‘মই পাপীয়ে যিবোৰ কাম কৰিছোঁ, স্বর্গৰ ফাললৈ মুখ কৰিবই নোৱাৰোঁ৷ ৰৌ ৰৌ নৰকতে মোৰ ঠাই হ’ব৷ কানি, তোৰ ভাল মহিমা৷ তই মানুহৰ ইহকাল পৰকাল দুইকো নষ্ট কৰ৷ আমাৰ দেশৰ পৰা এই কালকূট কেতিয়া দূৰ হ’ব৷ সিদিনা যে ইস্কুলৰ পণ্ডিতে ফকৰাটো মাতিছিল, সি সঁচা৷’
‘কেপা কানি বিহৰ শেষ৷
কানীয়াৰ নাই জ্ঞানৰ লেশ৷৷
হায় হায় কি ঘোৰ ক্লেশ৷
কানীয়াই খালে অসম দেশ৷৷’
এয়া আছিল হেমচন্দ্র বৰুৱাই ১৮৬৮ চনত ৰচনা কৰা ‘কানীয়াৰ কীর্ত্তন’ নামৰ নাটকৰ শেষাংশ৷ অসমৰ মানুহক কানিয়ে সর্বনাশ কৰাৰ ছবিখন এই নাটকৰ মাজেৰে হেমচন্দ্র বৰুৱাদেৱে প্রকাশ কৰিবলৈ চেষ্টা কৰিছিল৷ হেমচন্দ্র বৰুৱাৰ একমাত্র নাটক ‘কানীয়াৰ কীর্ত্তন’ৰ মাধ্যমেৰে ঊনবিংশ শতিকাত অসমীয়া সমাজত বৰবিহ কানিয়ে কেনেকৈ প্রভাৱিত কৰিছিল আৰু ইয়াৰ প্রভাৱত সমাজখন যি ভাঙোনমুখী দিশেৰে গতি কৰিছিল তাক দাঙি ধৰিবলৈ চেষ্টা কৰিছিল৷ ‘কানীয়াৰ কীর্ত্তন’ ঊনবিংশ শতিকাৰ সমাজ ব্যৱস্থাৰ দাপোণ স্বৰূপ৷ হেমচন্দ্র বৰুৱাদেৱে সৃষ্টি কৰা অন্যান্য মহান কর্মৰ ভিতৰত এই নাটক ৰচনা অসমীয়া সমাজৰ হকে এক ইতিহাস হৈ ৰ’ব৷
অসমত কানিৰ আৰম্ভণিনো কেনেকৈ হ’ল, সেই বিষয়ে কিছু জানো আঁহক৷ কানি তৈয়াৰ কৰা মূল উৎসটো হৈছে এবিধ উদ্ভিদ, যাক অসমীয়াত পপীফুলৰ গছ আৰু ইংৰাজীত ইয়াকOpium বুলি কোৱা হয়৷ এই গছৰ গুটিৰ পৰাই নিচাজাতীয় দ্রব্য আফিং তৈয়াৰ কৰা হৈছিল৷ ইয়াত প্রাকৃতিকভাৱে কিছু এলকালয়ড যৌগ উৎপন্ন হয়, যাকOpiates বুলি কোৱা হয়৷ এই উদ্ভিদৰ পৰা লাভ কৰা দ্রব্যসমূহ হৈছে– মৰফিন Marphine), কডেইন Codeine), থেবাইন Thebaine), অৰিপেভাইন Oripavine), পেপাভেৰাইন Papaverineৰ আৰু নছকেপাইন Noscapine)কে ধৰি প্রায় ২০ বিধ এলকালয়ড৷ এইসকলো চাইক’ত্রকটিড বা বেদনানাশক গুণবিশিষ্ট৷
অসমত একালত ব্রিটিছে যি কানিৰ ব্যাপক প্রচলন কৰিছিল, সেয়াই আজিও অসমীয়াক কানীয়া হিচাপে পৰিচয় ৰাখি থৈ গ’ল৷ বুৰঞ্জীৰ মতে, কানি অসমলৈ কেনেকৈ আহিল সেই বিষয়ে দুটা মত আছে৷ গুণাভিৰাম বৰুৱাৰ বুৰঞ্জীয়ে কয়– ‘গৌৰীনাথ সিংহ ৰজাক কেপ্ঢেইন ৱেল্ছ চাহাবে সহায় কৰিবলৈ আহঁোতে জহনী আৰু গ্রহণীত অনেক লোকৰ মৃত্যু হোৱাত কেপ্ঢেইনৰ লগত অহা সৈন্যৰ হাতত থকা আফিং খাই অনেক লোক আৰোগ্য হয়৷ তেতিয়া সেই সৈন্যৰ পৰা গুটি লৈ তাৰ পৰাই কোনো কোনোৱে কানিৰ খেতি কৰিবলৈ লয়৷ ইয়াৰ আগতে আঢ়্যৱন্ত কোনো কোনো লোকে ইয়াক বনৌষধি হিচাপে ব্যৱহাৰ কৰি কয়, ‘১৭৯৪ চনত যেতিয়া ব্রিটিছ ফৌজে মটকৰ বিৰুদ্ধে ৰজা গৌৰীনাথক সহায় কৰিছিল, তেতিয়াই বংগদেশৰ পৰা অসমত কানি সোমায়৷ অসমীয়া মানুহক এই কানিয়েই দুর্বল কৰি পেলায়৷’
