নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিশ্রুতি পূৰণৰ বাজেটঃ এটকাও অতিৰিক্ত কৰ আৰোপ নকৰাকৈ ২০২১–২২ বর্ষৰ বাজেট

নিয়মীয়া বাৰ্তা, ১৭ জুলাইঃ বর্তমানৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ বিত্তমন্ত্রী হিচাপে থকাৰ সময়ত যোৱা ৫টা বছৰত জনসাধাৰণৰ ওপৰত কোনোধৰণৰ অতিৰিক্ত কৰ বা বিত্তীয় বোজা নিদিয়াকৈ বাজেট দাখিলৰ ঐতিহাসিক ধাৰা অব্যাহত ৰাখি শুকুৰবাৰে বিত্তমন্ত্রী অজন্তা নেওগে জনসাধাৰণৰ ওপৰত কোনোধৰণৰ অতিৰিক্ত কৰা আৰোপ নকৰাকৈ ২০২১–২২ বিত্তীয় বর্ষৰ বাজেট দাখিল কৰে৷

বছৰটোৰ বাবে বিত্তমন্ত্রী নেওগে ৫৬৬.২০ কোটি টকা ঘাটিৰে ১,০৭,৫৫৬.২৯ কোটি টকাৰ বাজেট দাখিল কৰে৷ সদনত দাখিল কৰা বাজেট প্রাক্কলনত বছৰটোত ৰাজ্যখনৰ একত্রীকৃত নিধিত মুঠ ১,০৭,৩১৭.৫৪ কোটি টকাৰ প্রাপ্তি প্রদর্শন কৰা হৈছে৷ ইয়াৰে ৮৮,৯৭৯.৪০ কোটি টকা ৰাজহ শিতানত আৰু বাকী থকা ১৮,৩৩৮.১৪ কোটি টকা মূলধন শিতানত৷ ৰাজহুৱা শিতানত ১,৮২,২৫৩.১৪ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০ কোটি টকা যোগ হোৱাৰ পাছত সর্বমুঠ আদায়ৰ পৰিমাণ হ’ব ২,৮৯,৭৭০.৬৮ কোটি টকা৷

ইয়াৰ বিপৰীতে ২০২১–২২ বর্ষত ৰাজ্যখনৰ একত্রীকৃত নিধিৰ পৰা সর্বমুঠ ব্যয়ৰ পৰিমাণ ১,০৭,৫৫৬.২৯ কোটি টকা বুলি অনুমান কৰা হৈছে৷ ইয়াৰে ৰাজহ শিতানত ৮৪,৪০৫.৪৭ কোটি টকা আৰু মূলধন শিতানত ২৩,১৫০.৮২ কোটি টকা৷ ৰাজহুৱা শিতানত হোৱা ব্যয় ১,৮১,৬১০.৮১ কোটি টকা আৰু উপনিমিত্ত পুঁজিৰ অধীনত ২০০ কোটি টকাৰে বছৰটোৰ সর্বমুঠ প্রাক্কলিত ব্যয়ৰ পৰিমাণ হ’ব ২,৮৯,৩৬৭.১০ কোটি টকা৷ এইদৰে বছৰটোত হোৱা প্রাক্কলিত লেনদেনৰ বাবদ আনুমানিক ৪০৩.৫৮ কোটি টকা ৰাহি হ’ব৷ ইয়াৰ লগত বছৰটোৰ আৰম্ভণিৰ ঘাটি ৯৬৯.৭৮ কোটি টকাৰ হিচাপ মিলালে ২০২১–২২ বর্ষৰ শেষলৈ বাজেট ঘাটিৰ পৰিমাণ হ’ব ৫৬৬.২০ কোটি টকা৷ কৰ ব্যৱস্থাৰ ওপৰত আলোকপাত কৰি বিত্তমন্ত্রী নেওগে কয় যে ২০২০–২১ বর্ষত ক’ভিত অতিমাৰীৰ বাবে অর্থনৈতিক অৱনমন সত্ত্বেও পূর্বৱর্তী বছৰটোত ১৪,৯৬৭ কোটি টকা সংগ্রহৰ বিপৰীতে কৰ বিভাগে ১৪,৬৪৫ কোটি টকা সংগ্রহ কৰে৷

