নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনত অসমৰ ৰাজনীতিত থকা আটাইতকৈ সৎ মানুহজনেই মই

নিয়মীয়া বাৰ্তা, ১১ আগষ্টঃ  এআইইউডিএফৰ বিধায়ক আমিনুল ইছলাম এজন ফকলেণ্ডু৷ –এই মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ মঙলবাৰে আমিনুল ইছলামে অখিল গগৈয়ে ১০ কোটি টকা বিচৰা বুলি কৰা অভিযোগৰ পিছতে এই মন্তব্য কৰি বিধায়ক গগৈয়ে সাংবাদিকক কয়– আপোনালোকে যিজন মানুহ (আমিনুল ইছলাম)ৰ কথা কৈছে, তেওঁৰ নাম কৈ প্রশ্ন সোধাটোৱে মই ভাবোঁ, ৰাজহুৱা জীৱনত সততা থকা মানুহ এজনৰ বাবে অপমান৷

উল্লেখ্য যে এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে মঙলবাৰে অভিযোগ কৰিছে যে দল খোলাৰ বাবে অখিল গগৈয়ে বিচাৰিছিল ১০ কোটি টকা৷ সেই ১০ কোটি টকা নিদিয়াৰ বাবেই এআইইউডিএফক সাম্প্রদায়িক দল বুলি মন্তব্য কৰিছে বিধায়কজনে৷ আমিনুল ইছলামৰ এই বক্তব্যৰ পিছতে কালি ডিব্রুগড়ত বিধায়ক গগৈয়ে এই অভিযোগক একেষাৰে নস্যাৎ কৰি কয়– আমিনুল ইছলামৰ দৰে এজন জাত–পাত আৰু ধর্মক লৈ ৰাজনীতি কৰা ফকলেণ্ডু মানুহে যদি মোৰ বিৰুদ্ধে কিবা অভিযোগ আনিছে, তাৰ উত্তৰ দিবলৈ মই তেওঁক যোগ্য বুলি নাভাবোঁ৷

কিয়নো আজিৰ দিনটোত অসমৰ ৰাজনীতিত থকা আটাইতকৈ সৎ মানুহজনেই চাগে মই৷ যিবিলাক মানুহে এইবিলাক কথা কয়, সেইসকল মানুহৰ লগত আমাৰ তুলনা নহয়৷ আমি ৰাজহুৱা জীৱনত সদায় সততা আৰু ৰাইজৰ বাবে কাম কৰোঁ৷ কোনো কমিউনেল পার্টীৰ বাবে কাম নকৰোঁ, কোনো কমিউনেল কথা নকওঁ, কেতিয়াও কোনো জাতি–ধর্মৰ বিৰুদ্ধে নকওঁ৷ আমিনুল ইছলাম এজন সাম্প্রদায়িক মানুহ৷ তেওঁক লৈ কিবা ক’ব লাগিব বুলি মই নাভাবোঁ৷ ফকলেণ্ডু মানে আমাৰ গাঁৱলীয়া ভাষাত মিছলীয়া, ফ্রড৷ তেনে ব্যক্তিয়ে মোৰ বিৰুদ্ধে অনা প্রশ্ন মই শুনিবলৈও নিবিচাৰোঁ৷

You might also like