নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সত্রীয়া সংস্কৃতিৰ সাধক হৰেকৃষ্ণ মহন্তৰ দেহাৱসান

নিয়মীয়া বাৰ্তা ২০ জুলাইঃ প্রাক্ স্বাধীনতা কালতে সমাজ আৰু জাতিক পথ দেখুৱাবলৈ সুদূৰ বৰপেটাৰ বাৰাদি সত্রৰ পৰা বৰঙাজুলিলৈ যাত্রা কৰা ভকত শিৰোমণি, ওদালগুৰি ৰত্ন হৰেকৃষ্ণ মহন্তদেৱৰ যোৱানিশা ডেৰ বজাত দীঘলীয়া বর্ণিল পৰিক্রমাত পৰিল যতি৷ ৬৮ বছৰ পূর্বে নিজে স্থাপন কৰা বৰঙাজুলি সত্রৰ কুটীৰতে শেষ নিশ্বাস ত্যাগ কৰে সমাজ সংস্কাৰক তথা আধ্যাত্মিত চিন্তানায়কগৰাকীয়ে৷ ওদালগুৰি জিলা সাহিত্য সভাই ওদালগুৰি ৰত্ন উপাধি প্রদানৰ ১২ ঘণ্টা নৌহওঁতেই নিশা বৈকুণ্ঠগামী হয়৷

বিগত এসপ্তাহ ধৰি অসুস্থ মহন্তই নিশা প্রায় ডেৰ বজাত শেষ নিশ্বাস ত্যাগৰ লগে লগে ওদালগুৰি জিলাত ৰাষ্ট্র হৈ পৰে আৰু পুৱাৰে পৰা বৰঙাজুলি সত্র চৌহদলৈ গুণমুগ্ধ, ভকত–বৈষ্ণৱৰ লানি নিছিগা সোঁত বয়৷ বিধানসভাৰ কার্যসূচী আধাতে সামৰি বৰঙাজুলিত উপস্থিত হয় অধ্যক্ষ তথা পানেৰী সমষ্টিৰ বিধায়ক বিশ্বজিৎ দৈমাৰী আৰু মন্ত্রী ৰঞ্জিত দাস৷

লক্ষণীয় যে ১৯২৭ চনৰ ৭ ডিচেম্বৰত বৰপেটাৰ বাৰাদি সত্রত জন্মগ্রহণ কৰা ভকত শিৰোমণি হৰেকৃষ্ণ মহন্তৰ পিতৃৰ নাম আছিল প্রয়াত সাগৰ চন্দ্র মহন্ত আৰু মাতৃ আছিল সুভদ্রা মহন্ত৷ শৈশৱকাল বাৰাদিতে কটাই ডেকা ভকত হৰেকৃষ্ণ মহন্ত পোনতে বৰপেটা সত্রলৈ যায় আৰু মহাপুৰুষীয়া ধর্মৰ সকলো শিক্ষা গ্রহণ কৰে৷ পিছলৈ তদানীন্তন সত্রাধিকাৰ প্রয়াত অভয় চৰণ দাস মিস্ত্রীৰ পৰামর্শক্রমে তেওঁ বৰপেটাৰ পৰা খৈৰাবাৰীলৈ যাত্রা কৰে৷ লাহে লাহে সমগ্র অবিভক্ত দৰঙৰ ভিন্ন প্রান্তত পৰিভ্রমণ তথা শৰণ দি ১৯৫৩ চনত বৰঙাজুলিত সত্র প্রতিষ্ঠা কৰে৷

সেই সময়ত বৃহত্তৰ বৰঙাজুলি, ডিমাকুছি, বাদলাপাৰা, ভেৰগাঁও বালিসিঠা আদি এলেকাত আদিবাসী তথা জনজাতীয় সমাজত অত্যন্ত নিচাজাতীয় দ্রব্যৰ প্রচলন তথা ৰাইজৰ মাজত আধ্যাত্মিক চিন্তাৰ বিশেষ পৰিৱেশ নথকা বাবেই বৰঙাজুলিত ১২ বিঘা ভূমিত তেওঁ সত্র স্থাপন কৰে৷ সময়ত বৰঙাজুলি সত্রৰ পৰাই তেওঁ আধ্যাত্মিক শিক্ষাৰ লগতে সামাজিক আৰু শৈক্ষিক বাতাৱৰণ সৃষ্টিৰ বাবে প্রাথমিকৰ পৰা মহাবিদ্যালয় পর্যন্ত শিক্ষানুষ্ঠান গঢ় দিবলৈ লয়৷ বৰঙাজুলি সত্রত বাদেও মহন্তই ওদালগুৰি জিলাত সৰু–বৰ ৩৩খন সত্র প্রতিষ্ঠা কৰে৷

১৯৫৩ চনৰ পৰা ২০০৩ চন পর্যন্ত মহন্তই সমগ্র ওদালগুৰি জিলাত কেইবাশ লোকক গুৰু দুজনাৰ ধর্মৰ দীক্ষাৰে দীক্ষিত কৰি একপ্রকাৰ খ্রীষ্টান ধর্মৰ আগ্রাসনৰ পৰা সহজ–সৰল বডো, ৰাভা, আদিবাসী, শৰণীয়া আদি বিভিন্ন জনগোষ্ঠীৰ লোকক ৰক্ষা কৰে৷ তেওঁৰ মৃত্যুত বি টি আৰৰ সকলো চৰকাৰী–বেচৰকাৰী শিক্ষানুষ্ঠান–কার্যাল অর্ধছুটী ঘোষণা কৰে বিটিচিপ্রধান প্রমোদ বডোৱে৷ আজি বিয়লিৰ ভাগত সত্রৰ সমীপতে সত্রীয়া পৰম্পৰা, নীতি–নিয়মৰ মাজত সম্পূর্ণ ৰাজ্যিক মর্যাদাৰে সত্রাধিকাৰ হৰেকৃষ্ণ মহন্তৰ শেষকৃত্য সম্পন্ন কৰা হয়৷ তেওঁৰ প্রতি অন্তিম শ্রদ্ধাঞ্জলি জনাবলৈ আজি পুৱাৰ ভাগতে সত্রত আহি উপস্থিত হয় বি টি আৰ প্রধান প্রমোদ বডো, প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীসহ বিটিচিৰ কার্যবাহী সদস্য নীলোৎ স্বর্গীয়াৰী৷ সত্রাধিকাৰগৰাকীৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, কেবিনেট মন্ত্রী ৰঞ্জিত দাসসহ বিভিন্নগৰাকী নেতাই৷

You might also like