২০২১–২২ চলিত বিত্তীয় বর্ষৰ প্রথম তিনি মাহত যোৱা বছৰৰ প্রথম তিনি মাহৰ ১,৯২০ কোটি টকাৰ তুলনাত ক’ভিডৰ দ্বিতীয়টো ঢ়ৌ চলি থকা সত্ত্বেও কৰ বিভাগে কৰ সংগ্রহ ৩,৫০১ কোটি টকালৈ বৃদ্ধি কৰিবলৈ সক্ষম হয়৷ বাণিজ্যিক কৰ সংস্কাৰৰ ক্ষেত্রত যোৱা ৫ বছৰত বিভিন্ন দিশত গ্রহণ কৰা বিভিন্ন উপায়ৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে উপান্ত কৰদাতাসকলৰ বাবে কৰাৰোপণ গাঁথনিৰ উচ্চ সীমা ৭৫ লাখ টকাৰ পৰা ১৫০ লাখ টকালৈ বৃদ্ধি কৰা হয়৷ সামগ্রী আৰু সেৱা কৰৰ অধীনত পঞ্জীয়নৰ আৰম্ভণিৰ সীমাও মূল্য সংযোজিত কৰৰ অধীনত ৬ লাখ টকাৰ তুলনাত ৪০ লাখ টকালৈ বৃদ্ধি কৰা হৈছে, যিয়ে ক্ষুদ্র আৰু উপান্ত কৰদাতাসকলৰ কৰৰ বোজা লাঘৱ কৰাটো সহজ কৰি তুলিছে৷

ৰাজ্যখনৰ চাহ খণ্ডৰ উন্নয়ন সাধনৰ অর্থে তথা ইয়াৰ বহনক্ষম বিকাশৰ বাবে ২০১৯ চনৰ ১ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ চৰকাৰে চাহ বাগানসমূহে উৎপাদন কৰা আৰু ক্রয় কৰা কেঁচা চাহপাতৰ কৰ পৰিশোধৰ ক্ষেত্রত তিনি বছৰৰ বাবে কৰ সকাহৰ ব্যৱস্থা কৰিছে৷ তদুপৰি জলৱায়ু পৰিৱর্তন আৰু অন্যান্য কাৰকৰ বাবে ক্ষতিৰ সন্মুখীন হোৱা চাহ খণ্ডটোৰ প্রসাৰ তথা এই খণ্ডটোলৈ সহায় আগবঢ়োৱাৰ অর্থে চৰকাৰে ২০২০ চনৰ এক এপ্রিলৰ পৰা কার্যকৰী হোৱাকৈ তিনি বছৰৰ বাবে কৃষি আয়কৰ পৰিশোধৰ ক্ষেত্রত সম্পূর্ণ ৰেহাই প্রদান কৰিছে৷ নতুন বিনিয়োগক আকর্ষিত কৰিবলৈ নতুন উদ্যোগৰ বাবে অসম ঔদ্যোগিক নীতিৰ অধীনত ৰাজ্যিক সামগ্রী আৰু সেৱা কৰ পৰিষদ আঁচনি প্রৱর্তন কৰি এতিয়ালৈ যোগ্য উদ্যোগসমূহলৈ ৭৮৩.৬১ কোটি টকা পৰিশোধ কৰা হৈছে৷ সেইদৰে অসম কৰাৰোপণ (বকেয়া ধন পৰিশোধ) আইন ২০১৯ৰ জৰিয়তে ক্ষমাদান আঁচনি গ্রহণ কৰে৷ বহুদিন ধৰি পৰি থকা বকেয়া ধন পৰিশোধৰ বাবে ২০২১–২২ বিত্তীয় বর্ষতো এই আঁচনিখন অনাৰ প্রস্তাৱ ৰখা হৈছিল৷ ক’ভিড সম্পর্কীয় গুৰুত্বপূর্ণ সা–সামগ্রীৰ ব্যয় হ্রাস কৰাৰ অর্থে সামগ্রী আৰু সেৱা কৰ ৰেহাই আৰু কৰৰ নিৰিখ হ্রাসকৰণ চলিত বর্ষৰ ৩০ ছেপ্ঢেম্বৰলৈ কৰা হৈছে৷ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি এই ৰেহাইৰ সময় বৃদ্ধি পাব পাৰে৷

