শালবাৰীৰ দুই কিঃমিঃ ভিতৰলৈ আহি ৰাস্তাত চিহ্ণ আঁকিলে মেঘালয়ে
নিয়মীয়া বাৰ্তা ৯ আগষ্টঃ মিজোৰামৰ লাইলাপুৰ কাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওঁতেই আকৌ মেঘালয়ৰ সেনচকু পৰিছে অসমৰ ভূমিত৷ মেঘালয়ে অসমৰ ভূমি আগ্রাসন কৰিবলৈ অভিসন্ধি ৰচনা কৰিছে৷ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তর্গত গামেৰীমূডাৰ শালবাৰীত ইতিমধ্যে প্রায় ২ কিলোমিটাৰ ভিতৰলৈ সোমাই আহিছে মেঘালয়৷ ইয়াৰ পাছত আকৌ অসম–মেঘালয় সংযোগী পথৰ ওপৰত মেঘালয়ৰ দুর্বৃত্তই আঁকি যোৱা চিহ্ণই সীমান্তবাসী ৰাইজক আতংকিত কৰি তুলিছে৷
যোৱা ৫ আগষ্টত মেঘালয়ৰ এটা দুষ্টচক্রৰ দলে পথটোত ৰঙা আৰু বগা ৰঙেৰে ক্রছ চিহ্ণ আঁকি থৈ যায়৷ এই ঘটনা সন্দর্ভত খবৰ পাই ৰাভা ছাত্র সন্থাৰ এটা সঁজাতী দল ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সবিশেষ অসম আৰক্ষী প্রশাসন আৰু বকো ৰাজহ চক্র বিষয়াক অৱগত কৰে৷ মিজোৰাম কাণ্ডৰ উত্তেজনা মাৰ নৌযাওঁতেই মেঘালয়ৰ এনে কার্যত শংকিত হৈ পৰিছে সীমান্তবাসী ৰাইজ৷ লগতে পুনৰ কোনোধৰণৰ অপ্রীতিকৰ পৰিস্থিতি যাতে সৃষ্টি হ’ব নোৱাৰে, তাৰ বাবে শীঘ্রে অসম চৰকাৰক ব্যৱস্থা গ্রহণৰ দাবী জনাইছে নিখিল ৰাভা ছাত্র সন্থাই৷