শিৱসাগৰক ৰাজ্যিক নহয় বিশ্ব ঐতিহ্য ক্ষেত্র ৰূপে গঢ়াৰ লক্ষ্য চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ১৪ জুলাই: শিৱসাগৰক ৰাজ্যিক ঐতিহ্য নগৰ বা ক্ষেত্র হিচাপে ঘোষণা কৰিবলৈ বিধায়ক অখিল গগৈয়ে মঙলবাৰে সদনৰ মজিয়াত দাবী তোলে৷ বিধানসভাত সদস্যৰ সময় শীর্ষক কার্যসূচীত শিৱসাগৰক লৈ দাঙি ধৰা বক্তব্যত বিধায়কজনে কয় যে ইতিমধ্যে ‘হূদয়’ যোজনাৰ জৰিয়তে ভাৰতবর্ষৰ ১৩খন নগৰক ৰাষ্ট্রীয় ঐতিহ্য নগৰ হিচাপে ঘোষণা কৰা হৈছে৷ দেশৰ ১৪সংখ্যক নগৰ হিচাপে শিৱসাগৰক ৰাষ্ট্রীয় ঐতিহ্য নগৰ হিচাপেও স্বীকৃতি দিব লাগে৷
অখিল গগৈৰ বক্তব্যৰ প্রত্যুত্তৰ দি সাংস্কৃতিক তথা পর্যটন মন্ত্রী বিমল বৰাই কয়– ‘শিৱসাগৰ কেৱল অসমৰেই নহয়, শিৱসাগৰ কেৱল ভাৰতৰে নহয়, সমগ্র বিশ্বৰ কাৰণে গুৰুত্বপূর্ণ, ইতিহাস বিজড়িত এক ভূমিখণ্ড– য’ত এখন সমাজৰ প্রাণ প্রতিষ্ঠা আৰম্ভ হৈছিল, যি স্থানৰ পৰা অসমৰ ভৱিষ্যতৰ জীৱনৰ ৰূপৰেখাৰ চিন্তাৰ বীজ অংকুৰিত হৈছিল৷ শিৱসাগৰ কেৱল চাৰিসীমাৰে পৰিৱেষ্টিত এখন নগৰ বা চহৰ নহয়, এই ভূমিখণ্ডৰ সৈতে জড়িত হৈ আছে বহু ইতিহাস, বহু স্মৃতি, শৌর্য, বীর্য, ত্যাগ, গৌৰৱ, মর্যাদা, স্বাভিমান তথা আত্মসন্মান৷ শিৱসাগৰক কেৱল এটা আঞ্চলিকতাবাদী চিন্তাৰ মাজত আবদ্ধ কৰি ৰাখিলেই নহ’ব, শিৱসাগৰক বিশ্বৰ দৰবাৰ হিচাপে প্রতিষ্ঠা কৰিব লাগিব৷’
শিৱসাগৰক কেৱল ৰাজ্যিক ঐতিহ্য ক্ষেত্র হিচাপেই নহয়, বিশ্বৰ ঐহিত্য ক্ষেত্র ৰূপে জিলিকাই তোলাৰ বাবে চৰকাৰে উপযুক্ত পদক্ষেপ ল’ব বুলি সদনত মন্তব্য কৰে মন্ত্রীগৰাকীয়ে৷ অখিল গগৈৰ বক্তব্যৰ প্রত্যুত্তৰত মন্ত্রী বিমল বৰাই কয় যে মিছৰৰ পিৰামিড যিদৰে আশ্চর্য, তেনেদৰে চৰাইদেউৰ মৈদামসমূহৰো যথেষ্ট গুৰুত্ব আছে আৰু ২০১৪ চনতেই বিশ্ব ঐতিহ্যৰ সম্ভাব্য তালিকাত ই অন্তর্ভুক্ত হৈ আছে৷ ঐতিহ্যমণ্ডিত যিকোনো এক স্থানক ঐতিহ্য ক্ষেত্র হিচাপে ঘোষণা কৰিবলৈ হ’লে বহু নীতি, গাইডলাইন, কাৰিকৰী দিশ অনুসৰণ কৰিবলগীয়া হয় বুলি উল্লেখ কৰি মন্ত্রীগৰাকীয়ে কয় যে আগন্তুক দিনত ইতিহাসপ্রসিদ্ধ শিৱসাগৰক এক মর্যাদাসম্পন্ন তথা ন–ৰূপত গঢ়ি তোলাৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্র হিচাপেও জিলিকাই তোলাৰ চেষ্টা কৰা হ’ব৷ ইয়াৰ পূর্বে অখিল গগৈয়ে তেওঁৰ ভাষণত কয় যে ‘শিৱসাগৰত ৫৫১টা ঐতিহাসিক কীর্তিচিহ্ণ আছে যি পৃথিৱীৰ কোনো স্থানত পাবলৈ নাই৷ শিৱসাগৰৰ গ্রাম্য জীৱন অতুলনীয় আৰু এনে পৰিৱেশ ক’তো পাবলৈ নাই৷ গাঁৱৰ বাৰীবোৰ মোমাই তামুলীয়ে যেনেদৰে নিপুণভাৱে পাতিছিল সেয়া ক’তো পাবলৈ নাই৷ শিৱসাগৰৰ বিহু অতি পুৰণি বিহু৷’ এই মন্তব্য কৰি শিৱসাগৰক ৰাজ্যিক ঐতিহ্য হিচাপে ঘোষণাৰ দাবী জনালে বিধায়ক অখিল গগৈয়ে৷