কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজৰ বৃত্তি লাভ কৰা শিক্ষার্থীৰ নাই অস্তিত্ব
নিয়মীয়া বাৰ্তা ২৯ জুলাইঃ কেন্দ্রীয় চৰকাৰৰ শিক্ষা মন্ত্রালয়ে উত্তৰ–পূবৰ উচ্চ শিক্ষিত মেধাৱী ছাত্র–ছাত্রীৰ বাবে ‘ঈশান উদয়’ নামেৰে এক ছাত্র বৃত্তি প্রদান কৰি আহিছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ যোগেদি উত্তৰ–পূবৰ প্রায় দহ হাজাৰ ছাত্র–ছাত্রীক মেধাৰ ভিত্তিত এই বৃত্তি প্রদান কৰি অহা হৈছে৷ বিশ্ববিদ্যালয় অনুদান আয়োগৰ কঠোৰ নীতি–নির্দেশনাৰ মাজেৰে আবেদনসমূহ কেইবাটাও পর্যায়ত পৰীক্ষা কৰি ছাত্র–ছাত্রীক বৃত্তিৰ বাবে বাছনি কৰা হয়৷ কিন্তু অতি আশ্চর্যজনক কথা যে এই ছাত্র বৃত্তিৰ নামত ভয়ংকৰ জালিয়াতি সংঘটিত হোৱাৰ অভিযোগ পোহৰলৈ আহিছে৷ চাৰি–পাঁচ দিন পূর্বে ‘ৰাষ্ট্রীয় ছাত্র বৃত্তি প’র্টেল’ত অসমৰ নতুন যিখন তালিকা প্রকাশ পাইছে, সেই তালিকা দেখি হাহাকাৰ লাগিছে অসমৰ ছাত্র–ছাত্রীসকলৰ মাজত৷
প্রকাশিত তালিকা মতে, অসমৰ ৫,৮১৭জন, মণিপুৰৰ ৯৭৪জন, ত্রিপুৰাৰ ৬৯৮জন, নাগালেণ্ডৰ ২৪২জন, মেঘালয়ৰ ১৪৭জন, অৰুণাচল প্রদেশৰ ৬২জন, মিজোৰামৰ ৪৯জন আৰু ছিকিমৰ ২৪জনসহ মুঠ ৮,০১৩জনৰ নাম প্রকাশ পাইছে৷ কিন্তু উত্থাপিত অভিযোগ মতে, তালিকাত প্রকাশ পোৱা অসমৰ ৫,৮১৭জন ছাত্র–ছাত্রীৰ আধাতকৈ বেছিসংখ্যকেই ভুৱা৷ অসমৰ বাহিৰৰ বহু অস্তিত্বহীন শিক্ষানুষ্ঠানৰ নামত এইসকল ভুৱা ছাত্র–ছাত্রীৰ নাম অন্তর্ভুক্ত কৰি এটা শক্তিশালী দুষ্টচক্রই প্রায় ২০ কোটি টকা উদৰস্থ কৰাৰ পাং পতিছে৷ চক্রটোৱে এই জালিয়াতি কৰোঁতে প্রায় পোন্ধৰখন বিভিন্ন অস্তিত্বহীন প্রতিষ্ঠানৰ নাম ব্যৱহাৰ কৰিছে৷ এইক্ষেত্রত অসমৰ এখন মহাবিদ্যালয়ৰ নামতো এই চক্রই জালিয়াতি কৰোঁতে সমগ্র ঘটনা সত্য প্রমাণিত হয়৷
উল্লেখ্য যে বৰপেটাৰ ভিক্টোৰিয়া ইণ্টাৰ কলেজৰ নামত ২৩৮জন শিক্ষার্থী এই বৃত্তিৰ বাবে বিবেচিত হৈছে যদিও বৰপেটা জিলাত এই কলেজখনৰ কোনো অস্তিত্বই নাই৷ আমাৰ হাতত আহি পৰা তথ্য মতে, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনত ধুবুৰীত আছে শৰৎ চন্দ্র সিংহ কলেজ অৱ এগ্রিকালচাৰ৷ সদ্যপ্রকাশিত তালিকাখনত মহাবিদ্যালয়খনৰ ১০২জন ছাত্রৰ নাম আহে৷ কিন্তু অতি আচৰিত কথা যে এই তালিকাৰ ৯৭জনেই ভুৱা ছাত্র৷ মহাবিদ্যালয়খনৰ মাত্র চাৰিজনহে প্রকৃত ছাত্রৰ নাম আছে তালিকাত৷ বিষয়টো কর্তৃপক্ষৰ দৃষ্টিগোচৰ হোৱাত লগে লগে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ডীন আৰু পঞ্জীয়কক অৱগত কৰে৷ যিহেতু মহাবিদ্যালয়খনৰ ছাত্র