হিৰোছিমাত বিক্ষোভৰ সন্মুখীন অলিম্পিক কমিটীৰ মুৰব্বী
অলিম্পিক বাতিলৰ দাবীত জাপানত প্রতিবাদৰ জুই
নিয়মীয়া বাৰ্তা ১৭ জুলাইঃ বিশ্বৰ সর্ববৃহৎ ক্রীড়া মহোৎসৱ অলিম্পিকলৈ মাজত মাথোঁ এসপ্তাহ বাকী আছে যদিও জাপানত এতিয়াও প্রতিবাদৰ জুই প্রশমিত হোৱা নাই৷ মহামাৰী ক’ভিড–১৯ৰ মাজত আয়োজিত প্রতিযোগিতাখন বাতিলৰ দাবীত আজিও দেশখনৰ বিভিন্ন প্রান্তত অজস্র নাগৰিকে তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ অহা ২৩ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া অলিম্পিকৰ প্রস্তুতিৰ বুজ ল’বলৈ টকি’লৈ যোৱা আন্তঃৰাষ্ট্রীয় অলিম্পিক কমিটীৰ মুৰব্বী থমাছ বাখো আজি প্রতিবাদকাৰীৰ তীব্র বিক্ষোভৰ সন্মুখীন হয়৷ আৰক্ষীৰ লাঠীচালনা সত্ত্বেও প্রতিবাদকাৰীয়ে ‘অলিম্পিক বাতিল কৰক’ ‘বাখ তুমি দেশলৈ উভতি যোৱা, তোমাক আমি স্বাগতম জনাব নোৱাৰোঁ’ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তোলে৷ মন কৰিবলগীয়া যে প্রায় ১৫ হাজাৰ এথলীট আৰু অন্যান্য বিষয়ববীয়াৰ সমাগম হ’বলগীয়া অলিম্পিক আৰু পেৰা অলিম্পিক গেমছে জাপানত মহামাৰী ক’ভিড–১৯ৰ সংক্রমণ বৃদ্ধি কৰিব বুলি আশংকা কৰি জাপানৰ নাগৰিকে মেগা ইভেণ্টখনৰ বিৰোধিতা কৰিছে৷ মহামাৰীয়ে সাধাৰণ লোকৰ প্রাণ কাঢ়ি নিয়াৰ সময়ত চৰকাৰে স্বাস্থ্য আন্তঃগাঁথনি উন্নত কৰাতহে গুৰুত্ব দিয়া উচিত বুলি প্রতিবাদকাৰীয়ে দাবী উত্থাপন কৰিছে৷