নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এপিএচি কেলেংকাৰীঃ তদন্ত আয়োগৰ ম্যাদ বৃদ্ধি চৰকাৰৰ

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ অসম চৰকাৰে ২০১৫ চনৰ ১২ মে’ত ঘোষিত অসামৰিক সেৱাৰ প্রাৰম্ভিক আৰু মূল পৰীক্ষাত সংঘটিত বিসংগতি আৰু অনিয়মৰ অভিযোগ তদন্তৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে শর্মাৰ নেতৃত্বত গঠন কৰা এজনীয়া তদন্ত আয়োগৰ ম্যাদ কালি এক নির্দেশযোগে আজিৰ পৰা প্রযোজ্য হোৱাকৈ ছমাহৰ বাবে অথবা প্রতিবেদন দাখিল কৰালৈকে (যিটোৱে আগত হয়) বৃদ্ধি কৰিছে৷ উল্লেখ্য যে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৩ বর্ষৰ অসামৰিক আৰু অন্যান্য সংলগ্ন সেৱাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল ২০১৫ চনত৷

এই পৰীক্ষাত সীমাহীন দুর্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছিল৷ তেতিয়াৰ আয়োগৰ অধ্যক্ষ ৰাকেশ পালে ৰাজপত্রিত বিষয়াৰ চাকৰিৰ এখন মুকলি বজাৰ বহুৱাইছিল৷ উক্ত কেলেংকাৰিৰ তদন্তৰ বাবে ন্যায়ালয়ৰ নির্দেশ অনুযায়ী অৱসৰপ্রাপ্ত ন্যায়াধীশ বি কে শর্মাক লৈ গঠন কৰা হৈছিল এখন তদন্ত আয়োগ৷ আয়োগৰ তদন্ত সম্প্রতি এক গুৰুত্বপূর্ণ পর্যায়ত উপনীত হৈছে৷ তদন্ত আয়োগে ইতিমধ্যে ১৯গৰাকী ৰাজপত্রিত বিষয়ালৈ জাননীও জাৰি কৰিছে৷ এইসকল বিষয়াৰ উত্তৰ বহীৰ নম্বৰ আৰু টেবুলেচন শ্বীটৰ নম্বৰৰ মাজত ব্যাপক বিসংগতি ধৰা পৰিছে৷ জাননী লাভ কৰা বিষয়াসকলে এজন এজনকৈ আয়োগৰ ওচৰত হাজিৰ হৈ কৈফিয়ৎ দাঙি ধৰিছে৷ এনে পৰিস্থিতিত ৰাজ্য চৰকাৰে তদন্তৰ বাবে গঠতি আয়োগৰ ম্যাদ বৃদ্ধি কৰে৷

You might also like