নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জ্বলন্ত জুই ড্রাগছৰ বিৰুদ্ধে অবিৰত অভিযানৰ প্রতিশ্রুতিৰ প্রতীকঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১৯ জুলাই: সমাজ ধ্বংসকাৰী বৰবিহ ড্রাগ্ছৰ সৰবৰাহ আৰু প্রচলনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শনিবাৰে গোলাঘাট আৰু ডিফুত বৃহৎ পৰিমাণৰ ড্রাগ্ছকে ধৰি নিচাযুক্ত সামগ্রী দাহ কৰাৰ পাছত দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰ আৰু হোজাইতো বৃহৎ পৰিমাণৰ ড্রাগ্ছকে ধৰি নিচাজাতীয় সামগ্রী দাহ কৰে৷

তদুপৰি বঢ়মপুৰত মুখ্যমন্ত্রী ড০ শর্মাই নিজেই ৰ’লাৰ চলাই বৃহৎ পৰিমাণৰ কফ ছিৰাপকে ধৰি নিচাজাতীয় টেবলেট ধ্বংস কৰে৷ দেওবাৰে নগাঁও জিলাৰ বঢ়মপুৰৰ ৰঙাজান ষ্টেডিয়ামত প্রায় ৩৬ কোটি টকাৰ জব্দকৃত ড্রাগ্ছত অগ্নিসংযোগ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয়– ‘জব্দ কৰা ড্রাগ্ছৰ জ্বলন্ত জুয়ে আমাৰ চৰকাৰৰ ড্রাগ্ছমুক্ত অসম আৰু ড্রাগ্ছৰ বিৰুদ্ধে অভিযান অবিৰতভাৱে অব্যাহত ৰখা প্রতিশ্রুতিৰ প্রতীক৷ অসমক নিচামুক্ত দ্রব্যৰ পৰিবহণ পথ হিচাপে ব্যৱহাৰ কৰাটো আৰু আমাৰ যুৱক–যুৱতীসকলক্ নিষিদ্ধ ড্রাগ্ছৰ চিকাৰ বনোৱাটো আমাৰ চৰকাৰে কেতিয়াও সহ্য নকৰে৷ সোণালী ত্রিভুজৰ সৈতে অসমৰ ভৌগোলিক সুচলতাৰ সুযোগ লৈ কিছুমান অসামাজিক উপাদানে ৰাজ্যখনৰ ভূমিক ড্রাগ্ছ সৰবৰাহৰ পৰিবহণ পথ হিচাপে ব্যৱহাৰ কৰি আহিছে৷ ড্রাগ্ছ সৰবৰাহৰ বিৰুদ্ধে ৰাজ্য চৰকাৰৰ আপোচহীন স্থিতিৰ ফলস্বৰূপে ১৬৩.৫৮ কোটি টকা মূল্যৰ ড্রাগ্ছ জব্দ হৈছে৷’ ৰাজ্যৰ ভিন্ন প্রান্তত জব্দ কৰা ড্রাগ্ছ বিনষ্ট কৰাৰ ক্ষেত্রত আৰক্ষী প্রশাসন আৰু অসমৰ জনসাধাৰণৰ স্বতঃস্ফূর্ত সমর্থনে অসমক দেশৰ আন প্রান্তলৈ ড্রাগ্ছ পৰিবহণৰ পথ হিচাপে ব্যৱহাৰ কৰাটো বন্ধ কৰাৰ ক্ষেত্রত চৰকাৰখনৰ প্রতিশ্রুতিবদ্ধতা আৰু ৰাষ্ট্রীয় কর্তব্যক অধিক শক্তিশালী কৰি তুলিছে৷

যোৱা দুদিনত ১৬৩.৫৮ কোটি টকাৰ জব্দকৃত ড্রাগ্ছ ধ্বংস কৰা হয় বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷ ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে তেওঁ অসমৰ মুখ্যমন্ত্রীৰ দায়িত্ব লোৱাৰ পাছতে ড্রাগ্ছ আসক্ত ল’ৰা–ছোৱালী আৰু তেওঁলোকৰ পিতৃ–মাতৃক কেনেদৰে নিৰাপত্তা দিব পাৰি, কোনো ল’ৰা–ছোৱালী যাতে ড্রাগ্ছৰ প্রতি আসক্ত নহয়, তাৰ বাবে কি ব্যৱস্থা ল’ব পাৰি, সেই বিষয়ে চিন্তা কৰে৷ তাৰ বাবে প্রথম পদক্ষেপ হিচাপে ড্রাগ্ছৰ যোগান বন্ধ কৰাত গুৰুত্ব দিয়া হয়৷ দ্বিতীয়তে বহিঃৰাজ্যৰ পৰা অসমত আহি প্রৱেশ কৰা ড্রাগ্ছ অসমৰ গাঁৱে–ভূঞে যাতে বিতৰণ নহয়, সেইটো প্রতিৰোধত গুৰুত্ব দিয়ে৷ তৃতীয়তে ড্রাগ্ছ আসক্তসকলক সংশোধন কৰি কেনেদৰে সুন্দৰ জীৱন ওভতাই দিব পাৰি, সেই বিষয়ে ব্যৱস্থা গ্রহণ কৰা হয়৷

