নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা

ডিজিটেল ডেস্ক, ২১ জুন : ইংলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া (ODI) শৃংখলাৰ বাবে BCCI-এ টীম ইণ্ডিয়াৰ ১৫ জনীয়া দল ঘোষণা কৰিছে। আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ পৰা আঁতৰত থকা বিৰাট কোহলি পুনৰ দললৈ ঘূৰি আহিছে। যশপ্ৰীত বুমৰাহৰো প্ৰত্যাৱৰ্তন হৈছে, কিন্তু আফগানিস্তানৰ বিৰুদ্ধে তৃতীয় এদিনীয়াত অপৰাজিত শতকীয় ইনিংছ খেলা যশস্বী জয়ছোৱালক দলৰ পৰা বাদ দিয়া হৈছে।

অৱশ্যে বিৰাট কোহলিৰ ফিটনেছ এতিয়াও চিন্তাৰ বিষয় হৈ আছে। বি চি চি আই-এ এক আনুষ্ঠানিক বিবৃতি জাৰি কৰি কৈছে যে বিৰাটে খেলিব নে নেখেলিব, সেয়া তেওঁৰ ফিটনেছৰ ওপৰত নিৰ্ভৰ কৰিব। IPL ২০২৬ৰ ফাইনেল খেলত বিৰাটে হেমষ্ট্ৰিঙত আঘাত পাইছিল, যাৰ বাবে তেওঁ আফগানিস্তানৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত ভাগ ল’ব পৰা নাছিল।

ইংলেণ্ডৰে এদিনীয়া শৃংখলাৰ বাবে ঘোষিত ভাৰতীয় দল :
শুভমন গিল (অধিনায়ক), ৰোহিত শৰ্মা, বিৰাট কোহলি, শ্ৰেয়াছ আয়াৰ (উপ-অধিনায়ক), কে এল ৰাহুল (উইকেটকীপাৰ), ঈশান কিষাণ (উইকেটকীপাৰ), ৱাশ্বিংটন সুন্দৰ, অক্ষৰ পেটেল, নীতিশ কুমাৰ ৰেড্ডী, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, প্ৰসিদ্ধ কৃষ্ণ, হৰ্ষিত ৰাণা, অৰ্শদীপ সিং, গুৰনুৰ ব্ৰাৰ ।

You might also like