মণিৰাম দেৱানে কয় যে ‘লক্ষ্মীসিংহ ৰজাৰ দিনত ভাটি ফালৰ পৰা অসমলৈ কানি অনা হয় আৰু পোনপ্রথমে বেলতলাত (গুৱাহাটী) ইয়াৰ খেতি কৰা হয়৷ বুঢ়াগোহাঁই, বৰগোহহাইসকলে কানি প্রচলনত হকাবধা কৰিছিল৷’ এটা সিদ্ধান্তলৈ আহিব পাৰি যে আগৰে পৰা অলপ–চলপ প্রচলন থাকিলেও খ্রীষ্টীয় অষ্টাদশ শতিকাৰ শেষভাগত হিন্দুস্তানী চিপাহীয়ে বংগদেশৰ পৰা অনা কানিৰ প্রচলন কৰে৷
কেপ্ঢেইন ৱেল্ছৰ এটি লেখাত উল্লেখ কৰিছিল– ‘১৭৯২ চনত দেখা যায় যে গৌৰীনাথ সিংহই এই মাদকদ্রব্য অতিমাত্রাই খাইছিল৷ সেই কাৰণে তেওঁ ৰাজকার্যত নিয়মমতে মনোযোগ দিবলৈ আৰু কর্ম সম্পাদন কৰিবলৈ অপাৰগ হয়৷ খুব সম্ভৱ ১৭৯২ চনৰ পৰা ১৮৬১ চনলৈ ইয়াৰ প্রৱর্তন দিনক দিনে বাঢ়ি যায়৷ ১৮৬১ চনৰ হিচাপ মতে দেখা যায় পাঁচ হাজাৰতকৈ বেছি কানিৰ দোকান অসমত হৈছিল৷ ঘৰে ঘৰেও পাচিত লৈ কানি বেহা কৰি ফুৰিছিল৷’ কানিৰ প্রচলন হোৱাৰ পৰা অসমখনত বহু ক্ষতি হ’বলৈ ধৰে৷ বহু অসমীয়াৰ কানিয়েই প্রধান খাদ্যৰ নিচিনা হৈ পৰিছিল৷ তিনি সাজ নোখোৱাকৈ থাকিব পাৰিলেও কানি নোখোৱাকৈ থাকিব নোৱাৰে৷ কানিৰ বাবে অসমীয়াই ধন, সম্পত্তি, মান–সন্মান সকলো হেৰুৱাব লগা হয়৷ হেমচন্দ্র বৰুৱাদেৱে সেয়ে লিখিছিল, ‘কেপা কানি বিহৰ শেষ৷ কানিয়েই খালে অসম দেশ’৷ ধনে–ধানে ভৰপূৰ, শৌর্যে–বীর্যে অর্থ গৌৰৱ অনুপম অসম আৰু অসমীয়াক কানিয়েই সর্বস্বান্ত কৰিছে৷ যিদিনাই অসমৰ কানি ৰাক্ষসৰ আৱির্ভাব হ’ল, সেইদিনাৰ পৰাই অসমীয়াৰ আর্থিক, নৈতিক, মানসিক সকলো শক্তি হ্রাস পাবলৈ ধৰিলে৷ ‘সোণৰ অসম দেশ৷ কানিয়ে কৰিলে শেষ’৷ ১৮৫৩ চনত গোৱালপাৰাৰ চিভিল ছার্জন হৈ থকা মিঃ জনবেডী নামৰ ইংৰাজ ডাক্তৰজনৰ মতে–‘The cultivation of Poppy along with the Government sale of Opium is an un-mitigated evil, a grievous curse of the country. It is appalling to see fathers and children of the single family sunkin deprivity and callous in action, but when a community is thus incubused, a nation is politically, morally and socially benighted etc.’
