নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নেনো ইউৰিয়াৰ প্ৰথমটো কনচাইণ্টমেণ্ট ফ্লেগ অফ কৰে

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ আজি মুখ্যমন্ত্রীৰ কার্যালয়ত অনুষ্ঠিত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ভাৰতীয় কৃষক সাৰ সমবায় লিমিটেডে (ইফকো) বিকশিত কৰা নেনো ইউৰিয়া প্রথম অর্পণ কার্যসূচীত উপস্থিত থাকি ফ্লেগ অফ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৷ এই অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা , উদ্যোগ  চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা  লগতে ইফকোৰ অধ্যক্ষ  বি এছ নাকাই ডাঙৰীয়া, পৰিচালন সঞ্চালক ড: ইউ এছ অৱস্থি , উপাধ্যক্ষ দিলীপ সংঘানী আৰু উত্তৰ-পূবৰ ৰাজ্যিক বিপণন ব্যৱস্থাপক অজিত ভট্টাচাৰ্য  উপস্থিতি থাকে। 

এই অনুষ্ঠানটোত বক্তব্য প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে ইফকোৰ এই পদক্ষেপৰ ইতিবাচক লাভালাভসমূহৰ কথা দোহাৰি বিশ্বজুৰি আধুনিক কৃষিৰ ইতিহাসত ই এক ‘গেম চেঞ্জাৰ’ৰ কাম কৰিব। ইফকোক এই উদ্ভাৱনী প্ৰচেষ্টাৰ বাবে অভিনন্দন জনোৱাৰ লগতে আশা ৰাখিছোঁ, ভৱিষ্যতেও ইফকোই কৃষি খণ্ডত দৃষ্টান্তমূলক পৰিৱৰ্তনেৰে আকৰ্ষণীয় প্ৰদৰ্শন অব্যাহত ৰাখিবলৈ সক্ষম হ’ব৷ পূৰ্বতে ইফকোক ৰাজ্যখনত এটা নেনো ইউৰিয়া প্ৰকল্প স্থাপনৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনোৱাৰ লগতে ৰাজ্যখনত সাৰৰ অভাৱৰ বিষয়টো চোৱাচিতা কৰা, আমাৰ কৃষকসকলক ইউৰিয়া আৰু অন্যান্য সাৰৰ মসৃণ তথা সময়মতে যোগান ধৰাৰ ক্ষেত্রত সাৰ বিতৰণী মাধ্যমসমূহক সুশৃংখল কৰাৰ হেতু উদ্যোগ ল’বলৈও আমাৰ তৰফৰ পৰা আহ্বান জনোৱা হৈছিল।

 

You might also like