্তনৰ আয়োজন কৰা হৈছে ৷ ইতিমধ্যে ইয়াৰ বাবে অভ্যর্থনা কমিটীৰ লগতে ১৪খন উপ–সমিতিও গঠন কৰিছে ৷ অভিৱর্তনৰ কাম–কাজ পৰিচালনাৰ বাবে আদাবাৰীস্থিত ‘আল–জামিয়াতুব চালিহা’ত (বানাত মাদ্রাছা) এটা অভ্যর্থনা কার্যালয়ো উদ্বোধন কৰা হৈছে ৷ একে সময়তে গোহাৰি–পত্রখনত ‘ইছলামিক সাহিত্য সভা’ গঠনৰ উদ্দেশ্যও ব্যাখ্যা কৰা হৈছে ৷ সেই অনসুৰি ইছলামিক সাহিত্য প্রচাৰৰ বাবে এই সাহিত্য সভা গঠন কৰা হৈছে ৷

গোহাৰি–পত্রত এইদৰে উল্লেখ কৰা হৈছে– ‘অসমত ইছলামৰ ইতিহাস যথেষ্ট পুৰণি হোৱা সত্ত্বেও অন্যান্য ভাষা–সাহিত্যৰ তুলনাত অসমীয়া সাহিত্যত অৰিহণা যোগাব পৰাকৈ ইছলামিক সাহিত্যৰ গ্রন্থৰ সংখ্যা বৰ সীমিত ৷ অসমীয়া ভাষাত উপলব্ধ দোৱা, কালাম, নামাজ শিক্ষা আদিতে সীমাবদ্ধ সামান্যসংখ্যক গ্রন্থই ইছলামিক সাহিত্যৰ ব্যাপক ধাৰণা এটা দিবলৈ সক্ষম হোৱা নাই ৷ অসমীয়া সাহিত্যৰ পৰিসৰৰ লগত ইছলামিক সাহিত্যৰ ৰূপান্তৰ, সংমিশ্রণ আৰু সংযোগ স্থাপনে অসমীয়া সাহিত্যৰ বিস্তৃতি নিঃসন্দেহে বহুগুণে বৃদ্ধি কৰিব ৷ ইছলাম সম্পর্কে নির্ভুল আৰু প্রয়োজনীয় তথ্য পাব পৰাকৈ পর্যাপ্ত গ্রন্থ নথকা বাবেই কিছু কিছু ক্ষেত্রত ভুল তথ্য আৰু বিকৃত ৰূপত ইছলাম সম্পর্কে গ্রন্থ ৰচনা হোৱা দেখা যায় ৷ এনেবোৰ বিভ্রান্তি আঁতৰাবলৈ ইছলামিক সাহিত্যৰ প্রচাৰ আৰু প্রসাৰ অপৰিহার্য ৷’

এনে গোহাৰি প্রত্যক্ষ কৰাৰ পাছত স্বাভাৱিকতে একাংশই ধর্মৰ প্রচাৰৰ আহিলা হিচাপে সাহিত্যক ৰাজ্যত ব্যৱহাৰ কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ কৰিছে ৷ তদুপৰি কেন্দ্রীয় অভিৱর্তন অনুষ্ঠিত কৰাৰ বাবে গঠন কৰা অভ্যর্থনা কমিটীক লৈও সৃষ্টি হৈছে বিতর্ক ৷ এই কমিটীখনৰ মুখ্য পৃষ্ঠপোষক হিচাপে ৰখা হৈছে বৰক্ষেত্রীৰ বিধায়ক নাৰায়ণ ডেকাক ৷ কিন্তু এই বিষয়ে অৱগত নহয় স্বয়ং বিধায়কজন ৷ ‘নিয়মীয়া বার্তা’ৰ তৰফৰ পৰা যোগাযোগ কৰাত বিধায়ক ডেকাই কয়– ‘ইছলামিক সাহিত্য সভাৰ বিষয়ববীয়াসকল প্রায় ডেৰ মাহ পূর্বে মোক সাক্ষাৎ কৰিবলৈ আহিছিল ৷ সেই সময়ত অভিৱর্তনৰ কথা মোক কৈছিল ৷ অভিৱর্তনত প্রাক্তন উপ–ৰাষ্ট্রপতি হামিদ আনছাৰি আৰু মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালেও অংশগ্রহণ কৰিব বুলিও মোক অৱগত কৰিছিল আৰু সহায়–সহযোগিতা কামনা কৰিছিল ৷ কিন্তু অভ্যর্থনা সমিতিৰ মুখ্য পৃষ্ঠপোষক হিচাপে ৰখাৰ কোনো কথা অৱগত কৰা নাছিল তেওঁলোকে ৷’

সমান্তৰালভাৱে ইয়াৰ বিৰোধিতা কৰিছে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে ৷ প্রতিক্রিয়া প্রকাশ কৰি ড০ ৰাজবংশীয়ে কয়– ‘ধর্মক লৈ সাহিত্য সভা গঠনৰ কি প্রয়োজনীয়তা আছে? আমি ইয়াৰ বিৰোধিতা কৰিম৷ ইছলামিক সাহিত্য সভা সন্দর্ভত অসম সাহিত্য সভা কোনোধৰণে অৱগত নহয়৷ সম্পূর্ণ ৰাজনৈতিক উদ্দেশ্যপ্রণোদিতভাৱে ইছলামিক সাহিত্য সভা গঠন কৰা যেন আমাৰ অনুভৱ হৈছে ৷’ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে সংশ্লিষ্ট সাহিত্য সংগঠনটোৱে প্রকাশ কৰা গোহাৰি–পত্রত উল্লেখ কৰা অনুসৰি অসম ইছলামিক সাহিত্য সভা ২০০৫ চনত গঠন কৰা হৈছিল ৷ কিন্তু বিগত সময়ছোৱাত এই সাহিত্য সভাৰ কোনো সক্রিয় কাম–কাজ পৰিলক্ষিত হোৱা নাছিল ৷ অসমৰ ইছলামিক সাহিত্য সভাৰ কেন্দ্রীয় সমিতিৰ সভাপতি হৈছে আলহাজ শ্বেখ ছৈয়দ ইফতিকাৰ হুছেইন ৷ কার্যকৰী সভাপতিৰ দায়িত্বত আছে মহম্মদ ৰেইজা উদ্দিন আহমেদ ৷ তদুপৰি প্রতিনিধি সভাৰ নিমন্ত্রণী–পত্রত অসম ইছলামিক সাহিত্য সভাৰ গুৱাহাটীৰ ছয়মাইলৰ পাঞ্জাবাৰীৰ ৪নং উপপথ (উত্তৰ)ৰ ৪নং গৃহত বুলি উল্লেখ কৰা হৈছে ৷

You might also like