কানিৰ প্রচলনৰ আগতে অসমৰ অৱস্থা কেউপিনে জয় জয়–ময় ময় আছিল বুলি বুৰঞ্জীয়ে কয়৷ এই কানি সেৱনৰ ফলত পুৰুষসকলে পুৰুষত্বহীনতাত ভোগে৷ ফলস্বৰূপে অসমৰ লোকসংখ্যা বৃদ্ধি নোহোৱা হয়৷ মহাত্মা গান্ধীয়ে এই সম্পর্কে কয় যে কানিয়েই অসমীয়া জাতিৰ ধ্বংসৰ মূল কাৰণ৷ কানিৰ বাবে অসমীয়াই জাতি হিচাপে প্রতিষ্ঠিত হ’ব পৰা নাই৷ উদাসীন হৈ এলাহত জীৱন কটাইছে মাথোন৷ অসম দেশৰ ওপৰত প্রকৃতিৰ অশেষ কৃপা৷ এইবাবে অসমীয়াই জীৱিকাৰ বাবে সৰহ পৰিশ্রম কৰিব নালাগে৷ অসমীয়াৰ অভাৱ নিচেই সামান্য, অলপ বস্তুতেই অসমীয়া সন্তুষ্ট৷ এফালে কানিৰ ৰাগীত পোত খাই থকা বাবে জীৱনটো কর্মময় কৰিবলৈ একো স্পৃহা নাই৷ সেইবাবেই অসম প্রদেশলৈ দলে দলে বিদেশী যাবলৈ সুবিধা পাইছে৷ কানিৰ বাবে অসমীয়া বিদেশীৰ হাতলৈ গৈছে৷ কানিৰ অভ্যাস এৰুৱাবলৈ এটা প্রবল আন্দোলনৰ প্রয়োজন৷
ব্রিটিছৰ দিনতে কানিৰ প্রচলন কেনেকৈ বাঢ়িছে তাক চালে দেখা যায় মানৰ আক্রমণৰ পিছত ১৮২৬ চনত অসম ইষ্ট–ইণ্ডিয়া কোম্পানীৰ হাতলৈ যায়৷ তেতিয়া মানুহে পপী খেতি কৰি আফিং তৈয়াৰ কৰিছিল৷ ব্রিটিছে এই খেতিৰ বাবে অসমীয়া লোকক উদগনি যোগাইছিল৷ ব্রিটিছে অসমীয়া লোকৰ হতুৱাই এই খেতি কৰোৱাই বছৰি পাঁচ লাখ টকা উপার্জন কৰিছিল৷ সেই সময়ত পাঁচ লাখ টকাৰ মূল্য বর্তমানৰ পাঁচ শ কোটিৰো অধিক হ’ব৷ ১৮৬০ চনত এই খেতি কৰিবলৈ বন্ধ কৰা হৈছিল৷ যিসকল লোকে চোৰাংকৈ এই খেতি কৰিবলৈ লয় তেওঁক শাস্তি বিহাৰ ব্যৱস্থা কৰা হৈছিল৷
পপীফুলৰ পাহিবোৰ সৰি ফলটো পকাৰ আগতেই বিশেষ কটাৰীৰে কাটি দিয়ে৷ সেই কটা অংশবোৰেদি পাঁচ ঘণ্টামানৰ পিছত আঠাজাতীয় দ্রব্য নিঃসৰণ হয়৷ সেইখিনি ফলৰ ওপৰতে অলপ শুকাই যোৱাৰ পিছত কটাৰীৰে চুঁচি সংগ্রহ কৰে৷ তাৰ পৰাই নিচাযুক্ত দ্রব্য প্রস্তুত কৰে৷ বিভিন্ন ৰাসায়নিক প্রক্রিয়াৰ মাজেৰে কিছু দ্রব্য তৈয়াৰ কৰা হয়, যিসমূহ ঔষধ হিচাপেও ব্যৱহাৰ হয়৷ আকৌ ফলবোৰ পূৰঠ হোৱাৰ পিছত চপাই আনি ঠাৰিবোৰৰ পৰা ফলবোৰ আঁতৰাই পেলায়৷ তাৰ পিছত সেইখিনি বহু সময় সিজাই সিজাই থাকোঁতে সঁজুলিৰে হেঁচি হেঁচি ৰসখিনি ওলাই যাবলৈ দিয়ে৷ সেইখিনি চেকি সৰু সৰু বীজখিনি চেকি আঁতৰাই ৰখা হয়৷ ৰসেৰে পূর্ণ পানীখিনি পুনৰ ইমান সময় ধৰি সিজোৱা হয়, যাতে ক’লা ৰঙৰ আঠালেতীয়া লালিসদৃশ অংশলৈ পৰিণত হয়৷
