মৰিগাঁৱৰ ধৰমতুল কাণ্ডত বহিঃৰাজ্যৰ চিকিৎসক জড়িত থকাৰ সন্দেহ স্থানীয় ৰাইজৰ
ঘটনাৰ বুজ ল’বলৈ গৈ গাঁওবাসীৰ ৰোষত সাংসদ প্রদ্যুৎ বৰদলৈ ৰাজনীতি নকৰিবলৈ কঠোৰ সকীয়নি
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ জাগীৰোডৰ দক্ষিণ ধৰমতুলৰ কিড্নী বিক্রী কাণ্ডৰ ন ন তথ্য পোহৰলৈ আহিছে৷ অঞ্চলটোৰ একাংশই আর্থিক দীনতাৰ বাবে কিড্নী বিক্রী কৰাৰ বিপৰীতে আন একাংশই লাহ–বিলাহৰ জীৱন কটোৱাৰ বাবেও কিড্নী বিক্রী কৰিছে বুলি সদৰী কৰিছে স্থানীয় লোকে৷ আনহাতে, এই সমগ্র প্রক্রিয়াটোত উদগনি যোগাইছিল একাংশ মধ্যভোগী দালালে৷ এইসমূহ মধ্যভোগীয়ে নিৰক্ষৰ লোকক বুজাই দিছিল যে এটা কিড্নীৰেও অসুবিধা নোহোৱাকৈ জীৱন যাপন কৰিব পাৰি আৰু কিড্নী বিক্রী কৰি সহজতে লক্ষ লক্ষ টকা উপার্জন কৰি কম দিনতে ধনী হ’ব পাৰি৷
আনহাতে, সমগ্র প্রক্রিয়াটোৰ চিকিৎসা সম্পর্কীয় নথি–পত্রৰ লগতে সমগ্র আইনগত বিষয়সমূহ এই মধ্যভোগীসকলে আগবঢ়াই দিছিল৷ এই সমগ্র কিড্নী বিক্রী কাণ্ডৰ লগত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ একাংশ চিকিৎসকো জডিত থকাৰ অভিযোগ কৰে স্থানীয় লোকে৷ কিয়নো চিকিৎসকৰ অনুমতি অবিহনে এজনৰ পৰা আন এজনৰ দেহলৈ অংগ সংৰোপণৰ ক্ষেত্রত আইনসংগত যথেষ্ট বাধ্য–বাধকতা আছে৷ ইতিমধ্যে ঘটনা সন্দর্ভত কেইবাজনকো আটক কৰিছে যদিও ঘটনাৰ মূল মাষ্টাৰ মাইণ্ড ৰূপে অভিহিত প্লাৱন বৰঠাকুৰ এইপর্যন্ত পলাতক অৱস্থাত আছে৷ যদিহে অসম আৰক্ষীয়ে প্লাৱন বৰঠাকুৰক আটক কৰিবলৈ সক্ষম হয়, তেন্তে এই কিড্নী বিক্রী ৰেকেটৰ লগত কোন কোন চিকিৎসক জডিত, সেয়া ওলাই পৰিব৷
বুধবাৰে দক্ষিণ ধৰমতুলত এই কিড্নী সৰবৰাহ কাণ্ডৰ বুজ ল’বলৈ উপস্থিত হয় নগাঁও লোকসভাৰ সাংসদ প্রদ্যুৎ বৰদলৈ৷ তেওঁ গাঁওখনৰ কেইবাটাও ভুক্তভোগী পৰিয়ালৰ লগত পৰিস্থিতি সন্দর্ভত মত বিনিময় কৰে৷ সাংসদ প্রদ্যুৎ বৰদলৈয়ে সাংবাদিকক ভাষ্য দি থকাৰ সময়তে গাঁৱৰ একাংশই এই কিড্নী সৰবৰাহ কাণ্ডক লৈ ৰাজনীতি নকৰিবলৈ আহ্বান জনায় সাংসদগৰাকীক৷ সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি৷ অৱশ্যে সাংসদগৰাকীয়ে গাঁওবাসীক বুজনি দিয়ে আৰু পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা চলায়৷
ইয়াৰ পাছতে সাংসদগৰাকীৰ বিৰুদ্ধে স্থানীয় একাংশই গ’ বেক ধ্বনি দিয়ে৷ মানৱ অংগ সৰবৰাহৰ অবৈধ কাণ্ডৰ বিষয়ে সাংসদগৰাকীয়ে বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ তেওঁ এই অবৈধ কার্যকলাপৰ উচিত তদন্ত দাবী কৰি বিষয়টো সংসদৰ মজিয়াতো সজোৰে উত্থাপন কৰিব বুলি মন্তব্য কৰে৷ তেওঁ ইতিমধ্যে জে’ললৈ প্রেৰণ কৰা অভিযুক্ত ৰমেন মেধি বিজেপিৰ সদস্য বুলিও অভিযোগ কৰিছে৷ লগতে তেওঁ এই বিষয়টোৰ লগত জি এম চি এইচৰ নামটো সাঙোৰ খাই পৰাৰ বিষয়েও তদন্ত হ’ব লাগে বুলি কয়৷ সাংসদগৰাকীক স্থানীয় এগৰাকী যুৱতীয়ে এই কাণ্ডৰ লগত স্থানীয় জনৈক সীমান্ত দাস নামৰ লোকজন জডিত বুলি অভিযোগ দিয়ে৷