সেইদৰে ক’ভিড মহামাৰীৰ ভয়াৱহতাৰ পৰিপ্রেক্ষিতত সামগ্রী আৰু সেৱা কৰৰ অধীনত কৰদাতাসকললৈ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে৷ সামগ্রী আৰু সেৱা কৰ বহির্ভূত আইনৰ স্বয়ংক্রিয়কৰণ কৰা হৈছে৷ আবকাৰীৰ সংস্কাৰৰ বাবে ২০১৬–১৭ বর্ষত ৯৬৬.৩২ কোটি টকা ৰাজহ সংগ্রহৰ বিপৰীতে ২০২০–২১ বর্ষত এই ৰাজহ ২,০৩১.০৫ কোটি টকালৈ বৃদ্ধি পাইছে৷ বন বিভাগৰ ৰয়েল্টী পৰৱর্তী বিত্তীয় বর্ষত তিনিগুণ বৃদ্ধিৰ লক্ষ্য লোৱা হৈছে৷ ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ ‘জয় হওক পোহৰৰ জয়/জয় হওক মানৱৰ মহত্ত্বৰ/আদর্শৰ জয়/চিৰ মংগলৰ, চিৰ কল্যাণৰ/জগতৰ এই মহাবিকাশৰ/জয় হওক যুগে যুগে/চিৰ সুন্দৰৰ জয়’ কবিতা আওৰাই অসমৰ প্রথমগৰাকী মহিলা বিত্তমন্ত্রী হিচাপে নেওগে আজি বিয়লি তিনি বজাত সদনত বাজেট ভাষণ আৰম্ভ কৰে৷ ক’ভিড অতিমাৰীয়ে ২০২০ বর্ষৰ পৰা এতিয়ালৈকে অসমৰ অর্থনৈতিক অৱস্থাত বিস্তৰ প্রভাৱ পেলোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে এই বাজেটখন কেৱল এটা বছৰৰ বাবে প্রস্তুত কৰা জমা–খৰচৰ বিপৰীতে কৰিব বিচাৰিছোঁ বর্তমানৰ চৰকাৰখনৰ পৰৱর্তী ৫ বছৰীয়া কার্যকালৰ এক দলিল– এখন ভিজন ডকুমেণ্ট৷ বিগত বিধানসভা নির্বাচনৰ আগেয়ে এটা বিস্তৃত লক্ষ্য লৈ আত্মনির্ভৰ অসমৰ বাবে এখন সংকল্পপত্র প্রস্তুত কৰা হৈছিল৷ সেই সংকল্পপত্রত উল্লেখ কৰা আটাইবোৰ বিষয়কে এইখন বাজেটত নিশ্চয় সামৰিব পৰা নাই৷ কিন্তু এই সংকল্পপত্রৰ প্রতিটো বিষয়ৰ প্রতি আমি সমর্পিত থাকিম আৰু ৫ বছৰীয়া কার্যকালৰ ভিতৰত সেইসমূহৰ ৰূপায়ণৰ বাবে সততাৰে চেষ্টা চলাম৷

অসম আৰু উত্তৰ–পূর্বাঞ্চল এতিয়া বিশেষ গুৰুত্বপ্রাপ্ত অঞ্চল৷ পূর্বতে অঞ্চলটোৱে এনে গুৰুত্ব পোৱা নাছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ আশীর্বাদৰ বাবে এই নজিৰবিহীন গুৰুত্ব লাভ কৰাটো সম্ভৱ হৈছে৷ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ প্রতিও কৃতজ্ঞতা প্রকাশ কৰি