এইবাৰ তৃণমূললৈ মন মেলিছে নৱ শৰণীয়াই
নিয়মীয়া বাৰ্তা, ১৮ আগষ্টঃ এইবাৰ তৃণমূল কংগ্রেছলৈ মন মেলিছে গণ সুৰক্ষা পার্টীৰ সভাপতি তথা কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়াই৷ ইতিমধ্যে শৰণীয়াই তৃণমূল কংগ্রেছৰ শীর্ষ নেতৃত্বৰ সৈতে কেইবালানি আলোচনাত মিলিত হৈছে৷
সংবাদ মাধ্যমৰ আগত সাংসদ শৰণীয়াই তৃণমূল কংগ্রেছৰে চলি থকা যোগাযোগৰ কথা স্বীকাৰ কৰি কয় যে তৃণমূল কংগ্রেছৰ লগত তেওঁৰ সৌহার্দ্যপূর্ণ আলোচনা হৈছে৷ দলটোৰ শীর্ষ পর্যায়ত এই আলোচনা হৈছে৷ নৰেন্দ্র মোদীতকৈ মমতা বেনার্জী দেশৰ প্রধানমন্ত্রী হ’লে অসমকে ধৰি উত্তৰ–পূবৰ অধিক লাভ হ’ব বুলি সাংসদ শৰণীয়াই মন্তব্য কৰে৷
তেওঁ আৰু কয় যে বাংলাদেশৰ লগত অসম যিদৰে গাতে লাগি আছে, সেইদৰে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ লগতো অসম গাতে লাগি আছে৷ বিশেষকৈ বিটিচিৰ কোকৰাঝাৰ জিলা পশ্চিমবংগৰ গাতে লাগি আছে৷ বিটিচি অঞ্চলৰ হিন্দু বাঙালীসকলৰ পশ্চিমবংগৰ সৈতে পাৰিবাৰিক সম্পর্ক আছে৷ কোচ ৰাজবংশীসকলৰো পশ্চিমবংগৰ সৈতে পাৰিবাৰিক সম্পর্ক আছে৷ ব্যৱসায়–বাণিজ্য, চিকিৎসা আদিৰ ক্ষেত্রতো বিটিচি অঞ্চলৰ ৰাইজ সততে পশ্চিমবংগলৈ আহ–যাহ কৰে৷ আর্থ–সামাজিক, সাংস্কৃতিক আদি বিভিন্ন ক্ষেত্রত পশ্চিমবংগৰ সৈতে অসমৰ বিশেষকৈ বিটিচি অঞ্চলৰ মধুৰ সম্পর্ক আছে৷ সেয়ে তেওঁ অসমতো তৃণমূল কংগ্রেছৰ যথেষ্ট সম্ভাৱনা আছে বুলি ব্যক্ত কৰে৷
তেওঁৰ মতে, ধর্মীয় সংখ্যালঘুসকলৰো বর্তমান আলৈ–আথানি নোহোৱা হৈছে৷ মন কৰিবলগীয়া এয়ে যে সম্প্রতি তৃণমূল কংগ্রেছৰ প্রতি আকৃষ্ট হোৱা সাংসদ নৱ শৰণীয়াৰ দল গণ সুৰক্ষা পার্টীয়ে বিটিচিত বিজেপি আৰু ইউপিপিএলৰ সৈতে মিত্রতা কৰি বিটিচি পৰিষদখন চলাই আছে৷ নৱ শৰণীয়াৰ তৃণমূল কংগ্রেছ গমন সম্পর্কত প্রতিক্রিয়া প্রকাশ কৰি বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই কয় যে নৱ শৰণীয়াই নিজৰ সিদ্ধান্ত নিজে ল’ব৷ সেয়া তেওঁৰ ওপৰত নির্ভৰ কৰিব৷ কিন্তু অসমত বিজেপিক প্রত্যাহ্বান জনাব পৰা শক্তি কোনো নাই৷ বহু বছৰলৈ অসমত বিজেপিক প্রত্যাহ্বান জনোৱাত কোনো সফল নহ’ব৷ তৃণমূল কংগ্রেছৰ অসম বা উত্তৰ–পূর্বাঞ্চলত কোনো ভেটি নাই৷ অসমত বিজেপিৰ সুবিশাল বটবৃক্ষই আজি লক্ষজনক ছাঁ দি আছে৷ সেয়ে বিজেপিৰ কোনো চিন্তা বা ভয় কৰিবলগীয়া নাই৷