নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ সেৱাত সক্রিয় হৈ থাকিবলৈ বিধায়কসকল হ’ব লাগিব সুস্বাস্থ্যৱান

নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই শুকুৰবাৰে অসম বিধানসভাৰ বিধায়ক আৱাস চৌহদৰ ভিতৰত নতুনকৈ নির্মাণ কৰা বিধানসভা স্বাস্থ্য সেৱা কেন্দ্র আনুষ্ঠানিকভাৱে মুকলি কৰে৷ এই অনুষ্ঠানতে মুখ্যমন্ত্রীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নিজৰ হেলথ্ কার্ডখনো আনুষ্ঠানিকভাৱে গ্রহণ কৰে৷

উল্লেখ্য যে শুকুৰবাৰে মুকলি কৰা এই বিধানসভা স্বাস্থ্য সেৱা কেন্দ্রত ফার্মাচী, লেবৰেটৰী, ফিজিঅ’ থেৰাপী ক্লিনিক আদি বিভিন্ন সা–সুবিধা উপলব্ধ হ’ব৷ এই চিকিৎসালয়ত ২৪ ঘণ্টাই উপলব্ধ হোৱাকৈ ৪গৰাকী চিকিৎসক, ৪গৰাকী ফার্মাচিষ্ট আৰু ৮গৰাকী নার্ছে সেৱা আগবঢ়াব৷ তদুপৰি সপ্তাহৰ ৫টা দিন গুৱাহাটী মেডিকেল কলেজৰ পৰা অহা এগৰাকী বিশেষজ্ঞ চিকিৎসকেও এই চিকিৎসালয়ত সেৱা আগবঢ়াব৷ এই চিকিৎসালয়ত চিকিৎসা গ্রহণৰ বাবে বিধায়কসকল আৰু তেওঁলোকৰ পৰিয়ালবর্গ তথা বিধানসভা সচিবালয়ৰ বিষয়া–কর্মচাৰীসক একোখনকৈ ডিজিটেল হেলথ্ কার্ড প্রদান কৰা হ’ব৷ অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাইজৰ সেৱাৰ বাবে প্রতিমুহূর্ততে সক্রিয় হৈ থাকিবৰ বাবে বিধায়কসকল সু–স্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব৷

সেয়েহে প্রতিগৰাকী বিধায়ককে নিজৰ স্বাস্থ্যৰ যতনৰ প্রতি গুৰুত্ব দিবলৈ আহ্বান জনাই তেওঁ কয় যে  মুকলি কৰা এই চিকিৎসালয়ে বর্তমান আৰু পূর্বৰ বিধায়কসকল তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকল আৰু বিধানসভা সচিবালয়ৰ বিষয়া–কর্মচাৰীসক চিকিৎসাজনিত সেৱাৰ বাবে এক ডাঙৰ সকাহ হ’ব৷ বিধানসভাৰ বর্তমানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধানসভা চৌহদৰ আন্তঃগাঁথনিৰ সংস্কাৰ সাধনৰ দিশত গ্রহণ কৰা ব্যৱস্থাৱলীৰ বাবে তেওঁক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিধানসভাৰ পৰৱর্তী অধিৱেশনৰ কার্যসূচী নতুন বিধানসভা ভৱনত অনুষ্ঠিত কৰিব পৰা যাব বুলিও তেওঁ আশাবাদী৷ এইক্ষেত্রত প্রয়োজনীয় পুঁজি চৰকাৰে ইতিমধ্যে আবণ্টন কৰাৰ প্রসংগও তেওঁ উল্লেখ কৰে৷ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো ভাষণ প্রদান কৰে৷ অনুষ্ঠানত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিন, সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকা, অসমৰ বিধানসভাৰ বিৰোধী দলপতি দেৱব্রত শইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্রী–বিধায়ক উপস্থিত থাকে৷

You might also like