নিয়মীয়া বাৰ্তা, চতিয়া, ২১ জুন : অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনত অভিন্ন দেৱানী আইন প্ৰৱৰ্তন কৰি ৰাজ্যখনত বাস কৰা সকলো নাগৰিককে একে আইনৰ অধীনলৈ আনিছে৷ আইনখনৰ প্ৰস্তাৱ মতে বাল্যবিবাহ আৰু বহু বিবাহ নিষিদ্ধ কৰা হৈছে৷ ইয়াৰ পাছতো একাংশ লোকে আইনখনক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰি নিজ খেয়ালখুচি অনুসৰি অপৰাধ কাৰ্য সংঘটিত কৰি থকাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে।
চতিয়াৰ বৰভেটি গাঁৱৰ দিলদাৰ হুছেইন নামৰ যুৱকজনে পৰিয়ালৰ সন্মতিত সামাজিকভাৱে দুবছৰ আগতে বিবাহ কৰাইছিল চতিয়াৰ ছাৰ্কেআটি গাঁৱৰ আব্দুল হকৰ জীয়াৰী নাচিমান নেছাক। বিবাহৰ কেইমাহমান পাছত কৰ্মসূত্ৰে কেৰালালৈ যায় দিলদাৰ হুছেইন। বৰ্তমান দিলদাৰ হুছেইনৰ পত্নী ৯ মাহৰ গৰ্ভৱতী। পত্নীৰ পৰিয়ালৰ লোকৰ অভিযোগ মতে নাচিমান নেছাক শহুৰ আৰু শাহুৱেকে মানসিক আৰু শাৰীৰিক নিৰ্যাতন চলাই আহিছে। তদুপৰি ৯ মহীয়া গৰ্ভৱতী পত্নীৰ কোনো খবৰ নলয় লম্পট স্বামী দিলদাৰে।
কিছুদিনৰ আগতে কেৰালাৰ পৰা নিজগৃহলৈ দিলদাৰ হুছেইন আহিছিল যদিও পিতৃগৃহত থকা পত্নীৰ সৈতে কোনো যোগাযোগ নকৰিলে৷ পত্নীক সম্পূৰ্ণৰূপে উপেক্ষা কৰা দিলদাৰে বিশ্বনাথৰ পৰা এগৰাকী ১৫ বছৰীয়া নাবালিকাক বিয়া পাতি গোপনে কেৰালালৈ যোৱাৰ তথ্য লাভ কৰিছে নাচিমন নেছাৰ পৰিয়ালে৷
এই ঘটনা গম পোৱাৰ পাছতে দিলদাৰ হুছেইনৰ পত্নীয়ে চতিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে। চতিয়া আৰক্ষীয়ে অভিযোগ লাভ কৰাৰ পিছতে দিলদাৰ হুছেইনৰ ঘৰলৈ তদন্তৰ বাবে যায় যদিও ঘৰত বৃদ্ধ পিতৃৰ বাহিৰে কাকো লগ নাপালে৷ আৰক্ষীৰ পৰা জানিব পৰা মতে, ঘটনাটোৰ লগত জড়িত দিলদাৰৰ মাতৃ আৰু ভিনিহিয়েকজন পলাতক হৈ আছে৷
নতুন আইনখনৰ জৰিয়তে এনে লম্পট ধুৰন্ধৰ ব্যক্তিয়ে শাস্তি পাবনে? সেয়া সময়তহে জানিব পৰা যাব বুলি সচেতন লোকসকলে মন্তব্য প্ৰকাশ কৰিছে৷