নলবাৰীত ৩ বছৰে প্রথম বিভাগৰ মুখ নেদেখা বিদ্যালয়ত ষ্টাৰ নম্বৰৰ উজান
নিয়মীয়া বাৰ্তা, ২৩ জুলাইঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ নামত নলবাৰী জিলাত মুহূর্তে মুহূর্তে সলনি হৈছে নীতি৷ ইতিমধ্যে অভ্যন্তৰত বিৰাজমান ব্যাপক বিশৃংখল, খেলিমেলিৰে সমগ্র প্রক্রিয়াটোৱে চৰম ভেঁকো–ভাওনাত পর্যবসিত হৈছে৷ জিলাৰ বিদ্যালয়সমূহৰ ভাৰপ্রাপ্ত বিষয়া সীমান্ত কুমাৰ ডেকাৰ হোঁহকা–পিছলা নীতিৰ বাবে বিভ্রান্তিত পৰিছে শিক্ষক সমাজ৷ নলবাৰী জিলা প্রাথমিক শিক্ষা বিষয়া তথা বিদ্যালয়সমূহৰ পৰিদর্শকৰ অতিৰিক্ত দায়িত্ব বহন কৰা শিক্ষা বিষয়াগৰাকীৰ মইমতালিৰ বাবে হাৰাশাস্তিৰ সন্মুখীন হ’ব লগা হৈছে জিলাখনৰ উচ্চ মাধ্যমিক বিদ্যালয়সমূহৰ প্রধান শিক্ষক, উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষকে ধৰি শিক্ষকসকল৷ জিলা প্রাথমিক শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাৰ অজ্ঞতাৰ বাবে মেড্রিক পৰীক্ষাৰ মূল্যায়নক কেন্দ্র কৰি বিগত কিছুদিন ধৰি জিলাখনৰ শিক্ষকসকলে হাৰাশাস্তি খাবলগীয়া হোৱাত বিষয়টোৱে শৈক্ষিক মহলত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ শিক্ষা বিষয়াগৰাকীৰ বেপৰোৱা মনোভাবৰ বাবে আজিপর্যন্ত জিলাখনত সম্পন্ন হোৱা নাই হাইস্কুল শিক্ষান্ত কিম্বা হাইমাদ্রাছা পৰীক্ষাৰ মূল্যায়ন প্রক্রিয়া৷ নিজকে সর্বজান্তা বুলি ভবা শিক্ষা বিষয়া সীমান্ত কুমাৰ ডেকাৰ সন্দেহজনক মনোভাবৰ ফলত একেটা কামকে দহবাৰ কৰিব লগা হৈছে জিলাখনৰ বিদ্যালয়সমূহৰ শিক্ষকসকলে৷
লক্ষণীয়ভাৱে জিলাখনৰ বিদ্যালয়সমূহে ছেবা কিম্বা জিলাখনৰ বিদ্যালয়সমূহৰ ভাৰপ্রাপ্ত আই এছগৰাকীৰ নির্দেশ মর্মে দুদিন পূর্বেই বিদ্যালয় মূল্যায়ন সমিতিৰ সকলো সদস্যৰ স্বাক্ষৰযুক্ত মূল্যায়নৰ ঘোষণা পত্র জমা দিছে৷ মূল্যায়নৰ ঘোষণা পত্রৰ প্রতিটো পৃষ্ঠাত সকলো সদস্যৰ স্বাক্ষৰ থকাৰ পিছতো একমাত্র শিক্ষা বিষয়াগৰাকীয়ে নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ স্বার্থত প্রতিখন