অসম আৰক্ষীয়ে যোৱা ১০ মে’ৰ পৰা ১৫ জুলাইলৈকে চলোৱা ড্রাগ্ছবিৰোধী অভিযানৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সময়ছোৱাত ৮৭৪টা ড্রাগ্ছৰ লগত সম্পর্ক থকা গোচৰ পঞ্জীয়ন হোৱাৰ লগতে ১,৪৯৩গৰাকী ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰা হৈছে৷ প্রায় ২০ কিলোগ্রাম হেৰ’ইন জব্দ কৰা হৈছে৷ ৮২ কিলোগ্রাম গাঞ্জা, ১৪ কিলোগ্রাম কানি, ৬৭,৬৫০টা কফ ছিৰাপ, ১২,৯৩,৬২৮টা নিচাযুক্ত টেবলেট, প্রায় দুই কিলোগ্রাম মৰফিন, ৩,৩১৪ কিলোগ্রাম শুকান আফুগুটি, তিনি কিলোগ্রাম মেটামাইন আৰক্ষীয়ে জব্দ কৰিছে৷ তদুপৰি এক কোটি দুই লাখ ২৮ হাজাৰ টকা জব্দ কৰিছে৷ ১৩,৬৩০ টকাৰ বিদেশী মুদ্রা জব্দ কৰিছে৷ ৬,৮০০ নকল ভাৰতীয় টকা জব্দৰ লগতে ৩১ বিঘা ভাংজাতীয় উদ্ভিদৰ খেতি অসম আৰক্ষীয়ে ধ্বংস কৰিবলৈ সক্ষম হৈছে৷ চৰকাৰৰ এই ড্রাগ্ছবিৰোধী অভিযানত বিৰোধীৰ দুই–এজন বিধায়কে সমালোচনা কৰাৰ প্রসংগ উনুকিয়াই মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ড্রাগ্ছ সৰবৰাহকাৰীক গুলীওৱাক লৈ তেওঁলোকে প্রশ্ণ কৰে৷ কিন্তু আজি এজন পিতৃয়ে ড্রাগ্ছ সৰবৰাহকাৰীসকল জে’লত দিব নালাগে, গুলীয়াই মাৰিব লাগে বুলি কৈছে৷ কাৰণ তেওঁলোকে জে’লৰ পৰা ওলাই আহি পুনৰ একে কামতেই লিপ্ত হয়৷ জনসাধাৰণৰ এই ক্ষোভ চৰকাৰে বুজি পায়৷ কিন্তু বুজি পালেও চৰকাৰে আইনত সেইটো কৰিব নোৱাৰে৷ সেয়ে চৰকাৰে আৰক্ষীক নির্দেশ দিছে– ড্রাগ্ছৰ ক্ষেত্রত আৰক্ষী আইনৰ ভিতৰত থাকি যিমান কঠোৰতম ব্যৱস্থা ল’ব পাৰে লওক৷ যিসকল লোকে ড্রাগ্ছ সৰবৰাহকাৰীৰ সপক্ষে থাকি কথা কয়, তেওঁলোকক অনুৰোধ কৰোঁ– অসমৰ মানুহৰ মর্মবেদনা উপলব্ধি কৰক৷ অসম আৰক্ষীক ড্রাগ্ছবিৰোধী অভিযানত সহায়–সহযোগিতা আগবঢ়াওক৷ অসমেই নহয়, দেশৰ পৰা ড্রাগ্ছৰ ব্যৱসায় নোহোৱা হোৱাটো আমি মনে–প্রাণে বিচাৰোঁ৷ জব্দকৃত ড্রাগ্ছ ভস্মীভূত কৰা সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অগ্ণিয়ে বেয়া বস্তু ল’ব পাৰে৷ অগ্ণিয়ে বেয়া বস্তু লৈ সমাজক শুদ্ধ কৰিব৷ সেই অনুষ্ঠানত অংশগ্রহণ কৰি আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই কয় যে ড্রাগ্ছৰ ক্ষেত্রত কোনো আপোচ কৰা নহ’ব৷ এইক্ষেত্রত অসম পুলিচ দৃঢ় সংকল্প যে ড্রাগ্ছৰ ব্যৱসায় কৰা মানুহ আৰু ব্যৱসায়ৰ লগত জড়িত কোনো ব্যক্তিকে ৰেহাই দিয়া নহ’ব৷ তেওঁলোকে এইবোৰ বাদ দি ধন আহৰণৰ বাবে আন আইনগত বৈধতা থকা কামত হাত দিয়ক৷ নগাঁও জিলাত থকা ২০ লাখ লোকৰ ভিতৰত ১.৫ লাখ লোক ড্রাগ্ছ সৰবৰাহৰ লগত জড়িত থকাৰ তথ্য আৰক্ষীৰ হাতত থকাৰ কথা উল্লেখ কৰি মহন্তই কয় যে প্রতিদিনে নগাঁও জিলাত ২০ কিলোগ্রাম ড্রাগ্ছ সেৱন হয়৷ এইটো এটা চিন্তনীয় বিষয়৷ সেয়ে আন ঠাইতকৈ নগাঁৱত আৰক্ষী অধীক্ষক কঠোৰ হ’ব৷