বিত্তমন্ত্রী নেওগে কয় যে অঞ্চলটোত শান্তি অবিহনে উন্নয়নমূলক কাম–কাজ সম্ভৱ নহয়৷ এক দূৰদৃষ্টিসম্পন্ন দৃষ্টিভংগীৰে কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে এখন শান্তিপূর্ণ উত্তৰ–পূব ভাৰতৰ বাবে অক্লান্তভাৱে কাম কৰি আহিছে আৰু অঞ্চলটোৰ সর্বাংগীণ উন্নয়ন নিশ্চিত কৰিছে৷ ক’ভিড অতিমাৰীৰ বিৰুদ্ধে অসমেও প্রত্যাহ্বান গ্রহণ কৰি যুঁজ চলাই যাবলগীয়া হোৱাৰ কথা উল্লেখ কৰি বাজেট ভাষণত তেওঁ কয় যে কোনো কাৰণতে যাতে স্বাস্থ্যখণ্ডৰ যুঁজাৰুসকলে অর্থনৈতিকভাৱে কোনো অভাৱ অনুভৱ নকৰে, তাৰ বাবে চৰকাৰখন সকলো সময়তে সজাগ আৰু সচেতন হৈ আছে৷ ক’ভিড যুঁজৰ বাবে প্রয়োজনীয় ধনৰ যোগান চৰকাৰে প্রধান দায়িত্ব হিচাপে গ্রহণ কৰিছে আৰু ভৱিষ্যতলৈও কৰি যাব৷ ইয়াৰ সমান্তৰালভাৱে ৰাজ্যখনত উন্নয়নৰ গতি ক্ষিপ্রতাৰে আগুৱাই লৈ যোৱাত গুৰুত্ব দিছে৷ ২০১৬ চনত বিজেপি মিত্রজোঁটৰ চৰকাৰে দাখিল কৰা প্রথমখন বাজেটত চৰকাৰখনৰ নীতি আৰু ৰূপৰেখাসমূহ প্রতিফলিত হৈছিল৷ তাত সুশাসনৰ আর্হিটোৰ চাৰিটা স্তম্ভ চিনাক্ত কৰা হৈছিল৷

সেই স্তম্ভ চাৰিটা আছিল ব্যক্তি জীৱনৰ সততা, ৰাজনৈতিক অন্তর্ভুক্তিকৰণ, প্রশাসনিক ন্যায্যতা আৰু জন অংশীদাৰিত্ব৷ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ একাত্মক মানৱতাবাদ আৰু স্বামী বিবেকানন্দই আগবঢ়োৱা মানৱ সম্পদ সৃষ্টি আৰু ৰাষ্ট্র নির্মাণৰ ‘তুর্য নিনাদ’ৰ আদর্শৰ পৰা অনুপ্রেৰণা আহৰণ কৰা হৈছিল৷ য’ত তেওঁলোকে সাফল্যৰ মূল ধাৰাৰ কথা অৱগত কৰিছিল৷ মুখ্যমন্ত্রী ড০ শর্মায়ো এই মন্ত্রকে মূলতঃ সাৰোগত কৰি ৰাইজক সেৱা কৰি যাব বিচাৰিছে৷ উক্ত চাৰিটা স্তম্ভৰ উপৰি বহনক্ষম উন্নয়ন বা বিৰামহীন উন্নয়নৰ লক্ষ্যৰে অর্থনৈতিক উন্নয়ন, আন্তঃগাঁথনি উন্নয়ন, ঔদ্যোগিক উন্নয়ন আৰু শক্তিৰ উপলব্ধতাৰ জৰিয়তে বহনক্ষম বিকাশৰ এক ৰূপৰেখা তৈয়াৰ কৰিব বিচৰা হৈছে৷ বর্তমানৰ চৰকাৰে আন্তৰিকতাৰে এইক্ষেত্রত অহা সকলো বাধা আঁতৰাই নিজস্ব লক্ষ্যত উপনীত হ’বলৈ দুগুণ উৎসাহেৰে কাম কৰিবলৈ সংকল্পবদ্ধ৷