বিদ্যালয় মূল্যায়ন সমিতিৰ পৰা সংগ্রহ কৰে একোখনকৈ আণ্ডাৰটেকিং৷ শিক্ষকসকলক হাৰাশাস্তি কৰি শিক্ষা বিষয়াগৰাকীয়ে ইমানতে ক্ষান্ত থকা নাই৷ জনা মতে, আজি দুপৰীয়াৰ ভাগত পুনৰ বিদ্যালয় মূল্যায়ন সমিতিৰ সকলো সদস্যৰ স্বাক্ষৰযুক্ত উক্ত মূল্যায়নৰ ঘোষণা পত্রৰ কপী দিনৰ দুই বজাৰ ভিতৰত সংশ্লিষ্ট পৰীক্ষা কেন্দ্রত জমা দিবলৈ বিদ্যালয়প্রধানসক শিক্ষা বিষয়াগৰাকীয়ে নির্দেশ দিয়ে৷ একেটা নির্দেশতে পৰীক্ষা কেন্দ্রসমূহৰ তত্ত্বাৱধায়কক এই কপী আজি পাঁচ বজাৰ ভিতৰত বিদ্যালয়সমূহৰ পৰিদর্শকৰ কার্যালয়ত জমা দিবলৈ কয়৷
শিক্ষা বিষয়াগৰাকীৰ এনে ধৰণৰ ল’ৰা–ধেমালিসুলভ নির্দেশনাক লৈ ক্ষুব্ধ হৈ পৰিছে জিলাখনৰ শিক্ষক সমাজ৷ হঠাতে অহা নির্দেশনাটোক লৈ শিক্ষক সমাজত লাগিল হাহাকাৰ৷ বিশেষকৈ জিলাৰ চৰাঞ্চলৰ বিদ্যালয়ৰ শিক্ষকে দিনৰ দুই বজাৰ ভিতৰত কেনেকৈ জমা দিব মূল্যায়নৰ ঘোষণা পত্রৰ কপী৷ ইপিনে, শেহতীয়াভাৱে জিলাখনৰ ৭০খন বিদ্যালয়ৰ মূল্যায়নত ব্যাপক বিসংগতি হোৱাৰ তথ্য প্রকাশ পাইছে৷ ইয়াৰে ভিতৰত ১৪খন বিদ্যালয়ত বিগত তিনিটা বর্ষত মেড্রিক পৰীক্ষাত এজনো পৰীক্ষার্থীয়ে প্রথম বিভাগ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল যদিও এইবেলি এনে বিদ্যালয়তো অভাৱনীয়ভাৱে শিক্ষাগুৰুসকলে ছাত্র–ছাত্রীৰ মূল্যায়ন পত্রত দিছিল ষ্টাৰ কিম্বা প্রথম বিভাগৰ নম্বৰ৷ বিগত তিনিটা বর্ষত প্রথম বিভাগৰ মুখ নেদেখা এনে বিদ্যালয়ত এইবাৰ কেইবাগৰাকীও ছাত্র–ছাত্রীয়ে ষ্টাৰ নম্বৰসহ প্রথম বিভাগ লাভ কৰাৰ তথ্য অন্তর্ভুক্ত কৰা বিষয়টো ছেবাৰ দৃষ্টিগোচৰ হোৱাত লাগে হাহাকাৰ৷ পূর্বে অতি নিম্নমানৰ ফলাফল লাভ কৰা এই বিদ্যালয়কেইখন হৈছে আৰিকুছি ছোৱালী হাইস্কুল, বৰাজোল হাইমাদ্রাছা, চণ্ডী মেধি বালিকা বিদ্যালয়, জি কে চুঙৰবৰী হাইস্কুল, গুৱাকুছি হাইমাদ্রাছা, নৱোদয় হাইস্কুল, কস্তুৰবা গান্ধী বালিকা বিদ্যালয়, বৰক্ষেত্রী, ক্ষেত্রপাৰা হাইস্কুল, লুইত একাডেমী হাইস্কুল, নৱজ্যোতি হাইস্কুল, কাহিকুছি, পিটপৰা পুখুৰী বালিকা বিদ্যাপীঠ হাইস্কুল, প্রতাপ তালুকদাৰ বিদ্যাপীঠ হাইস্কুল, পূব বনভাগ হাইস্কুল, লটিমা আৰু ৰামপুৰ বালিকা বিদ্যালয় হাইস্কুল৷
