নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পেৰালিম্পিকৰ ইতিহাস

-দিগন্ত চহৰীয়া

পেৰালিম্পিকৰ আভিধানিক অর্থ হৈছে অলিম্পিক ক্রীড়া সমাৰোহৰ সৈতে একেলগে বা সমান্তৰালভাৱে অনুষ্ঠিত ক্রীডা প্রতিযোগিতা৷para শব্দটো আহিছে গ্রীকৰ পৰা৷ ইয়াৰ অর্থbesides ব alongside. প্রতি চাৰি বছৰৰ মূৰে মূৰে অনুষ্ঠিত হৈ অহা বিশ্বৰ সর্ববৃহৎ ক্রীডা সমাৰোহ অলিম্পিকৰ সমান্তৰালভাৱে আয়োজিত হোৱাৰ বাবেই এইখন প্রতিযোগিতাৰ নাম পেৰালিম্পিক৷ এই প্রতিযোগিতা বিশেষভাৱে সক্ষমবা শাৰীৰিকভাৱে বাধাগ্রস্ত খেলুৱৈৰ মাজত সীমাবদ্ধ৷
১৯৬০ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিক ৰূপত বিশেষভাৱে সক্ষম খেলুৱৈৰ মাজত ক্রীডা প্রতিযোগিতা আয়োজিত হৈ আহিছে যদিও সেইসময়ত প্রতিযোগিতাখন পেৰালিম্পিক নামেৰে পৰিচিত নাছিল৷ ১৯৮৮ৰ ছিউল অলিম্পিকৰ পৰাহে আনুষ্ঠানিকভাৱে প্রতিযোগিতাখনৰ নাম পেৰালিম্পিক ৰখা হৈছে৷ সেইবাৰৰ পৰাই পেৰালিম্পিয়ানসকলে মূলসুঁতিৰ ক্রীডাবিদৰ সমানেই সা–সুবিধা লাভ কৰি আহিছে৷ দক্ষিণ আফ্রিকাৰ ‘ব্লেড ৰানাৰ’ খ্যাত অস্কাৰ পিষুটৰিয়াছ পেৰালিম্পিকৰ অন্যতম তাৰকা খেলুৱৈ৷ কৃত্রিম ভৰিৰে দৌৰি পিষুটৰিয়াছে বিশ্বজুৰি জনপ্রিয়তা লাভ কৰিছিল৷ পেৰালিম্পিক গেমছৰ জনপ্রিয়তাৰ ক্ষেত্রত পিষুটৰিয়াছৰ অৰিহণা উল্লেখযোগ্য৷ বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ মাজতো যে ক্রীডা প্রতিভা লুকাই থাকিব পাৰে, সেই বিষয়ে খুব ভালদৰে উপলব্ধি কৰিছিল এজন জার্মান চিকিৎসকে৷ লুডৱিগ গুটমেন Ludwig guttmann) নামৰ চিকিৎসকজনে দ্বিতীয় বিশ্বযুদ্ধত আঘাতপ্রাপ্ত ব্রিটিছ সৈনিকৰ মাজত ১৯৪৮ চনত এখন ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰিছিল৷ ৰাজহাডত আঘাত পোৱা সৈনিকৰ মাজত এই প্রতিযোগিতা অনুষ্ঠিত হৈছিল৷international wheelchair games নামেৰে অনুষ্ঠিত এই প্রতিযোগিতাখনেই পিছলৈ শাৰীৰিকভাৱে সক্ষম ব্যক্তিসকলৰ বাবে প্রেৰণাৰ অমল উৎস হৈ পৰিছিল৷
১৯৫২ চনত অনুষ্ঠিত ইণ্টাৰনেচনেল হুইলচেয়াৰ গেমছত ব্রিটিছ সৈনিকৰ লগতে ডাচ্চ সৈনিকেও অংশগ্রহণ কৰিছিল৷ ১৯৬০ৰ ৰোম অলিম্পিকৰ পৰা আনুষ্ঠানিকভাৱে অনুষ্ঠিত শাৰীৰিক বাধাগ্রস্তসকলৰ গেমছত ২৩খন দেশৰ প্রায় ৪০০ খেলুৱৈয়ে যোগদান কৰিছিল৷ ১৯৭২লৈকে এই প্রতিযোগিতাত হুইলচেয়াৰত বহা খেলুৱৈয়েহে অংশগ্রহণ কৰিছিল৷ অৱশ্যে ১৯৭৬ চনৰ পৰা বিভিন্ন ক্ষেত্রত বাধাগ্রস্ত খেলুৱৈসকলেও অংশগ্রহণৰ সুযোগ পায়৷ অর্থাৎ দৃষ্টিহীন, মূক বধিৰ, হাত–ভৰিহীন আদি বিশেষভাৱে সক্ষম খেলুৱৈয়ে অংশগ্রহণ কৰিছিল৷
১৯৭৬ চনৰ প্রতিযোগিতাত অংশগ্রহণ কৰিছিল ৪০খন দেশৰ ১৬০০ খেলুৱৈয়ে৷ উল্লেখ্য যে ২০০১ চনত আন্তর্জাতিক অলিম্পিক সমিতি আৰু আন্তর্জাতিক পেৰালিম্পিক সমিতিৰ মাজত এখন চুক্তি স্বাক্ষৰিত হৈছে৷ এই চুক্তি অনুসৰি অলিম্পিক আয়োজিত দেশখনতে পেৰালিম্পিক অনুষ্ঠিত হ’ব আৰু আয়োজক দেশখনে পেৰালিম্পিয়ানসকলক্ ভালদৰে আতিথ্য প্রদানৰ নিশ্চয়তা দিব লাগিব৷ প্রথমতে এই চুক্তি ২০১২ লণ্ডন অলিম্পিকলৈ কৰা হৈছিল যদিও পৰৱর্তী সময়ত চুক্তিৰ ম্যাদ ২০২০ টকি’ অলিম্পিকলৈ বৃদ্ধি কৰা হয়৷
