নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রপুৰ উন্নয়ন খণ্ড বিষয়াৰ কার্যালয় ঘেৰাও

নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ ডাম্পিং গ্রাউণ্ডবিৰোধী প্রতিবাদে শুকুৰবাৰে ২১ দিনত ভৰি দিলে৷ আজি পুনৰ ডাম্পিং গ্রাউণ্ডবিৰোধী মঞ্চৰ উদ্যোগত উলিওৱা হয় এক সত্যাগ্রহ কার্যসূচী৷ চন্দ্রপুৰ সূতাকল ৰাজহুৱা খেল পথাৰৰ পৰা চন্দ্রপুৰ খণ্ড উন্নয়ন বিষয়াৰ কার্যালয়লৈ প্রতিবাদকাৰীসকলে ৰেলী কৰি সাব্যস্ত কৰে প্রতিবাদ৷ প্রতিবাদকাৰীসকলে চন্দ্রপুৰক ডাম্পিং গ্রাউণ্ড নসজাব, চন্দ্রপুৰত আৱর্জনা পেলোৱা বন্ধ কৰক, সেউজীয়া আমাৰ অধিকাৰ, আমাক জাবৰ নালাগে আদি শ্লোগান লিখা প্লে–কার্ড হাতে হাতে লৈ প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদকাৰীসকলে চন্দ্রপুৰ উন্নয়ন খণ্ড বিষয়া কার্যালয়ৰ সন্মুখত অৱস্থান কৰে৷ প্রতিবাদকাৰীসকলে চৰকাৰে চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপনৰ সিদ্ধান্ত বাতিল কৰক, অন্যথা প্রতিবাদকাৰীসকলক্ গ্রেপ্তাৰ কৰি জে’লত ভৰাই থ’বলৈ চৰকাৰক আহ্বান জনায়৷

প্রতিবাদস্থলীত হঠাতে উপস্থিত হৈ সাংসদ গৌৰৱ গগৈসহ প্রাক্তন মন্ত্রী অকণ বৰাই ৰাইজৰ লগত ৰাইজৰ হৈ প্রতিবাদ কৰিবলৈ অহা বুলি উল্লেখ কৰে৷ সাংসদগৰাকীয়ে প্রতিবাদস্থলীত উপস্থিত হৈ কয় যে অসম আৰক্ষীয়ে যোৱা ১৪ জুলাইত গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰা নিৰীহ লোকৰ ওপৰত জঁপিয়াই পৰা কাণ্ডত ধিক্কাৰ জনাইছে আৰু এনে কার্যৰ পৰা অসম আৰক্ষীক বিৰত থাকিবলৈ আহ্বান জনায়৷ ইয়াৰ পিছতেই সাংসদগৰাকীসহ কংগ্রেছৰ প্রতিনিধি দলটোৱে ১৪ জুলাইত আৰক্ষীৰ বর্বৰতাত আহত হোৱা ৰূপম কলিতাৰ ঘৰলৈ গৈ তেওঁৰ স্বাস্থ্যৰ বুজ লয়৷

তাৎপর্যপূর্ণভাৱে শুকুৰবাৰে সত্যাগ্রহ কার্যসূচীত সদৌ অসম ছাত্র সন্থাৰ উপদেষ্টা প্রকাশ চন্দ্র দাসৰ নেতৃত্বত অহা আছুৰ কেন্দ্রীয় সমিতিৰ এটা সঁজাতী দলে অংশগ্রহণ কৰি অসম চৰকাৰে গণতান্ত্রিকভাৱে প্রতিবাদ সাব্যস্ত কৰা আছু কর্মীৰ লগতে ৰাইজৰ ওপৰত কৰা বর্বৰ আক্রমণক তীব্র ভাষাৰে নিন্দা কৰি চন্দ্রপুৰত ডাম্পিং গ্রাউণ্ড স্থাপন কৰিবলৈ বিচৰা সিদ্ধান্ত শীঘ্রে বাতিল কৰিবলৈ আহ্বান জনায়৷ তদুপৰি প্রতিবাদস্থলীত শিল্পী অজয় ফুকনে উপস্থিত হৈ ৰাজ্যৰ সমূহ শিল্পীক ডাম্পিং গ্রাউণ্ডৰ বিৰুদ্ধে প্রতিবাদ কৰিবলৈ আহ্বান জনাই চৰকাৰৰ এই সিদ্ধান্তক গৰিহণা জনায়৷

You might also like