বাৰিষাৰ আকাশৰ মহিমা অপাৰ৷ পলকতে যদি প্রখৰ ৰ’দে ছানি ধৰে পলকতে আকৌ ক’লা মেঘেৰে মেঘাচ্ছন্ন হৈ পৰে আকাশ৷ প্রেম প্রণয়ৰ সমন্বয়েৰে পুষ্ট হৈ মহাবাহু ব্রহ্মপুত্র মহামিলনৰ তীর্থ সদৃশ হোৱাৰ বিপৰীতে আকৌ ফেনে–ফোটোকাৰে বাঢ়ি অহা বাৰিষাৰ ব্রহ্মপুত্র হৈ পৰে অভিশাপ স্বৰূপ৷ হয়তো সেই সময়ত ‘লুইতৰ বলিয়া বান, তই ক’লৈনো ঢ়াপলি মেলিছ ….’ বুলি আওৰোৱাত বাদে যেন কৰিবলগীয়া একোৱেই নাই আমাৰ বাবে৷
ব্রহ্মপুত্রৰ বাঢ়নী পানীয়ে যেন থানবান কৰি দিয়ে সৃষ্টিৰ অপাৰ মহিমা৷ মেঘ আৰু মাটিৰ সমন্বয়ত যেন হৈ পৰে অপৰূপ–পৰূপা৷ ধৰালৈ নামি আহে বৰষুণ ….. দোপালপিটা বৰষুণ–মুষলধাৰ বৰষুণ–চিপ্চিপীয়া বৰষুণ–ৰিমঝিম বৰষুণ৷ কিমান নামেৰে বিভূষিত এই বৰষুণ, তাৰ যেন লেখ–জোখহে নাই৷ ধৰিত্রী হৈ পৰে গর্ভৱতী৷ দেহেৰে কিম্বা মনেৰে যেন জীপাল কৰি তোলে সমগ্র শৰীৰ৷ বর্ষাৰ দুর্বাৰ গতিত সেও মানি লয় নৈ–বিল, জান–জুৰি,বজাৰ–সমাৰ, বাট–পথ আদি সকলোৱেই৷ ক্রমশঃ বর্ষাৰ এই উগ্র ৰূপ হৈ পৰে অভিশাপ স্বৰূপ৷ সময়ত ভাগৰি পৰে বর্ষা৷ উদ্বাউল হৈ পৰে মন …..সেউজীয়া হৈ পৰে উদং পথাৰৰ বুকু৷ বর্ষাৰ বৰষুণত আহ্লাদিত হৈ হালি–জালি উমলিব ধৰে উজানৰ বগা মাছে৷ উলাহতে নাচি–বাগি পুঠি–খলিহনা–কাৱৈ– আদি মাছৰ আনন্দত উপচি পৰে হিয়া৷ যেন আশাৰ সন্ধানত ধাৱমান চৌদিশ–চৌপাশ৷ উস্ কি মাদকতা ভৰা এই বাৰিষা
মেঘৰ মাদল বজা আকাশ ‘ন যযৌ ন তস্থৌ’ ভাবেৰে হিৰ্ হিৰ্কৈ নামি অহা বৰষুণজাক এদিন–দুদিন–তিনি–চা দিনলৈ দি থকা নেৰানেপেৰা বৰষুণজাক৷ উস্ কি নান্দনিক সেই বৰষুণ৷ কোনে জানো কৈছিল উজাগৰী বাৰিষাৰ ৰাতিহে অনুভৱ কৰিব পাৰি বৰষুণৰ মাদকতা৷ কবিৰ বাবে বাৰিষা হ’ল সৃষ্টিৰ ভেটি স্বৰূপ৷ কিয়নো বর্ষাৰ বুকুতেই পোৱা যায় সৃষ্টিৰ অংকুৰ সিঁচাৰ প্রেৰণা৷ মহাপুৰুষ শ্রীমন্ত শংকৰদেৱকে ধৰি বিশ্বকবি ৰবীন্দ্রনাথ ঠাকুৰলৈ সকলোৰে সাহিত্যৰাজিত বিয়পি আছে বাৰিষাৰ অতুলনীয়–নুপম–ন্ সমাহাৰ৷ বাৰিষাৰ বৰষুণেই ধৰিত্রীৰ বুকুলৈ আনি দিয়ে সৃষ্টিৰ অংকুৰ সিঁচাৰ প্রেৰণা৷ হয়তো সেইবাবেই বৰষুণ কামনা কৰিও কবিয়ে ৰচে কবিতা–
‘বৰষুণ দিব, আই / পৃথিৱীখন সেউজীয়া হ’ব,/ বেজীৰ দৰে উজ্জল হৈ/ গাঁওখন সেউজীয়া হ’ব,/ কডিৰ দৰে উজ্জ্বল হৈ/ হাবিখন সেউজীয়া হ’ব
পৃথিৱীখন পানীয়ে ওপচাই দিব–
বৰষুণ দিব, আই / ঘূৰণীয়া ঘূৰণীয়াকৈ বৰষুণ দিব–/ পৃথিৱীৰ সকলো ঠাইতে/ উভৈনদীকৈ বৰষুণ দিব–/ বঢ়িয়াকৈ বৰষুণ দিব, আই’
হয়তো বাৰিষাৰ পৰশ লাগিয়েই সাৰ পাই উঠে ৰং সনা সপোন৷ শস্যসম্ভৱা পৃথিৱীৰ বতৰা আনি দিয়ে এই ৰিমঝিম–চিপ্ চিপ্ বৰষুণজাকেই৷ কান্ধত নাঙল–যুৱলি লৈ পথাৰলৈ ওলোৱা খেতিয়কৰো আৰম্ভ হয় জীৱন নাটৰ আখৰা …..মাটি আৰু মানুহৰ সংগ্রাম৷ সেইবাবেই বর্ষায়ো গায় গান …..জীৱনৰ গান….যৌৱনৰ গান …..মাটি–মানুহ আৰু আকাশৰ গান৷
