বিশ্ব ঐতিহ্যক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যানৰ বনকর্মী–ৰাইজক মাস্ক–ছেনিটাইজাৰ বিতৰণ দিক্ষু ফাউণ্ডেচনৰ
নিয়মীয়া বাৰ্তা ১২ জুলাইঃ গ্রামাঞ্চলসমূহত ক’ভিড মহামাৰীত আক্রান্তৰ সংখ্যা বৃদ্ধি হোৱাৰ প্রতি লক্ষ্য কৰি ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে দেওবাৰে বিশ্ব ঐতিহ্য ক্ষেত্র মানাহ ৰাষ্ট্রীয় উদ্যানত আহি উপস্থিত হয় জনপ্রিয় কণ্ঠশিল্পী দিক্ষুসহ কেইবাজনো কণ্ঠশিল্পী৷ ৰাষ্ট্রীয় উদ্যানখনৰ বাৰেঙাবাৰীত কণ্ঠশিল্পী দিক্ষুসহ সঁজাতী দলটোৱে বাঁহবাৰী,বাৰেঙাবাৰীৰ স্থানীয় ৰাইজ–ৰাষ্ট্রীয় উদ্যানখনৰ কেইবাজনো বনকর্মীৰ লগতে সংবাদকর্মীৰ মাজত দীক্ষু ফাউণ্ডেচনৰ উদ্যোগত বিতৰণ কৰে মাস্ক আৰু ছেনিটাইজাৰ৷ গ্রামাঞ্চলৰ লোকক ক’ভিড মহামাৰীৰ ওপৰত সজাগ কৰাৰ উদ্দেশ্যে বিতৰণ কৰে মাস্ক–ছেনিটাইজাৰ৷
মাস্ক বিতৰণৰ মাজতেই সাংবাদিকৰ আগত কণ্ঠশিল্পী দিক্ষুৱে ক’ভিড মহামাৰীৰ বাবে বিগত দুটা বছৰত ৰাজ্যৰ শিল্পী, সাংস্কৃতিক কর্মীসকল বিভিন্ন প্রকাৰে ক্ষতিগ্রস্ত হৈছে বুলি উল্লেখ কৰি ৰাজ্যৰ শিল্পীসকলক গান, অভিনয়ৰ উপৰি স্বাৱলম্বী হোৱাকৈ ভিন্ন ক্ষেত্রত আত্মনিয়োগ কৰিবলৈ আহ্বান জনায়৷ দিক্ষুৱে মানাহৰ দাঁতিকাষৰীয়া অঞ্চলৰ ৰাইজক সকাহ দিয়াৰ উদ্দেশ্যে ক’ভিড মহামাৰীৰ জটিল পৰিস্থিতি শাম কটাৰ পাছতে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ কথা অৱগত কৰে৷ সাংবাদিকৰ অনুৰোধমর্মে কণ্ঠশিল্পী দিক্ষুৱে মুক্তিলাভ কৰাৰ পূর্বে ‘শাওনৰ শেতেলি’ শীর্ষক নতুনকৈ বাণীবদ্ধ কৰা গীতটো গুণগুণাই দিয়ে৷
সজাগতামূলক কার্যসূচীটোত দিক্ষুৰ সৈতে কার্যসূচীত অংশগ্রহণ কৰি পত্নী বিজায়েতা পাটগিৰিয়ে ‘পথাৰ আমাৰ বজাৰ আমাৰ’ শ্লোগানেৰে ‘ভূমি’ নামৰ এখন এলবাম ৰাইজৰ বাবে মুকলি কৰাৰ কথা অৱগত কৰাৰ লগতে দিক্ষু ফাউণ্ডেচনৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন প্রান্তত সজাগতামূলক কার্যসূচী ৰূপায়ণ কৰাৰ সমান্তৰালকৈ বিভিন্ন প্রান্তত মাস্ক–ছেনিটাইজাৰ বিতৰণ কৰি আহিছে বুলি জানিবলৈ দিয়ে৷
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশত ৰাজ্যত অসম আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে চলোৱা তীব্র অভিযানক আদৰণি জনায় আৰু যুৱপ্রজন্মৰ ড্রাগ্ছৰ পৰা আঁতৰি থাকি এখন সুস্থ সমাজ গঢ়াৰ আহ্বান জনায় দিক্ষু আৰু তেওঁৰ পত্নী বিজায়েতা পাটগিৰিয়ে৷ দেওবাৰৰ এই সজাগতামূলক কার্যসূচীত দিক্ষু ফাউণ্ডেচনৰ সম্পাদক নিতেশ ভট্টাচার্য, অভিনেত্রী জুনজুন বৰা, ৰবীন ৰাজবংশী, স্বপ্ণালী গোস্বামী, অনুপম কাকতিৰ লগতে স্থানীয় প্রকৃতিপ্রেমী টিকেন কলিতাসহ কেইবাজনো শিল্পী, সমাজকর্মী উপস্থিত থাকে৷