ভূমধ্য সাগৰৰ তলিত দুহাজাৰ বছৰীয়া সুৰাপাত্র
নিয়মীয়া বাৰ্তা ১৩ আগষ্টঃ সমুদ্রৰ ৩০০ ফুট গভীৰত ঠাকে ঠাকে সজাই থোৱা প্রাচীন সুৰাপাত্র উদ্ধাৰ হোৱা ঘটনাক লৈ প্রত্নতত্ত্ববিদসক মাজত সৃষ্টি হৈছে কৌতূহল৷ এই একোটা পাত্র ২০০০ বছৰতকৈও অধিক প্রাচীন৷ ভূমধ্য সাগৰীয় দ্বীপ চিচিলীৰ উপকূলৰ সমীপত জলৰাশিত এই পাত্রসমূহ উদ্ধাৰ হৈছে৷
প্রত্নতত্ত্ববিদসক দৃষ্টিত ভূমধ্য সাগৰ হৈছে অমূল্য ঐতিহাসিক সামগ্রীৰ খনি৷ বিভিন্ন সময়ত ভূমধ্য সাগৰৰ গর্ভৰ পৰা উদ্ধাৰ হৈছে ঐতিহাসিক বিভিন্ন সম্পদ৷ বহু বছৰ পূর্বে সমুদ্রক কেন্দ্র কৰিয়েই বাণিজ্যৰ কেনেদৰে সম্প্রসাৰণ ঘটিছিল, তাক জনাৰ সুযোগ দিছে ভূমধ্য সাগৰে৷
শেহতীয়াকৈ উদ্ধাৰ হোৱা সুৰাপাত্র প্রাচীন সামুদ্রিক বাণিজ্যৰেই অংশবিশেষ আছিল বুলি ধাৰণা কৰিছে প্রত্নতত্ত্বকসকলে৷ অৱশ্যে এয়াই সেই সত্য বুলি মানি ল’ব বিচৰা নাই কেইবাগৰাকীও গৱেষকে৷ প্রত্নতত্ত্ববিদসক এখন জাহাজৰ অভ্যন্তৰত ঠাক ঠাকৈ সজোৱা আছে পাত্রবোৰ৷ কিন্তু এই আটাইবোৰ পাত্রই খালী৷
লক্ষণীয়ভাৱে ২০০০ বছৰতকৈ অধিককাল ধৰি সমুদ্র গর্ভত থকাৰ পিছতো পাত্রবোৰ অক্ষত অৱস্থাতেই আছে৷ গতিকে, পাত্রবোৰ সন্দর্ভত বিভিন্ন নতুন গৱেষণাৰ সমল বিচাৰি পাইছে গৱেষকসকলে৷