নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শনিবাৰে পুনৰ আক্রান্ত ১৫৯৫ মৃত ২৩জন

নিয়মীয়া বাৰ্তা ২৫ জুলাইঃ অসমত ক’ভিডৰ সংক্রমণ এতিয়াও অব্যাহত আছে৷ শনিবাৰে ৰাজ্যখনত ১,৫৯৫জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ লগতে ক’ভিডত আক্রান্ত হৈ ২৩জন লোকৰ মৃত্যু হয়৷

ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমে জনোৱা অনুসৰি শনিবাৰে ৰাজ্যখনত ১,১৮,৮৮৯জন লোকৰ নমুনা পৰীক্ষা কৰা হয়৷ ইয়াৰে ১,৫৯৫জন লোকৰ দেহত পজিটিভ ধৰা পৰে৷ দিনটোত আক্রান্তৰ হাৰ ১.৩৪ শতাংশ৷ শনিবাৰে আক্রান্ত হোৱাসকলৰ ভিতৰত কামৰূপ মেট্র’ত ১৭৯জন, গোলাঘাটত ১৬৪জন, লখিমপুৰত ১১৯জন, ডিব্রুগড়ত ৮৪জন, যোৰহাটৰ ৮৩জন৷

আনহাতে আজি লখিমপুৰত ৩জন, যোৰহাট–কামৰূপ মেট্র’–কামৰূপ–শিৱসাগৰ দুজনকৈ, বৰপেটা–চৰাইদেউ–চিৰাং, কাৰ্বি- আংলং–মৰিগাঁও–নলবাৰী আৰু ওদালগুৰিত এজনকৈ লোকৰ মুঠ ২৩জন লোকৰ মৃত্যু ঘটে৷ সেইদৰে সুস্থ হৈ উঠাৰ পৰিপ্রেক্ষিতত শনিবাৰে ১,৭৮৮জন লোকক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয়৷ বর্তমান ৰাজ্যখনত সক্রিয় ক’ভিড ৰোগীৰ সংখ্যা ১৪,৩৭৯জন৷ ৰাজ্যখনত এতিয়া সুস্থতাৰ হাৰ ৯৬.২৬ শতাংশ৷

You might also like