বৰষুণৰ প্রাণ পাই ফলে–ফুলে জাতিষ্কাৰ হৈ পৰে অসম৷ কৃষ্ণচূডা, ৰাধাচূডা, নাহৰ, সোণাৰু, এজাৰ ফুলৰ মেলাত সৰগি সপোন ৰচে অসম ভূমিত৷ নন্দন কানন হৈ বাটৰ কাষে কাষে হালি–জালি নাচি–বাগি থলুৱা ফুলেও শোভা বঢ়ায়৷ নিজৰ ঠাইৰ ৰূপ সুধা পান কৰি স্বপ্ণ বিভোৰ হৈ পৰো আমিবোৰ৷ খাল–বিল–জলাশয়ত জই পৰি ৰোৱা পদুম–ভেট ফুলেও হালি–জালি আনন্দত নাচিব ধৰে৷ মিলনমালা ৰচি বতৰৰ ফলেও হাত উজান দিয়ে৷ কঁঠাল, আনাৰস, লেটেকু, পনিয়ল, জামু আদি ফল পাই আনন্দত আত্মহাৰা হৈ পৰে মানুহ৷ সহজ–সৰল হোজা গ্রাম্য ৰূপটিয়ে যেন আঁকোৱালি লয় বর্ষাক৷ খেতিয়কৰ খোজৰ তালে তালে মুখৰ হৈ পৰে চৰাইৰ চিঁ চিঁয়নিত সাৰ পাই উঠা পথাৰখন৷ খেতিয়ক–ৰোৱনীৰ হঁাহিৰ খলকনিত মুখৰ হৈ পৰে আহাৰ–শাওণৰ পথাৰ৷ পুৱাতেই পথাৰলৈ ওলোৱা ৰোৱনীজাকে বুজি পায় সময়ৰ কথা ….শ্রমৰ মর্যাদা৷ পথাৰৰ প্রতিটো কামতেই সহযোগ কৰা এই ৰোৱনীৰ পথাৰ পূর্ণ নোহোৱালৈ মন অশান্ত …. প্রতিটো মুহূর্ত পাৰ কৰে যন্ত্রণাত কাতৰ হৈ–
‘শস্যৰ সময়,/ ৰোৱনীৰ ভৰি উঠে বুকু৷/ ধানৰ শীহে শীহে/ সুহুৰি বজাই বৈ গ’ল/ বতাহৰ নিছিগা ধাৰ,/ ৰোৱনীৰ ধুক্ ধুক্/ বুকুৰ শব্দই শব্দই কঁপি উঠে/ গোটেই পথাৰ৷’
বর্ষা যেন এক সঞ্জীৱনী শক্তি স্বৰূপ৷ শাওণৰ আকাশৰ মেঘৰ ৰূপত আপ্লুত হৈয়েই কবিগুৰুৱেও চিত্রিত কৰিছে…
‘শ্রাৱণ ঘন গ্রহণ মোহে/ গোপনে তব চৰণ বোলে/ নিশাৰ মতো নীৰৰ ওহে/ সবাৰ দিঠি এভায়ে এলে ….’
বর্ষাৰ বুকুত সোমাই আছে এক অবুজ শিহৰণ৷ সম্পৃক্ত হৈ আছে কবিতা কবিতা লগা এক মিঠা অনুভৱ৷ বর্ষাই সজীৱ–সতেজ কৰি তোলে কবিৰ অনুভূতিৰ পথাৰখনক৷ আমাৰ কবি নৱকান্ত বৰুৱাদেৱেও অধিক মোহনীয় ৰূপত বর্ষাৰ ৰূপ প্রতিভাত কৰি তুলিছে৷ সুৰীয়া আৱেগ ঢ়ালি প্রাণ পাই উঠিছে সুৱদী গীতৰ আভা৷
লাহে লাহে আকাশ হৈ পৰে ফৰকাল৷ মুখ ওন্দোলাই দুখ মনে মেলানি মাগে বর্ষা৷ সেউজীয়া পথাৰৰ বুকুত ক্রমশঃ আধিপত্য বিস্তাৰ কৰি সোণগুটি ধাননিয়েও সোণোৱালী ৰহণ চৰায়৷ শৰতৰ সুবাসে আপ্লুত কৰে মন৷ আহিনৰ পথাৰৰ সোণোৱালী ধানে আনি দিয়ে অনাবিল আনন্দ৷
তথাপি পাহৰিব নোৱাৰি বর্ষাক৷ স্মৃতি হৈ উমলি থাকে মনৰ পেৰাত৷ আকুলতাৰে বাট চাই ৰও বর্ষা অহালৈ৷ ৰিমঝিম বৰষুণে নেপুৰ বজাই নামি আহিব এই ধৰালৈ৷ আশাৰ বতৰা দিব…. সেউজী পথাৰৰ সুগন্ধত উপচিব মন৷ কণমানিহঁতে কাগজৰ নাও সাজি উটুৱাই দিব পানীপটাৰ পানীত৷ ল’ৰালিৰ স্মৃতি সজীৱ–সতেজ হৈ উপচি পৰে মনৰ পেৰাত৷ যুগজয়ী গানৰ কলি ‘বর্ষা ঋতু ভাল পাওঁ মই৷ প্রতিশ্রুতি আছে তাত…..’ আওৰাই যেন ৰোমন্থন কৰোঁ বর্ষাক …..স্বাগতম জনাওঁ বর্ষাক৷