বৃত্তি সম্পর্কীয় ভেৰিফিকেচন কৃষি বিশ্ববিদ্যালয়ৰ পৰাহে কৰা হয়৷ এই সম্পর্কত জানিবলৈ এই প্রতিবেদকে বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক তপন গোহঁাইৰ লগত যোগাযোগ কৰোঁতে তেওঁ এই কথা স্বীকাৰ কৰি কয়– ‘তালিকাখন আমি পর্যবেক্ষণ কৰি গম পালোঁ যে ৯৭জন ছাত্র–ছাত্রীৰ নামেই ভুৱা৷ এইবোৰ ছাত্র–ছাত্রীৰ নামত কোনো ভেৰিফিকেচন হোৱা নাছিল৷
ঘটনা সন্দর্ভত আৰক্ষীক গোচৰ দিয়া হ’ব৷ ইফালে ধুবুৰীৰ উক্ত মহাবিদ্যালয়খনৰ ছাত্র একতা সভাৰ তৰফৰ পৰাও বিশ্ববিদ্যালয়ৰ ডীনক এখন লিখিত আবেদন দি সমগ্র বিষয়টোৰ তদন্ত কৰিবলৈ আহ্বান জনাইছে৷ জালিয়াতিৰ আশ্রয় লৈ অসমৰ বাহিৰৰ নিম্ন লিখিত প্রতিষ্ঠানবোৰৰ নামত অসমৰ ছাত্র–ছাত্রী বুলি ভবা নাম অন্তর্ভুক্ত কৰিছে৷ ভিক্টোৰিয়া ইণ্টাৰ কলেজ ৩৭৪জন, মেডাক ইনষ্টিটিউট অৱ টেকন’লজী এণ্ড ফার্মাচী ৫৫০জন, গৱর্নমেণ্ট ইণ্ডাষ্ট্রিয়েল ড্রেইনিং ৪২জন, ছেণ্ট পল কলেজ অৱ মেনেজমেণ্ট এণ্ড ইফর্মেচন টেকনলজী, তেলেংগানা ৫৩৩জন, ৰাহুলছ ইনষ্টিটিউট অৱ ইঞ্জিনীয়াৰিং, ওড়িশা ১৬জন, অভানডিছ থেৰেছা ইনষ্টিটিউট, অন্ধ্রপ্রদেশ ৫৯জন, জনসেৱা ইণ্ডাষ্ট্রিয়েল ট্রেইনিং ইনষ্টিটিউট, কর্ণাটক ২৯জন, সপ্তসুৰঙী শিক্ষাণ, মহাৰাষ্ট্র ১০জন, তামিলনাডুৰ এখনৰ পৰা ২৭জন, মধ্যপ্রদেশৰ এখনৰ পৰা ১৩জন, মহাৰাষ্ট্রৰ এখনৰ পৰা ১১জন, একেদৰে বিহাৰ, বাংগালুৰু আদি বিভিন্ন অস্তিত্ব থকা নে নথকা প্রতিষ্ঠানৰ পৰা অসমৰ বুলি ৩,১৩৮জন ভুৱা ছাত্র–ছাত্রীৰ নাম অন্তর্ভুক্ত কৰিছে দুষ্টচক্রটোৱে৷
তালিকাত অসমৰ মুঠ ৫,৮১৭জনৰ নাম আহিছে৷ কিন্তু ইয়াৰে ৩,১৩৮জন ছাত্র–ছাত্রীৰ নাম বাহিৰৰ এইবোৰ প্রতিষ্ঠানৰ পৰা আহিছে৷ আনকি কলা শাখাৰ কোনো প্রতিষ্ঠানত কাৰিকৰী শিক্ষা লোৱা, কাৰিকৰী প্রতিষ্ঠানত কলা শাখাত পঢ়া, একেটা নামকে পিতৃৰ নাম সলনি কৰি বাৰে বাৰে ব্যৱহাৰ কৰাকে ধৰি ব্যাপক জালিয়াতি কৰিছে কেৱল যিকোনো উপায়েৰে প্রায় বিশ কোটি টকা লুটিবলৈ৷ এতিয়া প্রশ্ণ উত্থাপন হৈছে, ইমান কঠোৰভাৱে ছাত্র–ছাত্রীৰ নাম বাছনি কৰাৰ এটা প্রক্রিয়া থকাৰ পাছত ভুৱা ছাত্র–ছাত্রীৰ নামত, ভুৱা প্রতিষ্ঠানৰ নামত কেনেকৈ বাছনি তালিকাত নাম অন্তর্ভুক্ত হ’বলৈ পালে৷ ইয়াত বিশ্ববিদ্যালয় অনুদান আয়োগ, এন এছ পি কোনো লোকে জডিত আছে নেকি৷ ইফালে এই তালিকা প্রকাশ হোৱাৰ পাছতে অসমৰ বঞ্চিত প্রকৃত ছাত্র–ছাত্রীসকলে টুইটাৰ ষ্ট্রম সৃষ্টি কৰিছে৷ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুলৈ সর্বাধিক টুইট কৰি বিষয়টোত জৰুৰী হস্তক্ষেপ বিচাৰিছে৷