নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুব্ধ মোদীৰ প্রত্যুত্তৰ মহিলা–কৃষক দলিত মন্ত্রী হোৱা বাবে অসন্তুষ্ট বিৰোধী

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ সংসদৰ বর্ষাকালীন অধিৱেশনৰ প্রথমটো দিনতেই আজি উচ্চ সদন ৰাজ্যসভা উত্তাল হয়৷ কেন্দ্রীয় গৃহ ৰাজ্য মন্ত্রী নিশিথ প্রামাণিকৰ নাগৰিকত্বক লৈ প্রশ্ণৰ অৱতাৰণা কৰে তৃণমূল কংগ্রেছ (টি এম চি)য়ে৷ তৃণমূল কংগ্রেছৰ সাংসদ সুখেন্দুশেখৰ ৰায়ে নিশিথ প্রামাণিক বাংলাদেশৰ নাগৰিক বুলি যি অভিযোগ উঠিছে, সেয়া সত্য নেকি তাক জানিব বিচাৰে ৰাজ্যসভাত৷ তাৎক্ষণিকভাৱে ৰায়ৰ এই প্রশ্ণক সমর্থন জনাই কংগ্রেছে অভিযোগ সন্দর্ভত তদন্তৰ দাবী কৰে৷ কংগ্রেছ আৰু টি এম চিয়ে বিষয়টোক লৈ ৰাজ্যসভাত প্রশ্ণৰ অৱতাৰণা কৰাৰ লগে লগে বিজেপি সাংসদসকলে আৰম্ভ কৰি দিয়ে হুলস্থূল৷ বিজেপিৰ দাবী হৈছে বিৰোধী দলসমূহৰ অভিযোগ মিছা৷ বিজেপিৰ মতে নিশিথ ভাৰতৰ নাগৰিক৷ ৰাজ্যসভাত বিজেপি নেতা তথা কেন্দ্রীয় মন্ত্রী পীয়ূষ গোৱেলে উল্লেখ কৰে যে নিশিথৰ নাগৰিকত্বক লৈ ভীতিহীন প্রশ্ণ তোলা হৈছে৷

স্মর্তব্য যে যোৱা সপ্তাহত নিশিথ প্রামাণিকৰ নাগৰিকত্বক লৈ অসম প্রদেশ কংগ্রেছৰ সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুণ বৰাই প্রশ্ণ তুলিছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীলৈ চিঠি লিখি ৰিপুণ বৰাই অভিযোগ কৰিছে যে কোচবিহাৰৰ বিজেপি সাংসদ তথা কেন্দ্রীয় গৃহ দপ্তৰৰ ৰাজ্যিক মন্ত্রী নিশিথ বাংলাদেশৰ গাইবন্ধা জিলাৰ বাসিন্দা৷ পলাশবাৰীত হৰিনাথপুৰত নিশিথৰ ঘৰ আছে বুলিও দাবী কৰিছিল বৰাই৷ ৰিপুণ বৰাৰ অভিযোগ অনুসৰি নিশিথ প্রামাণিকে নথি জাল কৰি নিজকে কোচবিহাৰৰ বাসিন্দা বুলি দাবী কৰিছে৷

লক্ষণীয়ভাৱে এই বিষয়টোক লৈ ৰাজ্যসভা উত্তাল হোৱাৰ লগে লগে অতি কৌশলেৰে প্রধানমন্ত্রীয়ে ইয়াৰ প্রত্যুত্তৰ দিবলৈ গৈ কয় যে মহিলা, কৃষক সন্তান দলিতই মন্ত্রীসভাত স্থান লাভ কৰাটো নিবিচাৰে বিৰোধীয়ে৷ চলিত মাহত মোদী মন্ত্রীসভাৰ সম্প্রসাৰণত দলিত মহিলা অ’ বি চি আৰু কৃষক সমাজৰ কেইবাগৰাকীও প্রতিনিধিয়ে স্থান লাভ কৰিছে কেন্দ্রীয় মন্ত্রীসভাত৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অভিযোগ এই যে তেওঁৰ এই পদক্ষেপক বহুতেই পছন্দ কৰা নাই৷ বিৰোধীক নিশিথ প্রামাণিকৰ নাগৰিকত্বক লৈ কৰা হুলস্থূলৰ বাবেই এনেদৰে কটাক্ষ কৰে প্রধানমন্ত্রীগৰাকীয়ে৷

সংসদীয় পৰম্পৰা অনুসৰি মন্ত্রীসভাৰ সালসলনিৰ পাছত নতুন মন্ত্রীসকলক লোকসভা আৰু ৰাজ্যসভাৰ পৰৱর্তী অধিৱেশনত পৰিচয় কৰাই দিয়ে প্রধানমন্ত্রীয়ে৷ যোৱা ৭ জুলাইত মোদী মন্ত্রীসভাৰ সম্প্রসাৰণত ১৫জন কেবিনেট আৰু ২৮জন ৰাজ্যিক মন্ত্রীয়ে শপতগ্রহণ কৰিছে৷ লোকসভাৰ নেতা হিচাপে ভাষণ দিয়াৰ সময়ত বিৰোধীক কটাক্ষ কৰি প্রধানমন্ত্রীয়ে কয় যে নতুন মন্ত্রীসকলক পৰিচয় কৰাই দিয়াৰ প্রয়োজন আছিল৷ দলিত, আদিবাসী, মহিলা, অ’ বি চি তথা কৃষক আৰু গ্রামীণ পৰিয়ালৰ সন্তানসকলে মন্ত্রীসভাত স্থান লাভ কৰাটো অতি সুখৰ বিষয়৷ কিন্তু ইয়াক লৈ সুখী নহয় বিৰোধী৷ লক্ষণীয়ভাৱে নিশিথ প্রামাণিককো সম্প্রসাৰিত মন্ত্রীসভাত স্থান দিয়া হৈছে৷ গতিকে প্রামাণিকৰ নাগৰিকত্বক লৈ বিৰোধীয়ে কৰা প্রশ্ণৰ প্রত্যুত্তৰ ক্ষোভেৰে দিবলগীয়া হয় প্রধানমন্ত্রীগৰাকীয়্৷

You might also like