শাৰীৰিকভাৱে বাধাগ্রস্ত খেলুৱৈৰ বাবে গঠিত প্রথমটো সংস্থা হৈছেinternational sports organization for disabled. ১৯৬৪ চনত গঠিত এই সংস্থাটোৱে আছিল পেৰালিম্পিকৰ গৱর্নিং বডী৷ সেইদৰে ১৯৮২ চনতworld sports organization for the disabled নামৰ আন এটা সংগঠন জন্ম হয় ৷ দুয়োটা সংগঠনে আন্তর্জাতিক সমন্বয়ৰক্ষী সমিতি হিচাপে পেৰালিম্পিক আয়োজনত আন্তর্জাতিক অলিম্পিক সমিতিক সহায় কৰিছিল৷ অৱশ্যে ১৯৮৮ৰ ছিউল অলিম্পিকৰ পিছত এটা স্বতন্ত্র সংস্থা গঠনৰ প্রয়োজনীয়তা আহি পৰাত ১৯৮৯ চনত গঠন কৰা হয় আন্তর্জাতিক পেৰালিম্পিক সমিতি৷ জার্মানীৰ ব’নত অৱস্থিত আন্তর্জাতিক পেৰালিম্পিক সমিতিৰ বর্তমান সদস্য ৰাষ্ট্র ১৭৪৷ ভাৰতো ইয়াৰ অন্যতম সদস্য৷ পেৰালিম্পিক আন্দোলনৰ মূলমন্ত্রspirit of motion.
শাৰীৰিকভাৱে বাধাগ্রস্তসকলৰ বাবে সুকীয়াকৈ অলিম্পিক আয়োজিত হ’লেও মূল অলিম্পিকতো বহুকেইগৰাকী শাৰীৰিক বাধাগ্রস্ত খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা কৰাৰ উদাহৰণ আছে৷ অলিম্পিকত অংশগ্রহণ কৰা প্রথমজন বিশেষভাৱে সক্ষম খেলুৱৈ হ’ল জর্জ এইছাৰ George eyser)৷ ১৯০৪ চনৰ অলিম্পিকত অংশগ্রহণ কৰা জিমনাষ্ট এইছাৰৰ এখন ভৰি কৃত্রিম আছিল৷ পেৰালিম্পিক গেমছত ভাৰতৰ প্রদর্শন বৰ বেয়া নহয়৷ ভাৰতে প্রথম ১৯৬৪ চনৰ গেমছত অংশ লৈছিল৷ তেতিয়াৰ পৰা ২০১৬ ৰি’লৈ ভাৰতে পেৰালিম্পিক গেমছত জয় কৰিছে বাৰটা পদক, ইয়াৰে চাৰিটা সোণ৷ বাকী চাৰিটা ৰূপ আৰু সমসংখ্যক ব্রঞ্জ আছে মুঠ পদকৰ জোলোঙাত৷ পেৰালিম্পিক গেমছত পদক জয় কৰা ভাৰতৰ প্রথম খেলুৱৈজন হ’ল মূৰলীকান্ত পেটকাৰ murlikant petkar)৷
১৯৭২ চনৰ গেমছত পেটকাৰে সোণৰ পদক জয় কৰিছিল৷ সাঁতোৰৰ ৫০ মিটাৰ ফ্রিষ্টাইল ইভেণ্টত তেওঁ ভাৰতক সোণৰ পদকটো উপহাৰ দিছিল৷ পেৰালিম্পিক গেমছত সোণৰ পদক জয় কৰা আনজন ভাৰতীয় হ’ল দেৱেন্দ্র ঝাঝাৰিয়া৷ ২০০৪ চনৰ গেমছত দেৱেন্দ্র ঝাঝাৰিয়াই জেভলিন থ্র’ত সোণৰ পদক জয় কৰিছিল৷ ৰি’ পেৰালিম্পিক গেমছতো দেৱেন্দ্র ঝাঝাৰিয়াই সোণৰ পদক জয় কৰিছিল৷ আনহাতে, ৰি’ পেৰালিম্পিক গেমছত ভাৰতৰ মেৰিয়াপ্পান থাংগাভেলুই সোণৰ পদক জয় কৰিছে৷ মেৰিয়াপ্পানে হাইজাম্পত সোণৰ পদক দখল কৰিছে৷ উক্ত ইভেণ্টত ব্রঞ্জৰ পদক জয় কৰে মেৰিয়াপ্পানৰ সতীর্থ বৰুণ সিং ভাটিয়ে৷ সেইবাৰ শ্বটপুটত দীপা মালিকে ৰূপৰ পদক লাভ কৰিছিল৷ বিগত দুটা দশক ধৰি দীপা শৰীৰৰ নিম্নাংশৰ পক্ষাঘাতত আক্রান্ত৷ ৰাজহাডত টিউমাৰ হোৱা দীপাৰ ৩১ বাৰ অস্ত্রোপচাৰ হৈছিল৷ ইয়াৰ পৰিণতিত বিগত ২১ বছৰ ধৰি খোজ কাঢ়িব নোৱাৰা দীপাই সাঁতোৰত পাৰদর্শিতাৰ পৰিচয় দিয়াৰ পিছত ৰি’ পেৰালিম্পিক গেমছৰ শ্বটপুটত ৰূপৰ পদক জয়েৰে নতুন অভিলেখ গঢ়িছিল৷ পেৰালিম্পিক গেমছত পদক জয় কৰা দীপা হ’ল ভাৰতৰ প্রথম মহিলা ক্রীডাবিদ৷

You might also like