ৰাজ্যৰ সাম্প্রতিক বিত্তীয় অৱস্থাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী নেওগে কয় যে এখন ৰাজ্যৰ অর্থনৈতিক অৱস্থাৰ প্রতিফলন ঘটাব পৰা মূল সূচক হৈছে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন (জি এছ ডি পি), চলমান মূল্যৰ ২০১৫–১৬ বিত্তীয় বর্ষত ২,২৭,৯৫৯ কোটি টকা হোৱাৰ বিপৰীতে ২০১৯–২০ বর্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন ৩,৫১,৩১৮ কোটি টকালৈ বৃদ্ধি হয়৷ এই সময়ছোৱাত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ বার্ষিক গড় বৃদ্ধিৰ হাৰ ১১.২২ শতাংশ৷ আনহাতে, স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদন ২০১৫–১৬ বিত্তীয় বর্ষত ১,৯১,১০৯ কোটি টকা হোৱাৰ বিপৰীতে ২০১৯–২০ বর্ষত ২,৪৮,৭৯৬ কোটি টকালৈ বৃদ্ধি পায়৷ এই সময়ছোৱাত স্থিৰ মূল্যত ৰাজ্যখনৰ ঘৰুৱা উৎপাদনৰ হাৰ হ’ল ৭.৫৫ শতাংশ৷ যোৱা ৫টা বছৰত বাজেটত আবণ্টিত ধন, ব্যয়ৰ বিষয়ে উল্লেখ কৰি বিত্তমন্ত্রী নেওগে কয় যে ২০১৫–১৬ বর্ষত বাজেটত আবণ্টিত ৬৬,১৪২.১৭ কোটি টকাৰ বিপৰীতে ৪১,৯৩১.৩২ কোটি টকা ব্যয় হয়৷ বছৰটোত ব্যয়ৰ হাৰ ৬৩.৪০ শতাংশ৷ সেইদৰে ২০১৬–১৭ বর্ষত বাজেটত আবণ্টিত ৭৮,২৫৩.৩৬ কোটি টকাৰ বিপৰীতে ৫৭,৪০৬.৮১ কোটি টকা ব্যয় হয়৷

বছৰটোত ব্যয়ৰ হাৰ ৭৩.৩৬ শতাংশ৷ ২০১৭–১৮ বর্ষত বাজেটত আবণ্টিত ৮৫,৯২২.৬৯ কোটি টকাৰ বিপৰীতে ৬৫,৩৮৬.৪৫ কোটি টকা ব্যয় হয়৷ বছৰটোত ব্যয়ৰ হাৰ ৭৬.১০ শতাংশ৷ ২০১৮–১৯ বর্ষত বাজেটত আবণ্টিত ৯০,২৬৯.৯২ কোটি টকাৰ বিপৰীতে ৭১,৮৫০.৫১ কোটি টকা ব্যয় হয়৷ বছৰটোত ব্যয়ৰ হাৰ ৭৯.৬০ শতাংশ৷ ২০১৯–২০ বর্ষত বাজেটত আবণ্টিত ৯৯,৪১৮.৯১ কোটি টকাৰ বিপৰীতে ৮২,৪৮৮.১২ কোটি টকা ব্যয় হয়৷ বছৰটোত ব্যয়ৰ হাৰ ৮২.৯৭ শতাংশ৷ ২০১৫–১৬ বিত্তীয় বর্ষৰ তুলনাত ২০১৯–২০ বিত্তীয় বর্ষত প্রায় দুগুণ ধন ব্যয় কৰি ৰাজ্যখন সুস্থিৰ বিত্তীয় ব্যৱস্থালৈ উন্নীত কৰিলে৷সদনত বিত্তমন্ত্রী নেওগে ৰাজ্যখনৰ বিকাশ আৰু উন্নয়নৰ ভেটি সুদৃঢ় কৰি তোলাৰ লগতে অসমৰ ৰাইজৰ বাবে সামাজিক সমতা আৰু ন্যায় সুনিশ্চিত কৰাৰ লক্ষ্যৰে পূর্বৰ কার্যকালত গ্রহণ কৰা কিছু আঁচনি এইবাৰৰ বাজেটত নতুন ৰূপত অন্তর্ভুক্ত কৰাৰ কথা উল্লেখ কৰি কয় যে অন্ন যোজনা আৰু শ্রমিক কল্যাণ, অৰুণোদয়, সংহত সামাজিক সুৰক্ষা আঁচনি, অসম মালা, বটদ্রৱা থানৰ বাবে বিশেষ পদক্ষেপ অষ্টাদশ মুকুতাৰ উন্নয়নী মালা আদি এইবাৰো থাকিব৷

