নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ ৰাজ্যৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান যোৰহাটস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ সুদীর্ঘ ১০ বছৰ কাল উপাচার্য হৈ থকা সময়ত বহু বিতর্কিত ড০ কমল মল্ল বুজৰবৰুৱাই সংঘটিত কৰা বিভিন্ন দুর্নীতি অনিয়ম ইতিমধ্যে এটাৰ পাছত এটাকৈ ফাদিল হৈছে৷ শেহতীয়াকৈ পোহৰলৈ আহিছে ড০ বুজৰবৰুৱাৰ এক উদ্ভুত কাণ্ড৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তর্গত ৰহাৰ মীন মহাবিদ্যালয়ত ৰাজহুৱা পুঁজিৰে নির্মিত এটা প্রেক্ষাগৃহৰ নামকৰণ কৰা হৈছিল ড০ বুজৰবৰুৱাৰ নামত৷
বিগত ২০১৯ চনৰ ২২ আগষ্টত আয়োজিত এক আড়ম্বৰপূর্ণ অনুষ্ঠানত ‘প্রফেছাৰ কমল মল্ল বুজৰবৰুৱা অডিটৰিয়াম’টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰিছিল মীনমন্ত্রী পৰিমল শুক্লবৈদ্যই৷ ড০ বুজৰবৰুৱাই অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচার্য পদৰ পৰা অৱসৰ গ্রহণ কৰিছিল ২০১৯ চনৰ জুলাই মাহত৷ তাৰ প্রায় ঠিক এটা মাহ পাছতে মীন মহাবিদ্যালয়ত নিজৰ নামত বৰ বৰ হৰফেৰে ফলক লগাই এই প্রেক্ষাগৃহটো উদ্বোধন কৰা হৈছিল৷ প্রভাৱ বিস্তাৰ কৰি ড০ বুজৰবৰুৱাই এইদৰে নিজৰ নামত প্রেক্ষাগৃহটো নামকৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ মন কৰিবলগীয়া যে ৰাজ্যৰ সমাজ জীৱনলৈ প্রভূত অৱদান আগবঢ়োৱা বহু বিশিষ্ট ব্যক্তি, স্বাধীনতা সংগ্রামী, দেশৰ হকে প্রাণ আহুতি দিয়া শ্বহীদ থকাৰ পাছতো অৱসৰ গ্রহণ কৰাৰ পাছতে এখন বিশ্ববিদ্যালয়ৰ এজন উপাচার্যৰ নামত কেনেকৈ এটা প্রেক্ষাগৃহ নামকৰণ কৰা হ’ল, সেয়া স্বাভাৱিকতে ৰহস্যজনক৷ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্রাক্তন উপাচার্য ড০ উজ্জ্বল বৰুৱাৰ দুর্নীতি–নিয়মৰ বিৰুদ্ধে সততে সৰৱ হৈ অহা হিন্দু যুৱ–ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিয়ে এই বিষয়টো শেহতীয়াভাৱে যোৱা ১৮ মে’ত এখন পত্রযোগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক অৱগত কৰে৷
হিন্দু যুৱ–ছাত্র পৰিষদৰ সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে জানিবলৈ দিয়া মতে মুখ্যমন্ত্রী ড০ শর্মাই ক্ষিপ্রতাৰে পদক্ষেপ লৈ প্রেক্ষাগৃহটোৰ পৰা ড০ বুজৰবৰুৱাৰ নাম সম্বলিত ফলকখন আঁতৰাবলৈ অসম কৃষি বিশ্ববিদ্যালয় কর্তৃপক্ষক নির্দেশ দিয়ে৷ এই নির্দেশৰ পাছতে তাৎক্ষণিকভাৱে আঁতৰাই দিয়া হৈছে ‘প্রফেছাৰ কমল মল্ল বুজৰবৰুৱা অডিটৰিয়াম’ শীর্ষক ফলকখন৷ এজন জীৱিত ব্যক্তিৰ নামত চৰকাৰী অনুষ্ঠান এটাৰ নামকৰণ নিজৰ নামত কৰাৰ মূলতে ড০ বুজৰবৰুৱাৰ ক্ষমতাৰ অপপ্রয়োগ বুলি মন্তব্য কৰি হিন্দু যুৱ–ছাত্র পৰিষদৰ সভাপতি বৈশ্য আৰু সাধাৰণ সম্পাদক দাসে কয় যে ৰহস্যজনক উৎসৰ পৰা লাভ কৰা ক্ষমতাৰ বলত ড০ বুজৰবৰুৱা ২০০৯ চনৰ পৰাই অসম কৃষি বিশ্ববিদ্যালয়ত অবাধ দুর্নীতি সংঘটিত কৰিছিল৷ আনকি বিশ্ববিদ্যালয়ত কোনোদিনে পাঠদান কৰি নোপোৱা ড০ বুজৰবৰুৱাই নিজৰ সভাপতিত্বত ২০১৮ চনৰ ১২ ডিচেম্বৰত অনুষ্ঠিত অসম কৃষি বিশ্ববিদ্যালয়ৰ ২২৯সংখ্যক বিদ্যায়তনিক পৰিষদৰ সভাত সম্পূর্ণ বে–আইনীভাৱে নিজকে ‘প্রফেছাৰ’ উপাধিৰে বিভূষিত কৰে৷