নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনা খাদ্য আৰু স্বাস্থ্য সংস্কৃতি

-প্রেৰণা বৰুৱা

চীনাসকল যথেষ্ট স্বাস্থ্যৱান বুলি ক’ব পাৰি৷ বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি তেওঁলোকৰ মাজত অনুমোদিত ওজনতকৈ বেছি ওজনৰ লোকৰ সংখ্যা বৰ বেছি নহয়, প্রায় ২১ শতাংশ৷ আনহাতে, মেদবহুল লোকৰ সংখ্যা আমাৰ দেশৰ তুলনাত তেনেই কম৷ মাত্র ৭.৪ শতাংশ৷ ইয়াৰ মূলতে দুটা প্রধান কাৰক আছে– প্রথমটো হ’ল চীনা লোকৰ সময় সচেতনতা আৰু দ্বিতীয়টো হ’ল খাদ্য সংস্কৃতি৷
দেখা যায় যে চীনাসকলে সদায় নির্দিষ্ট সময়তহে আহাৰ গ্রহণ কৰে৷ তদুপৰি তেওঁলোকে দিনৰ পোহৰতেই তিনিও সাঁজ আহাৰ গ্রহণ কৰে৷ সাধাৰণতে পুৱা ৮ বজাৰ আগেয়ে, দুপৰীয়াৰ আহাৰ ১২ বজাৰ পৰা ১ বজাৰ ভিতৰত আৰু সন্ধিয়াৰ আহাৰ ৬ বজাৰ আগে–পিছে৷ প্রতিদিনে নির্দিষ্ট সময়ত আহাৰ গ্রহণ কৰাটো পৰিপুষ্টিৰ ফালৰ পৰা অতি উপকাৰী৷ এসাঁজ আহাৰ শৰীৰত হজম হ’বলৈ কমেও চাৰি বা পাঁচ ঘণ্টা লাগে৷ গতিকে সময়মতে আহাৰ গ্রহণ কৰিলে নির্দিষ্ট সময়ত আমাৰ ভোক লাগিব আৰু খাদ্য খাবলৈ মন যাব৷
খৰধৰকৈ খাদ্য নাখাই লাহে লাহে বহু সময়লৈ খাব পাৰি৷ খৰধৰ কৰিলে খাদ্য ভালকৈ নোচোবোৱাকৈ গলাধকৰণ কৰা হয়৷ ইয়াৰ ফলস্বৰূপে খাদ্য হজম হওঁতে পলম হয়৷ লগতে খোৱা খাদ্যৰ পৰিমাণো নিজে গম নোপোৱাকৈ বৃদ্ধি পায়৷ দিনৰ পোহৰত তিনিও সাঁজ খোৱা নিয়মটো আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ কাৰণ দিনতহে আমি বেছি সক্রিয় হৈ থাকোঁ৷ নিশা আমাৰ সক্রিয়তা ভালেখিনি কমি যায়৷ গতিকে দিনৰ পোহৰৰ ভিতৰতে তিনিও সাঁজ আহাৰ গ্রহণ কৰিলে খাদ্যৰ পৰা লাভ কৰা অতিৰিক্ত শক্তি বেছিখিনি খৰচ হ’ব আৰু শৰীৰত জমা হ’ব পৰা চর্বিৰ পৰিমাণ হ্রাস পাব৷ ফলস্বৰূপে এই ব্যৱস্থাই মেদবহুলতা ৰোধ কৰাত সহায় কৰে৷
এতিয়া খাদ্যৰ কথালৈ আহিছেছা, চীনাসকলে যি–টি খাদ্য গ্রহণ নকৰে৷ তেওঁলোকে খাদ্যৰ জুতিহে লয়৷ প্রতি সাঁজতে সিজোৱা শাক–পাচলি খায়, একেবাৰে শেষতহে ভাত খায়৷ সেউজীয়া শাক–পাচলি আমাৰ বাবে অতি উপকাৰী৷ কাৰণ ইয়াৰ সহায়ত শৰীৰে দৰকাৰী ভিটামিন আৰু খনিজ দ্রব্য লাভ কৰে৷ তদুপৰি কিছুমান শাক–পাচলিত যথেষ্ট পৰিমাণৰ আঁহ থাকে, যিবোৰ শৰীৰৰ বাবে উপকাৰী৷ ভাতৰ প্রধান উপাদান হৈছে শর্কৰা৷ চর্বিজাতীয় খাদ্য, শর্কৰাজাতীয় খাদ্যৰ আধিক্যৰ বাবেই প্রধানকৈ মেদবহুলতা হয়৷ চীনাসকলে খাদ্য পৰিৱেশনত দক্ষিণ এছিয়াৰ আন বহু দেশৰ দৰে মাংস পৰিৱেশন কৰে৷ উল্লেখ্য যে চীনৰ প্রধান নগৰসমূহত মটৰ পৰিবহণৰ বাবে থকা পথৰ দুয়োকাষে সুকীয়াকৈ পথচাৰী আৰু চাইকেল আৰোহীৰ বাবে দুটা পথ আছে৷ গতিকে মানুহবোৰে নির্ভয়ে খোজকাঢ়ে বা চাইকেল চলায়৷ বিদ্যালয়–মহাবিদ্যাল্ বা কার্যালয়লৈ যাবলৈ সুবিধা পায়৷ নিয়মিত খোজকঢ়া বা চাইকেল চলোৱাৰ অভ্যাসে দেহৰ ওজন নিয়ন্ত্রণ কৰে আৰু মেদবহুলতা প্রতিৰোধ কৰে৷

You might also like