দেওবাৰৰ এই অনুষ্ঠানতে ড্রাগ্ছত আসক্ত হৈ দুর্বিষহ জীৱন অতিবাহিত কৰি পুনৰ মূলসুঁতিলৈ উভতি অহা বেদান্ত বৰা নামৰ এজন স্থানীয় যুৱকে নিজৰ সম্পর্কত বর্ণনা কৰাৰ লগতে বাবুল আহমেদ নামৰ এজন লোকে তেওঁৰ দুই সন্তানে কেনেদৰে ড্রাগ্ছত আসক্ত হৈ মৃত্যুমুখত পৰিছিল, সেই সম্পর্কত বক্তব্য দাঙি ধৰে৷ অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত, পীয়ূষ হাজৰিকা, বিধায়ক ৰূপক শর্মা, জিতু গোস্বামী, শশীকান্ত দাস, উপ–আৰক্ষী মহাপৰিদর্শক সত্যৰাজ হাজৰিকা, নগাঁৱৰ উপায়ুক্ত কবিতা পদ্মনাভন, আৰক্ষী অধীক্ষক আনন্দ মিশ্র উপস্থিত থাকে৷ নগাঁৱত দেওবাৰে ৪.৯৭৫ গ্রাম হেৰ’ইন, ৫.৬১১ গ্রাম ব্রাউন ছুগাৰ, ২৯২ কিলোগ্রামৰো অধিক গাঞ্জা, ৯৭৯ গ্রাম আফু, ৭৮,৩৪০টা কফ ছিৰাপ, ৬,৬৬,৩২৩টা নিচাযুক্ত টেবলেট ধ্বংস কৰে৷ ইয়াৰ পাছতেই মুখ্যমন্ত্রী ড০ শর্মা হোজাইৰ শংকৰদেৱ নগৰত উপস্থিত হৈ জিলাখনত জব্দ কৰা ৩৫৩.৬২ গ্রাম হেৰ’ইন, ৭৩৬.৭৩ কিলোগ্রাম গাঞ্জা আৰু ৪৫,৮৪৩টা নিচাযুক্ত টেবলেট জ্বলাই বিনষ্ট কৰে৷ এই অনুষ্ঠানত জনসাধাৰণক উদ্দেশ্যি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে জব্দকৃত ড্রাগ্ছ ৰাজহুৱাভাৱে বিনষ্টকৰণৰ জৰিয়তে ড্রাগ্ছ মহাব্যাধিৰ বিৰুদ্ধে সমাজত জনজাগৰণ সৃষ্টি কৰাৰ প্রয়াস চলোৱা হৈছে৷

অসম আৰক্ষীয়ে বিগত দুটা মাহত অত্যন্ত নিষ্ঠাৰে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই যথেষ্ট সফল হোৱাৰ কথা উল্লেখ কৰি আৰক্ষীৰ পদক্ষেপৰ শলাগ লয়৷ ৰাজ্যখনৰ মাজেৰে ড্রাগ্ছৰ সৰবৰাহ বন্ধ নোহোৱা পর্যন্ত আৰু ৰাজ্যখনত ড্রাগ্ছৰ প্রচলন বন্ধ নোহোৱালৈকে অসম আৰক্ষীয়ে অহর্নিশে ইয়াৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলিও প্রকাশ কৰে৷ হোজাইৰ এই অনুষ্ঠানত বিধায়ক ৰামকৃষ্ণ ঘোষ, শিবু মিশ্র, চিৰাজুদ্দিন আজমল, প্রাক্তন বিধায়ক শিলাদিত্য দেৱ, জিলা উপায়ুক্ত ড০ ছাদনেক সিং, আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থও উপস্থিত থাকে৷ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই হোজাই জিলাৰ মোৰাঝাৰ আৰু ডবকা আৰক্ষী থানা এলেকাত ড্রাগ্ছৰ সৰবৰাহ বেছি বুলি ভাষণত উল্লেখ কৰে৷

You might also like