নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত মুছলমানৰ জন্মৰ হাৰ ২৯%–হিন্দুৰ ১০%

জনসংখ্যা নীতিক লৈ বিধানসভাত মুখ্যমন্ত্রীৰ বিস্ফোৰক তথ্য

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ নামনি অসমকে ধৰি ৰাজ্যৰ কেইবাখনো জিলাত ঘটা জনবিস্ফোৰণক লৈ উদ্বিগ্ণ ৰাজ্য চৰকাৰখনে শেহতীয়াকৈ জনসংখ্যা নীতি বলৱৎ কৰাৰ বাবে তৎপৰ হোৱাৰ সময়তে সমগ্র বিষয়টোক একাংশই ৰাজনৈতিক দিশলৈ ঠেলি দিয়াৰ অপচেষ্টা চলাইছে৷ এনে অপচেষ্টাক লৈ যোৱা সময়ছোৱাত চলি থকা চর্চাৰ মাজতে সোমবাৰে বিধানসভাত জনসংখ্যা নীতিক লৈ চলিল এক দীঘলীয়া চর্চা৷ সদনত এই চর্চাত ভাগ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মন্তব্য– ‘জনসংখ্যা নিয়ন্ত্রণৰ নীতি মুছলমানবিৰোধী নহয়, এই নীতি হ’ল দৰিদ্রতাৰ বিৰুদ্ধেহে৷ অসমত এতিয়া খিলঞ্জীয়া তথা অসমীয়া মুছলমানে বহুক্ষেত্রত শংকাত ভুগিছে৷ এই শংকা দূৰ কৰাৰ বাবে জনসংখ্যা নিয়ন্ত্রণ কৰাৰ প্রয়োজনীয়তা আছে৷’

বিধানসভাৰ প্রক্রিয়া আৰু কার্য পৰিচালনা ৫০নং নিয়মৰ অধীনত কংগ্রেছৰ বিধায়ক শ্বেৰমান আলীয়ে জন্ম নিয়ন্ত্রণৰ আইন প্রণয়নৰ এক প্রস্তাৱ উত্থাপন কৰে৷ বিশেষকৈ চৰ–চাপৰিত বাস কৰা মুছলমানসকলৰ মাজত কঠোৰ জন্ম নিয়ন্ত্রণ আইনৰ যোগেদি ক্রমবর্ধমান জনসংখ্যা নিয়ন্ত্রণ কৰাৰ বাবে এই প্রস্তাৱ উত্থাপন কৰি বিধায়কগৰাকীয়ে কয় যে মুছলমান সমাজত বৃদ্ধি পোৱা জনসংখ্যাৰ দিশটোৱে সকলোকে উদ্বিগ্ণ কৰিছে৷ বিশেষকৈ চৰ–চাপৰিত বসবাস কৰা মুছলমানসকলৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ৰোধ কৰাৰ প্রয়োজন, এইক্ষেত্রত মুখ্যমন্ত্রী উদ্বিগ্ণ৷ গতিকে এক বাস্তৱসন্মত পদ্ধতি আৰু পর্যাপ্ত শিক্ষা ব্যৱস্থা, বাল্য বিবাহ ৰোধ কৰি স্বাস্থ্য–যাতায়াত আদিৰ ক্ষেত্রত উন্নয়ন সাধন কৰি জনসংখ্যা নিয়ন্ত্রণ কৰা উচিত৷

