নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কামৰূপত জুলাইৰ পৰা বন্ধ হ’ব খাদ্য সুৰক্ষা যোজনাৰ চাউল

নিয়মীয়া বাৰ্তা ৯ জুলাইঃ  জুলাই–আগষ্ট মাহৰ পৰা কামৰূপ জিলাত বন্ধ হ’ব চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউল৷ শুৱালকুছি বহুমুখী সমবায় সমিতিৰ সম্পাদক কিশোৰ বৈশ্যই জানিবলৈ দিয়া অনুসৰি সম্প্রতি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সমবায়সমূহ আর্থিকভাৱে জুৰুলা হৈছে৷ চৰকাৰে দিয়া বিনামূলীয়া চাউলৰ বাবদ সমবায়সমূহ বর্তমান দেউলীয়া হোৱাৰ উপক্রম হৈছে ৷

পৰিবহণ ভাৰা আদায় দিয়াৰ ক্ষেত্রত চৰকাৰৰ হোঁহকা–পিছলা ব্যৱস্থাই সমবায়সমূহত হাহাকাৰৰ সৃষ্টি কৰিছে ৷ তেওঁ জানিবলৈ দিয়া মতে, কামৰূপৰ ২৭খন বহুমুখী সমবায়ে বর্তমান পৰিবহণ ভাৰা বাবদ চৰকাৰৰ পৰা ৩৫ কোটি টকা পাবলৈ আছে ৷ ইয়াৰে শুৱালকুছিৰ সমবায়খনে পাব আছে ৬৫ লাখ টকা৷ সেয়ে শুৱালকুছিকে ধৰি কামৰূপ জিলাৰ ২৭খন সমবায়ে জুলাই–আগষ্ট মাহৰ পৰা চাউল বিতৰণ ব্যৱস্থা সম্পূর্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰে ৷ এই সম্পর্কে শেহতীয়াভাৱে কামৰূপ জিলাৰ সমবায় সমিতিসমূহে এক সভাত মিলিত হৈ উপায়হীন হৈ কঠোৰ সিদ্ধান্ত গ্রহণ কৰিবলৈ বাধ্য হয় বুলি তেওঁ সদৰী কৰে ৷ তেওঁ পুনৰ জানিবলৈ দি কয় যে শুৱালকুছিৰ বহুমুখী সমবায়ে ৮ লাখ টকা ব্যক্তিগতভাৱে ঋণ লৈ পৰিবহণ ভাৰা আদায় দি বিনামূলীয়া চাউল খাদ্য নিগমৰ গুডামৰ পৰা আনি ৰাইজক বিতৰণ কৰিবলগীয়া হৈছে৷বর্তমান সমবায়খনৰ পানীত হঁাহ নচৰা অৱস্থা হৈছে ৷ বিগত তিনি মাহে কর্মচাৰীক দা–দৰমহা একো দিব পৰা নাই ৷

যোগান বিভাগে অনাদায় হৈ থকা পৰিবহণ ভাৰা আদায় দিয়াৰ বহুতবাৰ প্রতিশ্রুতি দিলে যদিও বর্তমানলৈকে পোৱা নাই ৷ চৰকাৰে যেতিয়ালৈকে বাকী থকা পৰিবহণ ভাৰা আদায় নিদিয়ে তেতিয়ালৈকে চাউল যোগান ধৰাটো বন্ধ থাকিব বুলি তেওঁ কয় ৷ বিনাবেতনে কাম কৰা কর্মচাৰীৰ পৰিয়ালসমূহক এই মহামাৰী ক’ৰোনাকালৰ অর্ধ লকডাউনৰ সময়ত ভৰণ–পোষণৰ দুশ্চিন্তাতই ক্রিয়া কৰিছে৷

You might also like