নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএছটি সংস্কাৰ চৰকাৰৰ সাহসী সিদ্ধান্তঃ মোদী

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ কনফেডাৰেচন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্রী, চমুকৈ চি আই আইৰ কার্যসূচী ভার্চুৱেলযোগে সম্বোধন কৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পূর্বৰ কংগ্রেছ নেতৃত্বাধীন এন ডি এ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ জি এছ টি সংস্কাৰ এন ডি এ চৰকাৰৰ সাহসী সিদ্ধান্ত বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে ৰাজনৈতিক শংকাৰ বাবেই পূর্বৰ ইউ পি এ চৰকাৰে জি এছ টি সংস্কাৰত বিলম্ব কৰিছিল৷ চৰকাৰখনে সাহস গোটাব পৰা নাছিল৷

কিন্তু জি এছ টি সংস্কাৰৰ ক্ষেত্রত তেওঁৰ নেতৃত্বাধীন চৰকাৰখনে সাহসী সিদ্ধান্ত গ্রহণ কৰিলে৷ আমাৰ চৰকাৰে জি এছ টি বলৱৎ কৰাই নহয়, অভিলেখসংখ্যক জি এছ টি সংগ্রহ কৰিবলৈ সক্ষম হৈছে৷ আনপিনে, বিগত কিছু বছৰ ধৰি অর্থনৈতিক সংস্কাৰৰ বাবেই দেশত প্রত্যক্ষ বিদেশী বিনিয়োগ বৃদ্ধি পাইছে৷ মহামাৰীৰ সময়তো আনকি চৰকাৰখনে সাহসী সিদ্ধান্ত গ্রহণ কৰিছে৷ মহামাৰীৰ ফলত বিধ্বস্ত হোৱা অর্থনীতি পুনৰ উজ্জীৱিত হ’বলৈ আগবাঢ়ি গৈ আছে বুলিও প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে৷

You might also like