জনসমাগম নিয়ন্ত্রণ কৰিবলৈ কেন্দ্রৰ নির্দেশনা
নতুনকৈ পজিটিভ ২,০৪৭ গোলাঘাট জিলাত সর্বাধিক ২২৮জন আক্রান্তঃ ৰাজ্যত ক’ভিডত পুনৰ মৃত্যু ২২জনৰ
নিয়মীয়া বাৰ্তা ১৫ জুলাইঃ আসন্ন ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক লৈ এলার্ট জাৰি কৰিছে কেন্দ্রীয় চৰকাৰে৷ দেশৰ ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহলৈ ক’ৰোনা ভাইৰাছৰ তৃতীয় জোৱাৰক ৰুধিবলৈ সঠিক আচৰণ মানিবলৈ পত্রযোগে নির্দেশ দিছে কেন্দ্রীয় চৰকাৰে৷ তৃতীয় জোৱাৰ প্রতিহত কৰিবলৈ হ’লে জনসমাগম নিয়ন্ত্রণ কৰিব লাগিব৷ অন্যথা প্রতিবন্ধকতা পুনৰ বলৱৎ কৰিব লাগিব বুলিও নির্দেশনাত স্পষ্ট কৰি দিছে কেন্দ্রই৷ কেন্দ্রীয় গৃহ সচিব অজয় ভাল্লাই প্রেৰণ কৰা পত্রখনত উল্লেখ কৰা হৈছে যে দেশৰ ভিন্ন প্রান্তত বিশেষকৈ ৰাজহুৱা পৰিবহণ আৰু পাহাৰীয়া ৰাজ্যসমূহত ক’ভিড নির্দেশনা ব্যাপক হাৰত উলংঘন কৰা হৈছে৷
বজাৰসমূহত জনতাই ভিৰ কৰিছে, কোনো ধৰণৰ সামাজিক দূৰত্বৰ নিয়ম মানি চলা নাই৷ এনে পৰিপ্রেক্ষিতত ক’ভিড–১৯ৰ তৃতীয় জোৱাৰক দেশবাসীয়ে আমন্ত্রণ কৰাৰ লেখীয়া হ’ব বুলি উল্লেখ কৰি কেন্দ্রীয় গৃহ সচিবগৰাকীয়ে ৰাজ্য আৰু কেন্দ্রীয়শাসিত অঞ্চলসমূহক ক’ভিড প্রট’কল সঠিকভাৱে মানি চলিবলৈ নির্দেশ দিছে৷
ইপিনে ক’ভিড–১৯ৰ দ্বিতীয় জোৱাৰৰ সংক্রমণৰ হাৰ নিম্নগামী হৈ আছে যদিও দেশত এতিয়াও এদিনত ৩৮ সহস্রাধিক লোক আক্রান্ত হৈ আছে৷ যোৱা ২৪ ঘণ্টাত দেশজুৰি আক্রান্ত হৈছে ৩৮,৭৯২৷ এই সংখ্যা কালিৰ তুলনাত ১ হাজাৰ অধিক৷ এনেদৰে যোৱা ২৪ ঘণ্টাত মৃত্যু ঘটিছে ৬২৪জনৰ৷ লক্ষণীয় যে কালি দেশত ২,০২০জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে যোৱা ২৪ ঘণ্টাত ৬২৪জনৰ মৃত্যু ঘটাটো সামান্য সকাহমূলক৷ কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ৪১ হাজাৰ লোক সুস্থ হৈ উঠিছে৷
ইয়াকে লৈ সুস্থ হোৱা লোকৰ সংখ্যা ৩,০১,০৪,৭২০লৈ বৃদ্ধি পাইছে৷ তেনেদৰে ৩৮,৭৯২জন আক্রান্ত হোৱাত মুঠ সংখ্যা ৩,০৯,৪৬,০৭৪জনলৈ বৃদ্ধি পাইছে৷ দেশত সম্প্রতি সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ৪,২৯,৯৪৬জন৷ মৃতকৰ সংখ্যা ৪,১১,৪০৮জন৷ উল্লেখ্য যে আজি পুৱা ৬ বজালৈকে দেশজুৰি মুঠ ৩৮,৭৬,৯৭,৯৩৫ ড’জ ভেকচিন প্রদান কৰা হৈছে৷ উনুকিয়াব পাৰি যে প্রথম জোৱাৰৰ তুলনাত দ্বিতীয় জোৱাৰত দেশত অধিক লোকৰ প্রাণহানি হৈছে৷ তথ্যমতে প্রথম জোৱাৰৰ তুলনাত দ্বিতীয় জোৱাৰত প্রায় ১ লাখ লোকৰ মৃত্যু ঘটিছে৷ স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি দ্বিতীয় জোৱাৰত অর্থাৎ ১ মার্চ, ২০২১ৰ পৰা এতিয়ালৈকে দেশত প্রাণহানি হৈছে ২.৫৪ লাখৰ৷ ইয়াৰ পূর্বে ২০১৯ চনত ক’ভিড পাদুর্ভাৱ হোৱাৰ সময়ৰে পৰা দ্বিতীয় জোৱাৰ অহাৰ আগমুহূর্তলৈকে দেশত মৃত্যু ঘটিছিল ১.৫৭ লাখ৷ দুয়োটা জোৱাৰ মিলি দেশত ৪,১১,৪৩৫জনৰ মৃত্যু ঘটিছে৷
নতুনকৈ পজিটিভ ২,০৪৭ঃ গোলাঘাট জিলাত সর্বাধিক ২২৮জন আক্রান্ত
ৰাজ্যত সামান্য পৰিমাণে হ্রাস পাইছে ক’ভিডৰ সংক্রমণ৷ বুধবাৰে ৰাজ্যত ক’ভিডৰ সংক্রমণ ১.৫৪ শতাংশলৈ হ্রাস পাইছে৷ আজি নতুনকৈ আক্রান্ত হৈছে ২,০৪৬জন৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ২২৮জন গোলাঘাট জিলাৰ৷ তদুপৰি কামৰূপ মহানগৰৰ ২০৭জন, শিৱসাগৰৰ ১২২জন আৰু লখিমপুৰৰ ১১৫জন লোক ক’ভিডত আক্রান্ত হৈছে৷ বিগত ২৪ ঘণ্টাত ১,৩২,৫৫৭টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ২২জন লোকৰ৷ মৃত্যু হোৱা লোকসকলৰ ভিতৰত সর্বাধিক ৩জন লোক লখিমপুৰৰ৷ তদুপৰি গোলাঘাট–যোৰহাট–কা মহনগৰ–কার্বি আংলঙৰ দুজনকৈ আৰু কাছাৰ–চিৰাং–ডিব্রুগ এজনকৈ লোকৰ মৃত্যু ঘটিছে ক’ভিডত৷ আজি ক’ভিডৰ পৰা সুস্থ হৈছে ২,৬৫৫জন৷ সম্প্রতি চিকিৎসাধীন হৈ থকা ৰোগীৰ সংখ্যা হৈছে ১৯,৬৫৩জন৷