অৰুণোদয় আঁচনিৰ বাবে এইবাৰৰ বাজেটত ১,৮০০ কোটি টকা, বানমুক্ত অসম গঢ়াৰ বাবে এহাজাৰ কিলোমিটাৰ মথাউৰি তথা পথ নির্মাণ শিতানত এহাজাৰ কোটি টকা, এহাজাৰটা মডেল অংগনৱাড়ী কেন্দ্র নির্মাণৰ বাবে ১৩.৫০ কোটি টকা, অন্ন যোজনা আৰু অন্ন নিশ্চিত আঁচনিৰ বাবে ৩৯০.০৮ কোটি টকা, ছিপাঝাৰৰ গৰুখুঁটি প্রকল্পৰ বাবে ৯.৬০ কোটি টকা, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ ঐতিহ্য–সংস্কৃতি সংৰক্ষণ বিভাগৰ বাবে ১০০ কোটি টকা, সামাজিক খণ্ডৰ আঁচনি জীৱিকাসখী–বেংকসখী আঁচনিৰ বাবে ৪৩.২১ কোটি টকা, এপ’লৰ কর্মচাৰীসকলক স্বেচ্ছামূলক অৱসৰ আঁচনিৰ বাবে ১২ কোটি টকাৰ প্রস্তাৱ আগবঢ়ায়৷ সেইদৰে ২০২১–২২ বিত্তীয় বর্ষত এক্ট ইষ্ট পলিচী পৰিক্রমা বিভাগৰ বাবে ২.০৯ কোটি টকা, প্রশাসনীয় সংস্কাৰ আৰু প্রশিক্ষণ বিভাগৰ বাবে ১৩৬.৯১ কোটি টকা, কৃষি বিভাগৰ বাবে ২,৩৪০.২৩ কোটি টকা, পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বাবে ৫৯৫.০৯ কোটি টকা, অসম চুক্তি বিভাগৰ বাবে ২.৭৬ কোটি টকা, সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ বাবে ৬৯.২২ কোটি টকা, সমবায় বিভাগৰ বাবে ১৫৮.১৯ কোটি টকা, সাংস্কৃতিক পৰিক্রমা বিভাগৰ বাবে ১৫১.৩০ কোটি টকা, প্রাথমিক শিক্ষা বিভাগৰ বাবে ৯,৩৮৯.৫৪ কোটি টকা, উচ্চ শিক্ষা বিভাগৰ বাবে ২,৬১২.৮০ কোটি টকা, মাধ্যমিক শিক্ষা বিভাগৰ বাবে ৫,১৩১.৫১ কোটি টকা, কাৰিকৰী শিক্ষা বিভাগৰ বাবে ৪১০.১৭ কোটি টকা, বন বিভাগৰ বাবে ৭৩০.১২ কোটি টকা, আবকাৰী বিভাগৰ বাবে ৭২.৫৪ কোটি টকা, মীন বিভাগৰ বাবে ১২২.৬১ কোটি টকা, যোগান বিভাগৰ বাবে ৯১৫.০৭ কোটি টকা, সাধাৰণ প্রশাসন বিভাগৰ বাবে ৭২১.৩০ কোটি টকা, হস্ততাঁত–বস্ত্রশিল্ আৰু ৰেচম বিভাগৰ বাবে ৩৭৭.