জাগুনত বিদ্যুৎ পৃষ্ট হৈ মৃত্যুবৰণ বন্যহস্তীৰ
নিয়মীয়া বাৰ্তা ১০ আগষ্টঃ– মাৰ্ঘেৰিটা মহকুমাৰ জাগুনৰ কথাচেমাত বনৰীয়া হাতীৰ আজি অকাল মৃত্যু। বিদ্যুৎ পৃষ্টহৈ মৃত্যুবৰণ কৰিছে বুলি সন্দেহ স্থানীয় ৰাইজৰ। জাগুনৰ কথাচেমাত সংঘটিত হৈছে এই কৰুণ ঘটনা। বিদ্যুৎস্পৃষ্ট হৈ এটা হাতীৰ মৃত্যু হোৱাৰ সন্দেহ কৰা হৈছে। কাষৰীয়া যি সমূহ বনাঞ্চল আছে তাৰ পৰা বন্যহস্তী খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰে আৰু এনেদৰে ওলাই আহোতেই হাতীটো বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে।
হাতীটোৰ মৃতদেহ প্ৰত্যক্ষ কৰি কোনো লোকে কু কাণ্ড কৰি বিদ্যুৎ সংযোগ কৰি ৰখাৰ ফলত এয়া সম্পূৰ্ণ বিদ্যুৎ স্পৃষ্ট হৈ মৃত্যুবৰণ কৰিছে বুলি ধাৰণা কৰিব পাৰি। ঘটনাস্থলীত বনবিভাগৰ লোক আহি তদন্ত আৰম্ভ কৰাৰ লগতে মৃত বন্যহস্তীটোৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থা গ্ৰহণ কৰে। স্থানীয় ৰাইজে মৃত হাতীটোৰ পূজা অৰ্চনা কৰি শেষ বিদায় দিয়া দেখা গ’ল।
বিঃদ্ৰঃ- লগত ফটো দিয়া হ’ল।