নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এসময়ৰ পিয়ন, এতিয়া কোটিপতি; জানো আহক ‘ভাৰতৰ ফেভিকল মেন’ৰ কাহিনী

যিসকল লোকৰ আত্মবিশ্বাস নাই, তেওঁলোকে সদায় তেওঁলোকৰ ভাগ্য আৰু আনক তেওঁলোকৰ বিফলতাৰ বাবে দোষাৰোপ কৰে। যদি আপুনি সকলো প্ৰতিকূলতা আৰু অসুবিধাৰ বিৰুদ্ধে সফলতাৰ শিখৰত কেনেদৰে স্পৰ্শ কৰিব লাগে শিকিব বিচাৰে, তেন্তে আপুনি বলৱন্ত পাৰেখ, ‘ভাৰতৰ ফেভিকল মেন’ৰ (India’s Fevicol Man) বিষয়ে জানিব লাগিব।

বলৱন্ত পাৰেখ হৈছে স্বাধীনতাৰ পিছত ভাৰতৰ প্ৰথম প্ৰজন্মৰ উদ্যোগীসকলৰ ভিতৰত এজন, যি স্বাধীনতাৰ পিছত দেশৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী কৰাত অৰিহণা যোগাইছিল। এতিয়া ১৯৫৯ চনতে প্ৰতিষ্ঠা হোৱা বলৱন্ত পাৰেখৰ কোম্পানীৰ বছৰি আয় এক বিলিয়ন ডলাৰ।

কিন্তু পাৰেখৰ এই যাত্ৰাৰ আৰম্ভণি অৱশ্যে সংগ্ৰাম আৰু কষ্টৰে ভৰি আছিল। তেওঁ ২০১৩ চনৰ ফৰ্বছ তালিকা অনুসৰি ৪৫ তম ধনী ভাৰতীয় হিচাপে পৰিগণিত হৈছে।

বলৱন্ত পাৰেখ কোন?

গুজৰাটৰ ভাৱনগৰ জিলাৰ এখন সৰু চহৰ মহুৱাত বলৱন্ত পাৰেখৰ জন্ম হৈছিল। গুজৰাটী লোকসকলৰ প্ৰৱণতা অনুসৰি, বলৱন্তৰো এজন সফল ব্যৱসায়ী হোৱাৰ ইচ্ছা আছিল, কিন্তু তেওঁৰ পিতৃ-মাতৃয়ে বিচাৰিছিল যে তেওঁ আইন অধ্যয়ন কৰক আৰু এজন অধিবক্তা হওক। যথেষ্ট পাৰিবাৰিক চাপৰ পিছত, বলৱন্ত পাৰেখে আইন মহাবিদ্যালয়ত অধ্যয়নৰ বাবে মুম্বাইলৈ যায়।

আইন অধ্যয়ন কৰিও হোৱা নাছিল অধিবক্তা

বলৱন্ত পাৰেখৰ দেউতাকে বিচাৰিছিল যে পাৰেখ তেওঁৰ ককাকৰ দৰে এগৰাকী আইনবিশেষজ্ঞ হওক। কিন্তু মুম্বাইৰ এখন আগশাৰীৰ আইনমহাবিদ্যালয়ৰ পৰা আইনত ডিগ্ৰী সম্পূৰ্ণ কৰা আৰু বাৰ পৰিষদৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা স্বত্বেও, এই বৃত্তিটোৰ সৈতে জড়িত থকা সঁচা-মিছা কথাবোৰে তেওঁক অতি অস্বস্তিত পেলাইছিল। যাৰ বাবে পৰিয়ালৰ বিপক্ষে গৈ তেওঁ এই বৃত্তিৰ সৈতে জড়িত হোৱাৰ পৰা বিৰত আছিল।

ইপিনে হাতত কোনো চাকৰি নোহোৱাকৈয়ে বলৱন্ত পাৰেখৰ কান্তাবেনৰ সৈতে বিবাহ সম্পন্ন হৈছিল। যাৰপাছত তেওঁ সোনকালেই এক আৰ্থিক বোজাৰ সন্মুখীন হৈছিল। সেয়েহে মুম্বাইত জীৱিকা নিৰ্বাহ কৰিবলৈ তেওঁ প্ৰথমতে ৰং আৰু প্ৰিণ্টিং প্ৰেছত কাম কৰিছিল। পিছত এজন কাঠ ব্যৱসায়ীৰ কাৰ্যালয়ত পিয়ন হিচাপে যোগদান কৰিছিল।