১৮ কোটি টকা, স্বাস্থ্য বিভাগৰ বাবে ৭,০০৪.৩৫ কোটি টকা, পার্বত্য অঞ্চল বিভাগৰ বাবে ২,২০৮.৫৮ কোটি টকা, গৃহ বিভাগৰ বাবে ৫,৬৫৯.৭৪ কোটি টকা, উদ্যোগ বিভাগৰ বাবে ২২২.৫৪ কোটি টকা, তথ্য আৰু জনসংযোগ বিভাগৰ বাবে ১১১.৮১ কোটি টকা, তথ্য–প্রযুক্তি বিভাগৰ বাবে ৩০.৬৪ কোটি টকা, জলসিঞ্চন বিভাগৰ বাবে ১,২৪৫.৮৫ কোটি টকা, ন্যায়িক বিভাগৰ বাবে ৫৯৩.৫৪ কোটি টকা, শ্রম আৰু কল্যাণ বিভাগৰ বাবে ৯৮.৯৬ কোটি টকা, বিধায়িনী বিভাগৰ বাবে ১৭.৭১ কোটি টকা, খনি আৰু খনিজ সম্পদ বিভাগৰ বাবে ৬৩.৩৭ কোটি টকা, পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগৰ বাবে ৮,০২৩.৬৯ কোটি টকা, পেন্সন আৰু ৰাজহুৱা অভিযোগ বিভাগৰ বাবে ৭৬৬.৫২ কোটি টকা, কর্মচাৰী বিভাগৰ বাবে ২৩.১৮ কোটি টকা, শক্তি বিভাগৰ বাবে ৪,৩৯৪.৯৬ কোটি টকা, ছপা আৰু মুদ্রণ বিভাগৰ বাবে ৪১.৮৯ কোটি টকা, ৰাজহুৱা প্রতিষ্ঠান বিভাগৰ বাবে ১.৪৭ কোটি টকা, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বাবে ১,২০৪.৩৬ কোটি টকা, লোকনির্মাণ (গৃহ আৰু ৰাষ্ট্রীয় ঘাইপথ) বিভাগৰ বাবে ৯৮৮.৯২ কোটি টকা, লোকনির্মাণ (পথ) বিভাগৰ বাবে ৮,৫৮৩.৩৭ কোটি টকা, ৰাজহ আৰু দুর্যোগ ব্যৱস্থাপনা বিভাগৰ বাবে ২,৮০৯.২৪ কোটি টকা, বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ বাবে ৩২.১৮ কোটি টকা, সচিবালয় প্রশাসন বিভাগৰ বাবে ৪৫৩.৮৮ কোটি টকা, দক্ষতা নিয়োগ আৰু উদ্যমিতা বিভাগৰ বাবে ১৭৫.৬৬ কোটি টকা, সমাজ কল্যাণ বিভাগৰ বাবে ২,০১১.৬১ কোটি টকা, ভূমি সংৰক্ষণ বিভাগৰ বাবে ২৪৫.২০ কোটি টকা, ক্রীড়া আৰু যুৱ কল্যাণ বিভাগৰ বাবে ১৪৩.১১ কোটি টকা, চাহ জনজাতি বিভাগৰ বাবে ৮১.৪১ কোটি টকা, পর্যটন বিভাগৰ বাবে ৭৪.২৪ কোটি টকা, ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ বাবে ১,৭১৯.৪৭ কোটি টকা, পৰিবহণ বিভাগৰ বাবে ৪৮৮.৭৪ কোটি টকা, জলসম্পদ বিভাগৰ বাবে ৮৯৩.৫৬ কোটি টকা, সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগৰ বাবে ৭৭.০৯ কোটি টকাৰ প্রস্তাৱ বাজেটখনত ৰখা হৈছে৷

You might also like