মঙলদৈৰ গধিয়াপাৰাত বিয়াৰ অভ্যর্থনাৰ পৰাই ক’ভিডৰ গণ সংক্রমণ
নিয়মীয়া বাৰ্তা ১২ জুলাইঃ দৰঙৰ হাজৰিকাপাৰা গাঁৱৰ পাছত এইবাৰ মঙলদৈ চহৰৰ নিকটৱর্তী গধিয়াপাৰা গাঁৱত পুনৰ বিবাহোত্তৰ আপ্যায়নৰ পৰা ব্যাপক হাৰত সংক্রমিত হৈছে ক’ভিড৷ ইতিমধ্যে জিলা স্বাস্থ্য বিভাগে সমগ্র গধিয়াপাৰা গাঁৱৰ শতাধিক স্থায়ী বাসিন্দাৰ স্বোৱাব পৰীক্ষা কৰি ২৫গৰাকীৰ শৰীৰত লাভ কৰিছে ক’ৰোনা ভাইৰাছ৷
গাঁওখনত বিবাহৰ পূর্বেও ১৫জনৰ শৰীৰত ক’ভিড চিনাক্ত হৈছিল যদিও শেহতীয়া বিয়াৰ আপ্যায়নে এনেদৰে পুনৰ ২৫জনৰ শৰীৰলৈ সংক্রমিত হোৱাত পৰিৱেশ উদ্বেগজনক হৈ পৰিছে৷ স্থানীয় গাঁওপ্রধানে সদৰী কৰা মতে, ১জুলাইৰ দিনা প্রয়াত নবীন ডেকাৰ পুত্র কুলেন্দ্র ডেকাৰ বিয়াৰ আয়োজন কৰা হৈছিল৷ ছিপাঝাৰ বিজুলীবাৰীৰ পৰা তৰামাই ডেকা নামৰ যুৱতীগৰাকীৰ পাণিগ্রহণ কৰিছিল কুলেন্দ্রই৷ পৰিয়ালৰ সদস্যৰে বিয়া সম্পাদন হয় যদিও দুদিন পাছত অর্থাৎ ৩ জুলাইৰ দিনা বিয়াৰ আপ্যায়নৰ দিহা কৰে৷ দৰাই সেইদিনা ৭০জনমান অভ্যাগতক আপ্যায়ন কৰা হয় বুলি দাবী কৰিছে যদিও প্রকৃততে কমেও ৩০০ লোক উপস্থিত আছিল সেইদিনা৷
পাছবিয়াৰ এই ভোজভাতৰ দিনা পৰিয়ালটোৰ ঘৰতে প্রথম ক’ভিড লক্ষণে দেখা দিয়ে৷ দৰা স্বয়ং কুলেন্দ্র ডেকা, তেওঁৰ মাতৃ মাধৱী ডেকাসহ বিবাহস্থলীৰ সমীপৰ পৰিয়াল আক্রান্ত হয়৷ বিয়াৰ পূর্বে ১৫গৰাকী আৰু বিবাহোত্তৰ কালত ২৫গৰাকীসহ সমুদায় ৪০গৰাকী আক্রান্ত হোৱাৰ পাছতো গধিয়াপাৰাৰ নির্দিষ্ট চুবুৰিটো কনটেইনমেণ্ট জ’ন ঘোষণা কৰা নাই স্বাস্থ্য বিভাগে৷ যাৰবাবে অধিক সংক্রমণৰ সম্ভাৱনা বিৰাজ কৰিছে৷ সম্প্রতি আক্রান্ত ২৫গৰাকী লোকৰ নিজ গৃহতে চিকিৎসা লৈ আছে৷