কংগ্রেছৰ বিধায়কগৰাকীয়ে এইক্ষেত্রত ৰাষ্ট্রীয় পৰিয়াল স্বাস্থ্য সমীক্ষা (এন এফ এইচ এছ) দাঙি ধৰি অসমত হিন্দুৰ সন্তান জন্ম দিয়াৰ হাৰ মুছলমানতকৈ বৃদ্ধি বুলি উল্লেখ কৰে৷ বিষয়টো সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই উত্তৰ প্রদান কৰি কয়– ‘এন এফ এইচ এছে তেওঁলোকৰ ছার্ভেত কি তথ্য দিছে, তাতকৈ গুৰুত্বপূর্ণ কথা হ’ল লোকপিয়ল৷ ২০০১ আৰু ২০১১ বর্ষত প্রকাশ পোৱা লোকপিয়লে যি তথ্য দাঙি ধৰিছে সেয়া শুদ্ধ আৰু গুৰুত্বপূর্ণ৷ ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমত মুছলমানৰ জন্মৰ হাৰ হ’ল ২৯ শতাংশ৷ আনহাতে, হিন্দুৰ জন্মৰ হাৰ হ’ল ১৬ শতাংশ৷ ইয়াৰ বিপৰীতে ১৯৯১ চনৰ লোকপিয়ল অনুসৰি মুছলমানৰ জন্মৰ হাৰ আছিল ৩৪ শতাংশ আৰু হিন্দুৰ জন্মৰ হাৰ আছিল ১৯ শতাংশ৷ অর্থাৎ ১৯৯১ চনৰ লোকপিয়লতকৈ ২০০১ চনত হিন্দুৰ তুলনাত মুছলমানৰ জন্মৰ হাৰ যথেষ্ট কম হৈছে৷ কিন্তু এই পৰিসংখ্যা ২০১১ চনৰ লোকপিয়লৰ তথ্য মন কৰিলে স্পষ্ট হয় যে হিন্দুতকৈ মুছলমানৰ জন্মৰ হাৰ বৃদ্ধি হৈছে৷ ২০১১ চনৰ লোকপিয়লৰ তথ্য অনুসৰি মুছলমানৰ জন্মৰ হাৰ বৃদ্ধি হোৱা নাই যদিও হিন্দুৰ জন্মৰ হাৰ ১৬ শতাংশৰ পৰা ১০ শতাংশলৈ হ্রাস পাইছে৷

আনহাতে, ২০১১ চনৰ লোকপিয়ল অনুসৰি মুছলমানৰ জন্মৰ হাৰ ২৯ শতাংশতে আবদ্ধ আছে৷ এই তথ্য অনুসৰি ২৯জন মুছলমান লোক জন্ম পোৱাৰ বিপৰীতে হিন্দু জন্ম পাইছে ১০জন৷’ মুখ্যমন্ত্রীয়ে ইয়াকো কয়– হিন্দুৰ জন্মৰ হাৰ হ্রাস পোৱাৰ ফলত হিন্দুসকলৰ অর্থনৈতিক অৱস্থা ভাল হৈছে৷ ঘৰ–গাড়ীৰ লগতে অর্থনৈতিকভাৱে যথেষ্ট টনকিয়াল হিন্দু পৰিয়াল৷ ইয়াৰ বিপৰীতে মুছলমান লোকৰ জন্মৰ হাৰ বৃদ্ধি পোৱাৰ ফলত মানুহৰ থাকিবলৈ ঠাই নোহোৱা হৈছে৷ ফলত এঠাইৰ পৰা আন ঠাইলৈ গৈছে৷ বনাঞ্চলত সোমাই পৰিছে, চৰ–চাপৰি বিচাৰি ফুৰিছে৷ সেয়েহে মই জনসংখ্যা ৰোধৰ কথা ক’লে বেয়া পাব নালাগে৷ জনসংখ্যা ৰোধ কৰাৰ ক্ষেত্রত কংগ্রেছ–এ আই ইউ ডি এফ বা বিজেপি কোনেও বিৰোধিতা কৰিব নালাগে৷

সোমবাৰে সদনত শ্বেৰমান আলীয়ে মুছলমানৰ জনসংখ্যা নিয়ন্ত্রণ, শিক্ষা আদিৰ বিষয়ে আলোচনা কৰাৰ বাবে তেওঁক ধন্যবাদ দিছোঁ৷ এই প্রসংগতে মুখ্যমন্ত্রীয়ে পুনৰ কয়– অসমত মুছলমানসকলৰ দুটা ভাগ আছে৷ ধর্মীয়ভাৱে সকলো মুছলমান একে যদিও ভাষা–সংস্কৃতিৰ আন এটা ভাগ আছে মুছলমানৰ৷ উজনি আৰু নামনিৰ মুছলমানসকলৰ মাজত এই ভাষা–সংস্কৃতিৰ পার্থক্য আছে৷ খিলঞ্জীয়া মুছলমানসকলে জিকিৰ–জাৰী পৰিৱেশন কৰে৷ এই জিকিৰত অসমীয়া পৰম্পৰা, সত্র আদিৰ কথা উল্লেখ কৰা হৈছে৷ কিন্তু নামনিৰ মুছলমানসকলে জিকিৰ–জাৰীৰ লগত সম্পর্ক নাই৷ মিঞা মুছলমানৰ সংস্কৃতি বেলেগ আৰু থলুৱা বা খিলঞ্জীয়া মুছলমানৰ সংস্কৃতি বেলেগ৷ তেওঁলোকৰ মাজত ভাষাৰো ভিন্নতা আছে৷ উজনিৰ মুছলমানসকল খিলঞ্জীয়া৷ কার্যতঃ এই অসমতে দুখন ছবি স্পষ্ট হৈ পৰিছে৷ উজনিৰ বিধায়কসকলে ধুবুৰী বা নামনি অসমৰ সমাজ ব্যৱস্থা, ধর্মীয় ৰীতি–নীতি, দৰিদ্রতা দেখা নাই৷ একেদৰে নামনি অসমৰ বিধায়কেও উজনি অসমৰ সমাজ ব্যৱস্থা, ভাষা–সংস্কৃতি আদিৰ বিষয়ত জ্ঞান নাই৷