অৰুণাচলৰ ব্যৱসায়ীসকলে শুংযুক্ত এবিধ কাপোৰত পূৰঠ পপীফুলৰ গুটিৰ পৰা নিষ্কাশিত ৰস একত্রিত কৰে৷ সেই কাপোৰ টুকুৰাত ছয় গ্রাম কানি সংৰক্ষিত হৈ থাকে৷ কানি উৎপাদনত অৰুণাচল প্রদেশে বিশেষ স্থান দখল কৰি আহিছে৷ অঞ্জাৱ জিলাখনক ‘অপিয়াম ভেলি’ বুলি কয়৷ পাহাৰৰ কাষত ৰাস্তাৰ দদাতিত যেনি–তেনি গজা প্রায় তিনিফুটীয়া ৰং–বিৰঙী পপীফুলৰ খেতি ফেব্রুৱাৰী মাহৰ পৰা এপ্রিল মাহৰ ভিতৰত চপোৱা হয়৷
চীন আৰু ম্যানমাৰৰ সীমান্তৱর্তী অঞ্জাৱ জিলাত266 আৰু লোহিত জিলাত ২২২খন গাঁও আছে৷ এই গাঁওবোৰত এই খেতি কৰা হয় বুলি জনা যায়৷ পপীফুলৰ খেতিৰ বাহিৰে ভাৰতবর্ষত অন্য কোনো এনে খেতি নাই, যিটো খেতিৰ বাবে চৰকাৰে নীতি–নির্দেশনা নির্ধাৰণ কৰি দিয়ে৷
বহুতো উদ্ভিদৰ অপকাৰী গুণ থাকিলেও তাৰ কোনো এটা অংগত হয়তো ঔষধি গুণসমৃদ্ধ হ’ব পাৰে৷ তাৰেই সুন্দৰ উদাহৰণ হ’ল পপী গছ৷ এহাতে বিষাক্ত ড্রাগ্ছ উৎপন্ন হয়, আনহাতে কিছু উপকাৰী আফুগুটি৷ পপী গছৰ ফুল ফুলাৰ পিছত প্রতিপাহ ফুলত একোটাকৈ বীজেৰে পৰিপূর্ণ ফল হয়৷ যেতিয়া এই ফল শুকাই যায়, তাৰ ভিতৰৰ পৰা বীজসমূহ উলিয়াই সংৰক্ষণ কৰা হয়৷ এই বীজসমূহকে অসমীয়াত আফুগুটি বুলি কোৱা হয়৷ আফুগুটি অতি উচ্চ পুষ্টিকৰ উপাদানসমৃদ্ধ মচলা বুলি ক’ব পাৰি৷ প্রয়োজনীয় খনিজ কেলছিয়াম, লো, মেগনেছিয়াম, ফছফৰাছ, পটাছিয়াম পাব পাৰি৷ ১০০ গ্রাম আফুগুটিত থকা উপাদানসমূহৰ মাত্রা এইধৰণৰ– কেলৰি– ৫২৫, ফেট–৪২, কলেষ্টৰেল–০ মিলিগ্রাম, ছডিয়াম– ২৬ মিলিগ্রাম, পটাছিয়াম–৭১৯ মিলিগ্রাম, কার্বহাইড্রেড–২৮ গ্রাম, প্র’টিন–২, ভিটমিনc১ , কেলছিয়াম–১৪৩, আইৰন–৫৪, ভিটামিন–১০, মেগনেছিয়াম–৮৬৷
শৰীৰত উপকাৰৰ পৰিমাণ কম হ’লেও কেতবোৰ বিষয়ত সহায়ক হয়৷ নিদ্রাহীনতাত ভোগা লোকসকলে বিশেষ সুফল পায়৷ শুকান বীজবোৰ খাদ্যত ব্যৱহাৰ কৰিলে স্নায়ুপেশীবোৰৰ বিষ–বেদনাৰ উপশম ঘটে আৰু শীৰৰ প্রধান অংগসমূহে ঠিকমতে কার্য সম্পাদন কৰিব পাৰে৷ ইয়াত প্রচুৰ পৰিমাণে ছেলেনিয়াম থাকে৷ এই পৰিমাণ এশ গ্রামত ১৩.