নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছৰ বেলি এতিয়া পশ্চিম আকাশতঃ ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা, ১০ জুলাইঃ দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে চৰকাৰ গঠনৰ পৰাই শাসকীয় দলটোত কংগ্রেছৰ নেতা–কর্মীৰ যোগদানৰ ধাৰা অব্যাহত আছে৷ শুকুৰবাৰে পুনৰ নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি প্রাক্তন বিধায়কসহ কেইবাজনো নেতাই কংগ্রেছ ত্যাগ কৰি বিজেপিত যোগ দিলে৷

মহানগৰীৰ হেঙেৰাবাৰীস্থিত মুখ্য কার্যালয়ত শুকুৰবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়ে দুধনৈ সমষ্টিৰ প্রাক্তন বিধায়ক শিৱচৰণ বসুমতাৰী, কংগ্রেছৰ সাধাৰণ সম্পাদক পংকজ বৰবৰা, প্রবীৰ কলিতা, জ্যেষ্ঠ কংগ্রেছী নেতা অনিল ৰাজাকে ধৰি কেইবাজনো কংগ্রেছী কর্মীয়ে৷ এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই যোগদন কৰা নেতাসকলক দলীয় বস্ত্রৰে আদৰণি জনায়৷

অনুষ্ঠানত সভাপতি কলিতাই কয়– কংগ্রেছ দলৰ বেলি এতিয়া পশ্চিম আকাশত৷ আভ্যন্তৰীণ খাম–খেয়ালিৰে পৰিপুষ্ট কংগ্রেছ দলৰ নেতৃত্বৰ কথা আৰু কামৰ কোনো মিল নাই৷ তেওঁলোকে পুৱা এটা কয়, দুপৰীয়া এটা কয় আৰু আবেলি এটা কয়৷ কংগ্রেছ দলত থাকি কোনেও উন্নতি ঘটাব নোৱাৰে৷ ইয়াৰ বিপৰীতে বিজেপিয়ে কেতিয়াও তুষ্টিকৰণৰ ৰাজনীতি কৰা নাই৷ বিজেপিয়ে সকলো জাতি–জনগোষ্ঠীক একেলগে আগুৱাই নিয়াৰ লগতে সকলো ধর্মক গুৰুত্ব দি কাম কৰি আহিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২০১৪ চনৰ পৰা সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস মূলমন্ত্রৰে সকলোকে আগুৱাই নিয়াৰ সংকল্প লৈছে৷ বিজেপিৰ এই নীতিৰ প্রতি অসমৰ ৰাইজ আশ্বস্ত হৈছে আৰু সেয়ে ২০১৬ চনৰ পৰাই অসমৰ পঞ্চায়ত, জিলা পৰিষদীয়, স্বায়ত্তশাসিত সকলো নির্বাচনতে বিজেপিৰ জয় হৈছে৷ কিন্তু কংগ্রেছ দলে তুষ্টিকৰণৰ ৰাজনীতিত ব্যস্ত থাকি দলৰ কার্যকর্তাৰ অভাৱ–ভিযোগৰ ফালে পিঠি দিছে৷

অনুষ্ঠানত বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্র নাথ শর্মা, সম্পাদক কিশোৰ উপাধ্যায়, বিধায়ক বলীন চেতিয়াকে ধৰি কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে৷

আনহাতে, বিজেপিত যোগদান কৰি পংকজ বৰাই কয় যে কংগ্রেছ দলত চলি অহা আভ্যন্তৰীণ সংঘাতৰ বাবেই এতিয়া সকলো অসন্তুষ্ট৷ দলৰ নেতৃত্বই তৃণমূল কর্মী তথা বিষয়ববীয়াসকলৰ অভাৱ–ভিযোগ শুনিবলৈ ইচ্ছা নকৰে৷ দলটোক মাত্র কেইজনমান নেতাইহে চলাই আছে৷ আন নেতা–কর্মী, বিষয়ববীয়াৰ কোনো গুৰুত্ব নাই৷ যাৰ বাবে এজন এজনকৈ দলীয় নেতা–কর্মীয়ে কংগ্রেছ এৰিবলৈ বাধ্য হৈছে৷

You might also like