গতিকে মই উজনিৰ বিধায়কসকলক নামনিলৈ আৰু নামনিৰ বিধায়কসকলক উজনিত ৭ দিনকৈ বাহৰ পাতি সমগ্র দিশ পর্যবেক্ষণ কৰাৰ বাবে ব্যৱস্থা কৰিবলৈ অধ্যক্ষৰ সৈতে কথা পাতিম৷ মুখ্যমন্ত্রীয়ে আন এক প্রসংগ উত্থাপন কৰি কয়– সংখ্যালঘু অধ্যুষিত এলেকাত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হ’ল শিক্ষা–দীক্ষা৷ একো একোজনী ১৮ বছৰৰ তলৰ ছোৱালী ৩–৪টা সন্তানৰ মাতৃ৷ এইবোৰ কথা লুকুৱাই লাভ নাই৷ আজি বৰপেটা ফখৰুদ্দিন আলি আহমেদ চিকিৎসা মহাবিদ্যালয়ত যি হাৰত সন্তান জন্ম হয়, সেয়া এতিয়া সকলো ধৰণে স্পষ্ট হৈ পৰিছে৷ মই মানুহৰ দৰিদ্রতা দেখিছোঁ৷ গতিকে জনসংখ্যাৰ কথা ক’লে প্রতিবাদ কৰিব নালাগে৷ মোৰ দেউতাই কেইটা সন্মান জন্ম দিলে, সেয়া আলোচনা কৰাতকৈ কি ধৰণে জনসংখ্যা নিয়ন্ত্রণ কৰিব পাৰি, সেই দিশতহে চিন্তা–চর্চা কৰা উচিত৷ আমি সংখ্যালঘু অধ্যুষিত এলেকাত ৯খন মহাবিদ্যালয় স্থাপনৰ দিহা কৰিছোঁ৷ এই সংখ্যা অচিৰেই বৃদ্ধি কৰা হ’ব৷ এইবাৰ বাজেটত এটা দিশ উল্লেখ কৰা নহ’ল৷

কিন্তু চৰকাৰে অতি সোনকালে সংখ্যালঘু অধ্যুষিত এলেকাত ১০ হাজাৰ মহিলাক আশাকর্মীৰ লেখীয়াকৈ জন্ম নিয়ন্ত্রণৰ কামত নিয়োজিত কৰিব৷ একেদৰে চৰ–চাপৰি এলেকাত এহেজাৰ ল’ৰাক এই কামত নিয়োগ কৰা হ’ব৷ তদুপৰি ১৮ বছৰৰ তলৰ কিশোৰীৰ বিবাহ ৰোধ কৰাৰ বাবে জিলা উপায়ুক্তৰ জৰিয়তে কিছু ব্যৱস্থা অতি সোনকালে গ্রহণ কৰা হ’ব৷ ইয়াৰ পূর্বে বিজেপি বিধায়ক মৃণাল শইকীয়াই জনসংখ্যা নিয়ন্ত্রণৰ প্রসংগত কয় যে নামনি আৰু মধ্য অসমৰ মুছলমানসকল এতিয়া সংখ্যালঘু হৈ থকা নাই৷ ধুবুৰীত মুছলমানৰ সংখ্যা ৭৯.৬৭ শতাংশ৷ আনহাতে, দক্ষিণ শালমাৰাত ৯৫.০২ শতাংশ৷ যি অঞ্চলত ৭৯.৬৭ শতাংশ মুছলমান জনসংখ্যা আছে, তাত তেওঁলোক সংখ্যালঘু কেনেকৈ হ’ল? সংখ্যালঘু মানেই মুছলমান এই ধাৰণা সমাজৰ পৰা নোহোৱা কৰিব লাগিব৷ আজিৰ এই বিতর্কত অগপৰ বিধায়ক প্রদীপ হাজৰিকা, এ আই ইউ ডি এফৰ বিধায়ক ৰফিকুল হুছেইন, কংগ্রেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰেও অংশ লয়৷

You might also like