নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাইলাপুৰত অর্থনৈতিক অৱৰোধ প্রত্যাহাৰঃ আৰক্ষীয়ে সুৰক্ষা দি মিজোৰামলৈ পঠিয়ালে মালবাহী ট্রাক

নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ  অসম–মিজোৰাম সীমান্তৰ লাইলাপুৰত যোৱা ২৬ জুলাইত সংঘটিত ঘটনাৰ পাছত সৃষ্টি হোৱা উত্তেজনা ক্রমাৎ হ্রাস পাইছে৷ সীমান্তৱর্তী অঞ্চলটোৰ সুৰক্ষাৰ দায়িত্ব নিৰপেক্ষ বাহিনী হিচাপে চি আৰ পি এফে গ্রহণ কৰাৰ পাছত লাহে লাহে অঞ্চলটোলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি আহিবলৈ আৰম্ভ কৰিছে৷ ইয়াৰ মাজতে দেওবাৰৰ পৰা লাইলাপুৰত অর্থনৈতিক অৱৰোধ প্রত্যাহাৰ কৰিছে স্থানীয় লোকসকলে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নির্দেশমর্মে দুই মন্ত্রী ক্রমে পৰিমল শুক্লবৈদ্য আৰু অশোক সিংঘলে স্থানীয় লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকক অর্থনৈতিক অৱৰোধ প্রত্যাহাৰ কৰিবলৈ আহ্বান জনা৷

কাছাৰ জিলাৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক লগত লৈ দুয়োগৰাকী মন্ত্রীয়ে স্থানীয় লোকসকলক এই অর্থনৈতিক অৱৰোধ প্রত্যাহাৰ কৰাৰ লগতে সীমান্তৱর্তী অঞ্চলটোলৈ পুনৰ শান্তিৰ পৰিৱেশ ঘূৰাই অনাৰ বাবে এটা পৰিৱেশ সৃষ্টি কৰিবলৈ আহ্বান জনায়৷ মন্ত্রী পৰিমল শুক্লবৈদ্যই বিভিন্ন বেচৰকাৰী সংস্থা, অঞ্চলটোৰ স্থানীয় লোক, শিলচৰ ট্রাকচালক সংস্থাৰ বৈঠকত আশ্বাস দিয়ে যে স্থানীয় লোকসকলক সুৰক্ষা প্রদান কৰিবলৈ তেওঁলোক দায়বদ্ধ৷ এইক্ষেত্রত সকলো ধৰণৰ পদক্ষেপ গ্রহণ কৰা হ’ব বুলি তেওঁ প্রতিশ্রুতি দিয়ে৷

ইয়াৰ পূর্বে কালি বৰাক উপত্যকাৰ ১৪গৰাকী বিধায়কৰ সৈতেও মিলিত হয় বনমন্ত্রী পৰিমল শুক্লবৈদ্য৷ দুই মন্ত্রীৰ বুজনিৰ পাছত স্থানীয় লোকসকলে অর্থনৈতিক অৱৰোধ প্রত্যাহাৰ কৰে৷ ইয়াৰ পাছতে সুৰক্ষাৰ মাজেৰে অসম আৰক্ষীয়ে লাইলাপুৰৰ পৰা মিজোৰামলৈ ট্রাকসমূহ পাৰ কৰাই দিয়ে৷ মন্ত্রী সিংঘলে স্থানীয় লোকসকলৰ আগত প্রকাশ কৰে যে ২৬ জুলাইত সংঘটিত ঘটনাৰ এক নিকা আৰু স্বচ্ছ তদন্ত কৰা হ’ব বুলি আশ্বাস দিছে মিজোৰামে৷ সেয়েহে আগন্তুক সময়ত সীমান্তৱর্তী অঞ্চলটোত কোনোধৰণৰ প্রতিবাদ অথবা অনাকাংক্ষিত পৰিস্থিতি সৃষ্টি নকৰিবলৈ তেওঁ আহ্বান জনায়৷

You might also like