আনহাতে, বাকী ৫৬খন বিদ্যালয়ৰ একাংশই ছেবাই দিয়া নির্দেশনা নামানি নিজৰ ইচ্ছা মতে ছাত্র–ছাত্রীক অধিক নম্বৰ দি ‘ছেবা’ৰ প’র্টেলত আপলোড কৰাৰ লগতে মূল্যায়ন পত্র প্রস্তুত কৰাত এই বিষয়টোও ‘ছেবা’ৰ দৃষ্টিগোচৰ হয়৷ ফলত উক্ত বিদ্যালয়সমূহৰ মূল্যায়ন পত্রৰ নম্বৰ পুনৰ বিশেষভাৱে পুনৰীক্ষণ কৰি নতুনকৈ ‘ছেবা’ৰ প’র্টেলত আপলোড কৰিবলৈ জিলা পর্যায়ৰ স্ক্রুটিনী সমিতিক নির্দেশ দিয়াত হাহাকাৰ লাগে এই বিদ্যালয়সমূহত৷ সোমবাৰে নিশা নলবাৰী জিলা পৰিমণ্ডলৰ বিদ্যালয়সমূহৰ ভাৰপ্রাপ্ত পৰিদর্শক সীমান্ত কুমাৰ ডেকাই নিজক দোষমুক্ত কৰি ৰখাৰ স্বার্থত বিদ্যালয়সমূহৰ প্রধানসকলক পিছদিনা কার্যালয়লৈ মাতি পঠিয়াইছিল৷ তদুপৰি নৱম শ্রেণীৰ মূল্যায়ন তালিকাত নম্বৰ সালসলনি কৰা জিলাখনৰ বিদ্যালয়সমূহক নতুনকৈ ডিটিপি কৰি আই এছ অফিচত ষ্টেটমেণ্ট জমা দিবলৈ নির্দেশ দিয়ে৷ শিক্ষা বিষয়াগৰাকীৰ একমাত্র ব্যক্তিগত স্বার্থজনিত কাৰণত দিয়া এনে অপ্রয়োজনীয় নির্দেশনাই শিক্ষকসকলৰ মাজত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰে৷
লক্ষণীয়ভাৱে, উক্ত ৫৬খন বিদ্যালয়ৰ ভিতৰত ৰাজ্য চৰকাৰৰ পৰা শ্রেষ্ঠ বিদ্যালয়ৰ সন্মানৰ বঁটা লাভ কৰা বিদ্যালয়ো আছে৷ মূল্যায়ন পত্রত বিসংগতি থকাৰ সন্দেহ প্রকাশ কৰি ভাৰপ্রাপ্ত আই এছগৰাকীয়ে একপ্রকাৰ কৈফিয়ৎ তলব কৰা বিদ্যালয়সমূহৰ ভিতৰত আছে পশ্চিম চামতা হাইস্কুল৷ উল্লেখ্য যে ৰাজ্যখনৰ ভিতৰত পূর্বে শ্রেষ্ঠ বিদ্যালয়ৰ বঁটা লাভ কৰা বিদ্যালয়সমূহৰ ভিতৰত থকা পশ্চিম চামতা হাইস্কুলেও এইবেলি মূল্যায়ন তালিকাত খেলিমেলি কৰা বুলি সন্দেহ প্রকাশ কৰে শিক্ষা বিষয়া ডেকাই৷ ছেবাৰ নির্দেশনা উলংঘা কৰি মূল্যায়ন পত্রত খেলিমেলি কৰা বুলি সন্দেহ ওপজাত ভাৰপ্রাপ্ত আই এছ সীমান্ত কুমাৰ ডেকাৰ ৰোষত পৰা জিলাখনৰ ৫৬খন বিদ্যালয়ৰ ভিতৰত আছে কেইবাখনো ঐতিহ্যমণ্ডিত বিদ্যালয়৷