৫ গ্রাম৷ এইবিধ মৌলই কোষৰসত মুক্ত মূলকৰ গঠন হ্রাস কৰে৷ গৱেষণাৰ পৰা পোৱা তথ্য মতে এই মুক্ত মূলকবোৰেই দেহৰ নানান বেমাৰৰ কাৰক৷ দেহৰ হাড আৰু মাংসপেশী সবল কৰাৰ লগতে পর্যাপ্ত পৰিমাণে খাদ্য হিচাপে গ্রহণ কৰিলে স্নায়ু প্রেৰকৰ কাম নিয়ন্ত্রণ কৰাত সহজ হয়৷ ফলত মগজুৰ কার্যক্ষমতা বৃদ্ধি পায়৷ স্নায়ুকোষবোৰৰ সাধাৰণ বৃদ্ধি আৰু বিকাশ স্বাভাৱিক কৰি ৰখাত এই আফুগুটিৰ ভূমিকা অপৰিসীম৷
আফুগুটিৰ ব্যৱসায়ৰ ক্ষেত্রত ভাৰতৰ প্রধানমন্ত্রী মাননীয় নৰেন্দ্র মোদীৰ অধ্যক্ষতাত ভাৰত আৰু তুর্কীৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়৷ এই চুক্তি মতে তুর্কীৰ পৰা ভাৰতলৈ আফুগুটি ৰপ্তানি নিয়ন্ত্রণত এটি অনলাইন ব্যৱস্থাৰ প্রচলন কৰে৷ প্রতি বছৰে কিমান পৰিমাণৰ আফুগুটি ভাৰতে তুর্কীৰ পৰা আমদানি কৰিব, সেয়া দুয়ো দেশৰ চৰকাৰৰ মাজৰ আলোচনা ভিত্তিত থিৰাং কৰিব৷ ভাৰত চৰকাৰে বিত্ত মন্ত্রালয়ৰ নীতি–নির্দেশনা অনুসৰি তুর্কীৰ শস্য পৰিষদৰ অনলাইন ব্যৱস্থাৰ ‘চেণ্ড্রেলব্যুৰ’ অৱ নাৰকোটিক’–এ আফুগুটি সম্পর্কীয় চুক্তিসমূহ নথিভুক্ত কৰিব৷ অনলাইন যোগেৰে বিস্তৃত তথ্য দিয়া হ’ব৷ কেৱল ভাৰতৰ চেণ্ড্রেল ব্যুৰ’ অৱ নাৰকোটিকৰ দ্বাৰা অনুমোদিত তুর্কীৰ শস্য পৰিষদক ৰূপায়ণৰ অনুমতিৰ ক্ষেত্রতহে৷ বিক্রী সম্পর্কীয় চুক্তি আৰু অন্যান্য প্রয়োজনীয় পদক্ষেপ গ্রহণৰ পিছত তুর্কীৰ শস্য পৰিষদে ৰপ্তানিকাৰক এই সম্পর্কীয় এখন বৈধ প্রমাণ–পত্র প্রদান কৰে৷ দ্রুত স্বচ্ছ পদ্ধতিৰে ভাৰতলৈ আফুগুটি আমদানি কৰা সম্ভৱ হয়৷ এই চুক্তি ৰূপায়ণৰ ফলত ভাৰতৰ আভ্যন্তৰীণ বজাৰত আফুগুটিৰ যোগান নিশ্চিত হয়, ফলত ভাৰতীয় গ্রাহকসকল উপকৃত হয়৷
তাহানিৰ কানি বর্তমান ড্রাগ্ছ হিচাপে অসমত কিছু বছৰ আগৰ পৰা বেয়াকৈ শিপাবলৈ আৰম্ভ কৰে৷বহু পৰিয়ালৰ ডেকা–গাভৰুৰ ড্রাগ্ছৰ প্রতি আসক্তি বাঢ়ি গৈ একোখন ঘৰ শেষ কৰি দিয়াৰ উপৰি ৰুগীয়া হৈ মৃত্যুমুখত পৰে৷ এয়া কম পৰিতাপৰ কথা নহয়৷ সুখৰ খবৰ যে সেই ড্রাগ্ছ অসমৰ পৰা সমূলঞ্চে দূৰ কৰিবলৈ চৰকাৰীভাৱে যি ব্যৱস্থা লোৱা হৈছে তাত প্রতিজন নাগৰিকে সহায়ৰ হাত আগবঢ়োৱা উচিত৷ শ্রদ্ধাৰ হেমচন্দ্র বৰুৱাই কোৱাৰ দৰে ক’বলগীয়া যাতে নহয়– ‘সোণৰ অসম দেশ, ড্রাগ্ছে কৰিলে শেষ৷’