বিফলতা আৰু বিচলিত হৈ পৰিছিল বলৱন্ত

এইটো তেওঁৰ বাবে এটা কঠিন পৰিস্থিতি আছিল কিয়নো তেওঁ কোনো সমৰ্থন অবিহনে নিজৰ জীৱন নিৰ্বাহ কৰিবলগীয়া ছিল আৰু জীয়াই থাকিব লাগিছিল। এই দিনবোৰত বলৱন্তে তেওঁৰ পত্নীৰ সৈতে বন্ধুৰ গুদামত বাস কৰিছিল। পিয়নৰ চাকৰিটোৰে তেওঁৰ জীৱন চলাত অসুবিধা হৈছিল আৰু তেওঁ এটা ভাল সুযোগ বিচাৰি আছিল।

পাছত তাতেই তেওঁ বিভিন্ন মানুহৰ সংস্পৰ্শলৈ আহিছিল আৰু বহুতৰ লগতে ভাল সম্পৰ্ক গঢ়ি উঠিছিল। এনে এক সম্পৰ্কৰ জৰিয়তে, বলৱন্তে জাৰ্মানীলৈ যোৱাৰ সুযোগ পাইছিল। তেওঁৰ বিদেশ ভ্ৰমণৰ সময়ত, ব্যৱসায়ৰ পৰামৰ্শ আৰু কৌশল শিকিছিল, যি পিছত লাভান্বিত হৈছিল।

ফেভিকল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

পাৰেখে ভাৰতত হ’চেষ্টক (Hoechst) প্ৰতিনিধিত্ব কৰা এটা প্ৰতিষ্ঠানৰ বাবে কাম কৰাৰ সময়ত তেওঁ প্ৰথমবাৰলৈ বিৰতি পাইছিল। পিছত, ১৯৫৪ চনত, তেওঁ অৱশেষত মুম্বাইৰ জেকব চাৰ্কলত পাৰেখ ডাইকেম ইণ্ডাষ্ট্ৰিজৰ (Parekh Dyechem Industries) সৈতে বিপণী স্থাপন কৰে। ইয়াত বলৱন্ত পাৰেখে তেওঁৰ ভায়েক সুশীল পাৰেখৰ সৈতে টেক্সটাইল প্ৰিণ্টিংৰ বাবে ব্যৱহৃত পিগমেণ্ট ইমালচন (pigment emulsions) নিৰ্মাণ কৰা আৰম্ভ কৰে।

১৯৫৯ চনত এক ঔদ্যোগিক ৰাসায়নিক কোম্পানী হিচাপে পিডিলাইটৰ জন্ম হৈছিল। কিয়নো সেই সময়ত আঠাবোৰ ব্ৰেণ্ডবিহীনভাৱে বিক্ৰী কৰা হৈছিল। তেতিয়াৰ পৰা ফেভিকল আঠাৰ সমাৰ্থক হৈ পৰিছে।

মাত্ৰ এখন সৰু দোকানেৰে আৰম্ভ কৰা ফেভিকল পিডিলাইট ইণ্ডাষ্ট্ৰিজে সোনকালেই ভাৰতীয় বজাৰত সফলতাৰ শিখৰত উপনিত হয় আৰু ফেভিকলে ভাৰতীয় বজাৰত একচেটিয়া আধিপত্য গঢ়ি তোলে।

ফেভিকলৰ সৃষ্টিশীল আৰু ধেমেলীয়া বাণিজ্যিক বিজ্ঞাপনৰ এক ডাঙৰ প্ৰভাৱ

৯০ ৰ দশকত টিভিৰ পৰ্দাত সময় অতিবাহিত কৰা প্ৰায় সকলোৱে ফেভিকলৰ ব্যতিক্ৰমী ধেমেলীয়া আৰু সৃজনশীল বাণিজ্যিক বিজ্ঞাপনক কেতিয়াও পাহৰিব নোৱাৰে। ১৯৯২ চনত পিডিলাইটৰ পৰিচালন সঞ্চালক হিচাপে দায়িত্ব গ্ৰহণ কৰা তেওঁৰ পুত্ৰ মধুকৰৰ মতে, কোম্পানীটোৰ উপভোক্তাসকলে কেৱল ১৯৭০ ৰ দশকতহে ফেভিকল কোম্পানীটোৰ বিষয়ে অৱগত হৈছিল। তেতিয়াই কোম্পানীটোৱে ফেভিকল ব্ৰেণ্ডৰ অধীনত ইয়াৰ আঠাৰ বিজ্ঞাপন দিয়াৰ দিশত এক অস্থায়ী পদক্ষেপ লৈছিল।

  • প্ৰণৱ জ্যোতি মহন্ত
You might also like