APSCত জলসিঞ্চনৰ অভিযন্তা বাছনিৰ নামত অনিয়মঃ কনিষ্ঠ অভিযন্তাৰ নিযুক্তিৰ তালিকা প্রস্তুত ঠিকাদাৰৰ
নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ কলংকিত নায়ক ৰাকেশ পালৰ কার্যকালত অসম লোকসেৱা আয়োগ (এ পি এছ চি)ত সংঘটিত অনিয়ম তথা কেলেংকাৰিৰ তথ্য নিতৌ উন্মোচিত হৈ আছে৷
শেহতীয়াকৈ এই কেলেংকাৰিৰ আন এক তথ্য পোহৰলৈ আহিছে৷ এ পি এছ চিৰ সদস্য তথা ৰাকেশ পালৰ অন্যতম সহযোগী হিচাপে থকা ছামেদুৰ ৰহমানৰ পৃষ্ঠপোষকতাত জলসিঞ্চন বিভাগত সংঘটিত হোৱা এই ক’লা অধ্যায় পোহৰলৈ অহাই নহয়, কিদৰে একাংশ ঠিকাদাৰে কনিষ্ঠ অভিযন্ত্রা বাছনিৰ বাবে ধনৰ লেনদেন কৰিছিল, সেয়াও স্পষ্ট হৈ পৰিছে৷
উত্থাপিত অভিযোগ মতে, জলসিঞ্চনৰ এজন ঠিকাদাৰ আৰু এজন কনিষ্ঠ অভিযন্তাক লৈ ছামেদুৰ ৰহমানে নিযুক্তিৰ নামত ধনৰ লেনদেন কৰাই নহয়, নীতি–নিয়ম ভৰিৰে মোহাৰি নিযুক্তি দিছিল কনিষ্ঠ অভিযন্তাক৷ এনে নিযুক্তিক লৈ অসম আৰক্ষীৰ চি আই ডিত গোচৰ ৰুজু হৈছিল যদিও যোৱা ৮ বছৰে এই তদন্তৰ এঢ়াপো আগ নাবাঢ়িল৷
অভিযোগ অনুসৰি ২০১২–১৩ চনত তদানীন্তন কংগ্রেছ চৰকাৰৰ কার্যকালত জলসিঞ্চন বিভাগত অভিযন্তা নিযুক্তিৰ বাবে এ পি এছ চিৰ জৰিয়তে বিজ্ঞাপন প্রকাশ কৰা হৈছিল৷ এই বিজ্ঞাপন প্রকাশৰ পাছতেই ধনৰ লেনদেনত নামি পৰে ছামেদুৰ ৰহমানৰ দুই সহযোগী আব্দুল মজিদ আৰু ছাজিদ মজিদ বুলি এজন ঠিকাদাৰ আৰু এজন কনিষ্ঠ অভিযন্তা৷ বিভাগটোত কনিষ্ঠ অভিযন্তা নিযুক্তিৰ বাবে প্রস্তুত কৰা বাছনিৰ তালিকাত যিসকল প্রার্থীৰ নাম সন্নিৱিষ্ট আছিল, সেই প্রার্থীসকলক বিভিন্ন ধৰণে যোগাযোগ কৰি নিযুক্তিৰ নামত ছামেদুৰ ৰহমানে এই ঠিকাদাৰ আৰু কনিষ্ঠ অভিযন্তাৰ জৰিয়তে সংগ্রহ কৰিছিল কেইবালাখ টকা৷ এনে ব্যাপক ধনৰ লেনদেনক লৈ উত্থাপিত অভিযোগ আৰু চৌদিশে হোৱা প্রতিক্রিয়াৰ পাছতেই ৰাজ্য চৰকাৰে চি আই ডিত এটা গোচৰ পঞ্জীয়ন কৰে৷ ১১২৫/২০১২ নম্বৰৰ উক্ত গোচৰ সন্দর্ভত সেই সময়ত চি আই ডিৰ অতিৰিক্ত সঞ্চালকপ্রধানৰ দায়িত্বত থকা মুকেশ সাহায়ে ৰাজনৈতিক হস্তক্ষেপৰ বাবে এটা খোজো দিব নোৱাৰিলে৷
শেহতীয়াকৈ চৰকাৰ সলনিৰ পাছতেই ছামেদুৰ ৰহমানে সংঘটিত কৰা এই ধনৰ লেনদেনৰ গোচৰ পুনৰ মুকলিৰ বাবে তৎপৰ হৈ পৰিছে চাকৰিবঞ্চিত একাংশ প্রার্থী৷ আনকি ধনৰ লেনদেনৰ জৰিয়তে যিসকলে কনিষ্ঠ অভিযন্তা হিচাপে নিযুক্তি পালে, সেইসকলৰ বিৰুদ্ধেও তদন্তৰ দাবী উঠিছে৷ এইক্ষেত্রত ৰাজ্য চৰকাৰে ছামেদুৰ ৰহমানৰ জৰিয়তে সংঘটিত এনে নিযুক্তিৰ ক্ষেত্রত কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হৈ পৰিছে৷ সমান্তৰালভাৱে জলসিঞ্চনত ঠিকাদাৰৰূপী দালাল আৰু কনিষ্ঠ অভিযন্তাৰ বিৰুদ্ধে পদক্ষেপ লোৱাৰ দাবী উত্থাপন হৈছে৷