নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰিয়াখানাত কৃত্রিম পদ্ধতিৰে ঘাঁহ উৎপাদনঃ প্রতিদিনে সাত কুইণ্টলকৈ ঘাঁহ উৎপাদন

নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ অসম ৰাজ্যিক চিৰিয়াখানাত তৃণভোজী জন্তুৰ বাবে প্রয়োজনীয় খাদ্য নাটনি আঁতৰ কৰিবলৈ অত্যাধুনিক পদ্ধতিৰ সহায় লৈছে কর্তৃপক্ষই৷ প্রথমবাৰৰ বাবে ৰাজ্যিক চিৰিয়াখানাত কৃত্রিম পদ্ধতিৰে তৃণভোজী প্রাণীৰ বাবে ঘাঁহ উৎপাদন কৰিছে৷ ইয়াৰ বাবে চিৰিয়াখানা কর্তৃপক্ষই ৩০ লাখ টকা ব্যয়েৰে হাইড্র’ফনিক ফডাৰ গ্রাছগ্র’য়িং মেচিন স্থাপন কৰিছে৷

চিৰিয়াখানাত থকা তৃণভোজী জীৱ–জন্তুৰ খাদ্যৰ নাটনি দূৰ কৰিবলৈ স্থাপন কৰা এই অত্যাধুনিক যন্ত্রৰ দ্বাৰা কৃত্রিম পদ্ধতিৰে প্রতিদিনে উৎপাদন কৰি আহিছে ৭ কুইণ্টলকৈ ঘাঁহ৷ ১৭ৰ পৰা ২১ ডিগ্রী চেলচিয়াছত হাইড্র’ফনিক ফডাৰ গ্রাছগ্র’য়িং মেচিনৰ জৰিয়তে মাকৈ আৰু বার্লিৰ পৰা প্রটিনযুক্ত ঘাঁহ উৎপাদন কৰি আহিছে৷ চিৰিয়াখানাত থকা তৃণভোজী জীৱ–জন্তুক সঠিক হাৰত প্রটিন আৰু পুষ্টিকৰ খাদ্য যোগান ধৰাৰ লক্ষ্যৰে চিৰিয়াখানা কর্তৃপক্ষই বৈজ্ঞানিক পদ্ধতিৰ সহায় লোৱা বুলি জানিবলৈ দিছে৷

৩০ লাখ টকাৰে ব্যয়েৰে স্থাপন কৰা হাইড্র’ফনিক ফডাৰ গ্রাছগ্র’য়িং মেচিনৰ ১৮০খন প্লেটত ঘাঁহৰ খেতি কৰা হয় আৰু অতি কম সময়ৰ ভিতৰতে কৃত্রিম পদ্ধতিত প্রটিন আৰু পুষ্টিযুক্ত ঘাঁহ উৎপাদন কৰা হয়৷ ২০২০ চনত হায়দৰাবাদৰ ফ্র’জেন মাইক্র’ ক’ল্ড টেক্ন’ল’জিষ্ট নামৰ প্রতিষ্ঠানটোৱে চিৰিয়াখানাত এই মেচিনটো স্থাপন কৰিছিল৷

চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা হাইড্র’ফনিক ফডাৰ গ্রাছগ্র’য়িং মেচিনত প্রতিদিনে ৭ কুইণ্টলকৈ ঘাঁহ উৎপাদন কৰি আহিছে চিৰিয়াখানা কর্তৃপক্ষই৷ যাদৱ কলিতা নামৰ ফ’ৰেষ্ট গার্ডজনে এই মেচিনটো চোৱা–চিতা কৰাৰ লগতে ঘাঁহ উৎপাদন সমগ্র পদ্ধতি তদাৰক কৰি আহিছে৷

চিৰিয়াখানাত থকা ফুটুকী হৰিণ, নীলগাই, শৰপহুকে ধৰি তৃণভোজী জীৱ–জন্তুক চলিত বর্ষৰ জানুৱাৰী মাহৰ পৰা কৃত্রিম পদ্ধতিৰে উৎপাদিত প্রটিন আৰু পুষ্টিকৰ ঘাঁহ যোগান ধৰি আহিছে কর্তৃপক্ষই৷ ৰাজ্যিক চিৰিয়াখানা কর্তৃপক্ষই নিজে উৎপাদিত প্রটিন আৰু পুষ্টিকৰ খাদ্য তৃণভোজী জন্তুক যোগান ধৰিবলৈ অত্যাধুনিক মেচিন স্থাপন কৰাত সকলোৱে চিৰিয়াখানা কর্তৃপক্ষৰ শলাগ লৈছে৷

লক্ষণীয় যে ৰাজ্যিক চিৰিয়াখানাৰ পৰা খাদ্যৰ সন্ধানত বিভিন্ন সময়ত শৰপহু, হৰিণকে ধৰি তৃণভোজী প্রাণীসমূহ চিৰিয়াখানাৰ পৰা বাহিৰলৈ ওলাই আহিছিল৷ এনেদৰে বাহিৰলৈ ওলাই অহা কেইবাটাও হৰিণ উন্মুক্ত নলাত পৰি মৃত্যুমুখত পৰিছিল৷ এতিয়াৰে পৰা এই তৃণভোজী প্রাণীসমূহ খাদ্যৰ সন্ধানত চিৰিয়াখানাৰ পৰা বাহিৰলৈ ওলাই নাযায় বুলি চিৰিয়াখানা কর্তৃপক্ষই জানিবলৈ দিছে৷

You might also like