এমাহৰ পিছত বিয়াৰ দিন ঠিক হোৱাৰ কথা আছিল লিটনৰ
নিয়মীয়া বাৰ্তা, ২৮ জুলাইঃ অসমৰ অখণ্ডতা ৰক্ষা কৰিবলৈ গৈ অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত প্রাণ বিসর্জন দিয়া অসম আৰক্ষীৰ ৫জন জোৱানৰ বাসগৃহত বিৰাজ কৰিছে শোকাকুল পৰিৱেশে৷ মিজোৰাম আৰক্ষীৰ অতর্কিত আক্রমণত ৫জনকৈ জোৱানে প্রাণ হেৰুওৱাৰ বাতৰি বিয়পি পৰাৰ লগে লগে কান্দোনত ভাগি পৰে তেওঁলোকৰ আত্মীয়৷
বিশেষকৈ কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকক মিজোৰ গুলীৰ পৰা বচাবলৈ গৈ প্রাণ হেৰুওৱা জোৱান লিটন শুক্লবৈদ্যৰ ঘৰত সৃষ্টি হোৱা পৰিৱেশে সকলোৱে শোকাভিভূত কৰি তুলিছে৷ জোৱানজনৰ মৃত্যুৰ খবৰ লাভ কৰাৰ লগে লগে কান্দোনত ভাগি পৰে তেওঁৰ মাতৃ আৰু ভগ্নী৷ হাইলাকান্দিৰ আলগাপুৰৰ বাসগৃহত ভিৰ কৰে ওচৰ–চুবুৰীয়া আৰু আত্মীয়ই৷
প্রাপ্ত তথ্য অনুসৰি, চলিত বছৰতে বিয়া পাতিবলৈ প্রস্তুতি আৰম্ভ কৰিছিল লিটনৰ পৰিয়ালে৷ এমাহৰ ভিতৰতে বিয়াৰ দিন ঠিক হোৱাৰ কথা আছিল লিটনৰ৷ ইয়াৰ বাবে ইতিমধ্যে ঘৰখনত চলিছিল আয়োজনো৷ এই কথা সংবাদ মাধ্যমৰ আগত সদৰী কৰে লিটনৰ ভগ্নীয়ে৷ শোকস্তব্ধ হৈ পৰা ভগ্নীয়ে কয় যে লিটন আহিব বুলি খবৰ লাভ কৰিলেই ভাত ৰন্ধা–বঢ়া কৰি থৈছিল তেওঁ৷ এই বছৰতে বিয়া পাতিবলৈ যো–জা আৰম্ভ কৰিছিল৷
ইফালে মাতৃয়েও কয় যে নিজৰ দায়িত্ব পালন কৰিবলৈ গৈ মৃত্যুক সাবটি ল’বলগীয়া হ’ল তেওঁৰ পুত্রই৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে লিটনৰ পিতৃও আৰক্ষীত কর্মৰত আছিল৷ মঙলবাৰে শিলচৰ মেডিকেল কলেজ হাস্পতালত মৰণোত্তৰ পৰীক্ষা কৰাৰ পিছত তেওঁৰ নশ্বৰ দেহ আলগাপুৰৰ বাসগৃহলৈ লৈ অনা হয়৷
ইফালে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মিজো আৰক্ষীৰ গুলীত প্রাণ হেৰুওৱা মজৰুল হক বৰভূঞাৰ বাসগৃহতো৷ কালিৰ ঘটনাৰ বাতৰি লাভ কৰাৰ লগে লগে কাছাৰত উপস্থিত হোৱা বৰভূঞাৰ ভাতৃয়ে কান্দি কান্দি কয় যে কালি আঘাতপ্রাপ্ত হোৱাৰ পিছতে সন্ধিয়া ঘৰলৈ ফোনো কৰিছিল জোৱানজনে৷ গুলীৰ আঘাতত যথেষ্ট কষ্ট অনুভৱ কৰা বুলি তেওঁ পৰিয়ালক সদৰী কৰিছিল৷ পৰৱর্তী সময়ত তেওঁক উন্নত চিকিৎসাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ অনা হৈছিল যদিও নিশা মৃত্যুক সাবটি লয়৷