নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিগত এটা মাহত অসমৰ সাংবিধানিক সীমা অক্ষুণ্ণ আছেঃ মুখ্যমন্ত্রী

মিজোৰাম সীমাত হোৱা বিস্ফোৰণ চুবুৰীয়া ৰাজ্যৰ মাটিতহে হৈছে

নিয়মীয়া বাৰ্তা ১২ জুলাইঃ কাছাৰ জিলাৰ অসম–মিজোৰাম সীমান্তৰ ঢ়লাখালত কালি নিশা দুটাকৈ গ্রেনেড বিস্ফোৰণৰ ঘটনাই তীব্র আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে৷ কালি দিনৰ ভাগত সীমান্তৰ এটা পথ নির্মাণৰ কাম–কাজ পৰিদর্শন কৰিবলৈ যোৱা অসম চৰকাৰৰ এটা শীর্ষ প্রশাসনিক বিষয়াৰ প্রতিনিধি দলক লক্ষ্য কৰি মিজো দুষৃকতিকাৰীয়ে এটা গ্রেনেড নিক্ষেপ কৰে৷ ইয়াৰ ফলত কাছাৰ জিলাৰ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ সন্ধিয়াৰ ভাগত অসম চৰকাৰৰ প্রতিনিধি দলটো সীমান্তৰ পৰা গুচি অহাৰ পাছত নিশাৰ ভাগত মিজো দুষৃকতিকাৰীয়ে পুনৰ দুটাকৈ গ্রেনেড বিস্ফোৰণ ঘটাই শক্তি প্রদর্শন কৰে৷ অৱশ্যে কাছাৰৰ আৰক্ষী অধীক্ষক বৈভৱ চন্দ্রকান্ত নিম্বলকৰে কয় যে পৰিস্থিতি নিয়ন্ত্রণত আছে৷

ইফালে, দেওবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে যোৱা ছমাহ ধৰি মিজোৰাম সীমান্তৰ পৰিৱেশ উত্তেজিত হৈ আছে৷ যোৱা সময়ছোৱাত বিভিন্ন সংঘাত চলি আছে৷ অৱশ্যে যোৱা এটা মাহত অসমৰ সাংবিধানিক সীমা অক্ষুণ্ণ আছে৷ এটুকুৰা মাটিও কোনেও ল’ব পৰা নাই৷ সীমান্তত আউটপ’ষ্ট স্থাপনকে ধৰি বাট–পথ নির্মাণ কৰি অসমৰ সাংবিধানিক সীমা ৰক্ষা কৰাৰ ব্যৱস্থা কৰা হৈছে৷ কালিৰ বিস্ফোৰণ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কালি যি দুই–তিনিটা বোমা বিস্ফোৰণ হৈছে, সেয়া মিজোৰামৰ সীমাৰ মাটিতহে হৈছে৷ মিজোৰাম আৰক্ষীয়ে তাৰ তদন্ত কৰিব৷ অসমৰ আৰক্ষী বাহিনী সীমান্তত আছে৷ তাৰ পৰা অসম আৰক্ষী আঁতৰি অহা নাই৷ অসম আৰক্ষীৰ অতিৰিক্ত আৰক্ষী মহানির্দেশক পর্যায়ৰ বিষয়াৰ নেতৃত্বত আৰক্ষীৰ দল সীমান্তত বাহৰ পাতি আছে৷

You might also like