মিত্রৰ চাৰিত্রিক বৈশিষ্ট্য দেখিলেহে অখিলৰে কংগ্রেছৰ মিত্রতা সম্ভৱ
-সাক্ষাৎগ্রহণঃ উৎপল চক্রৱর্তী
কংগ্রেছ হাইকমাণ্ডে আপোনাক প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতিৰ দায়িত্ব অর্পণ কৰিছে৷ দলৰ বিপর্যয়ৰ মুহূর্তত এই দায়িত্ব আপুনি কেনেদৰে আগবঢ়াই নিয়াৰ পৰিকল্পনা কৰিছে?
ঃ মই কংগ্রেছ দলৰ ছাত্র সংগঠন এনএছইউআই, যুৱ সংগঠন যুৱ কংগ্রেছ আৰু প্রদেশ কংগ্রেছত সুদীর্ঘদিন ধৰি সেৱা আগবঢ়াই আহিছোঁ৷ বুথ পর্যায়ৰ সভাপতিৰ পৰা আৰম্ভ কৰি প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদকৰ দায়িত্বভাৰ বহন কৰি শেহতীয়াকৈ প্রদেশ কংগ্রেছৰ কার্যকৰী সভাপতিৰ দায়িত্ব লাভ কৰিছোঁ৷ সৰুক্ষেত্রী সমষ্টিৰ ৰাইজে মোক দুবাৰকৈ আশীর্বাদ দি, আস্থা–বিশ্বাস ৰাখি বিধায়ক হিচাপে নির্বাচিত কৰি ৰাইজৰ সেৱা কৰাৰ সুযোগ দিছে৷ দলে যে কেতিয়াবা মোক কার্যকৰী সভাপতিৰ দৰে গুৰুত্বপূর্ণ পদৰ দায়িত্ব দিব, সেই কথা মই কেতিয়াও ভবাও নাছিলো, বিচৰাও নাছিলো৷ তাৰ বাবে কংগ্রেছৰ ঊর্ধ্বতন কর্তৃপক্ষ ছোনিয়া গান্ধী, ৰাহুল গান্ধী, জিতেন্দ্র সিং, এ আই চি চিৰ অসমৰ দায়িত্বত থকা চাৰিগৰাকী সম্পাদক আৰু অসমৰ কংগ্রেছৰ সমূহ শীর্ষ নেতৃত্বক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ৷ মই দলৰ কার্যকৰী সভাপতিৰ দায়িত্ব লাভ কৰাৰ পিছত ৰাজ্যখনৰ হাজাৰ হাজাৰ তৃণমূল পর্যায়ৰ কংগ্রেছ কর্মী উৎসাহিত হৈ পৰিছে৷ পূর্বতে তৃণমূল পর্যায়ৰ কর্মীসকলৰ মনত এটা প্রশ্ণ আছিল তেওঁলোকৰ খবৰ হাইকমাণ্ডে পায় নে নাপায়? কিন্তু মোক দলৰ কার্যকৰী সভাপতিৰ দায়িত্ব দিয়াৰ পিছত তৃণমূল পর্যায়ৰ কংগ্রেছ কর্মীসকলে উপলব্ধি কৰিছে কংগ্রেছ দলত এতিয়াও সৎ, নিষ্ঠাৱান কর্মীৰ বিষয়ে আলোচনা হয়৷ নৱপ্রজন্মক প্রতিনিধিত্ব কৰিব পৰা ব্যক্তিক নেতৃত্ব দিব লাগে বুলি দলে এতিয়াও ভাবে৷ তেনে দিশৰ প্রতি বিবেচনা কৰি দলক শক্তিশালী কৰাৰ বাবে মোৰ ওপৰত দায়িত্ব অর্পণ কৰিছে৷ এতিয়া মোৰ লক্ষ্য নেতা অথবা ভি আই পিকেন্দ্রিক নহয়৷ প্রত্যেক সমষ্টি, বুথৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলীয় কর্মীসকলৰ মনোবল বৃদ্ধি কৰাটোৱে মোৰ প্রধান কাম হ’ব৷
সন্মুখত পাঁচটাকৈ বিধানসভা সমষ্টিৰ উপ–নির্বাচন আছে৷ এই উপ–নির্বাচনত কংগ্রেছে অকলে অৱতীর্ণ হ’ব নে সকলো বিজেপিবিৰোধী শক্তি ঐক্যবদ্ধ হৈ নির্বাচনী যুঁজত অৱতীর্ণ হ’ব?
ঃ ২০২১ চনৰ বিধানসভা নির্বাচনত ৰাইজে আমাক বিৰোধীৰ আসনত বহাৰ ৰায় দিছে৷ জনসাধাৰণৰ ৰায়ক শ্রদ্ধা জনাই কংগ্রেছে বিৰোধীৰ আসনত বহিছে৷ বিৰোধীৰ আসনৰ পৰাই ৰাইজৰ সমস্যা, অভাৱ–ভিযোগ সমাধানৰ বাবে চৰকাৰৰ ওচৰত দাবী জনাই আহিছে৷ আসন্ন বিধানসভা উপ–নির্বাচনত দলৰ সিদ্ধান্ত কি হ’ব সেই সম্পর্কত ইতিমধ্যে তৎপৰতা আৰম্ভ হৈছে৷ উপ–নির্বাচন হ’বলগীয়া প্রতিটো সমষ্টিৰ বাবে হাইকমাণ্ডে একোখনকৈ কমিটী গঠন কৰি দিছে৷ উক্ত কমিটীয়ে সেই সমষ্টিৰ ৰাইজ আৰু কংগ্রেছ কর্মীসকলে বিচৰা সিদ্ধান্তমর্মেই চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিব৷ সেই অনুসৰিয়েই বিধানসভাৰ উপ–নির্বাচনত কংগ্রেছে অকলে অৱতীর্ণ হ’ব নে বিজেপিবিৰোধী শক্তি ঐক্যবদ্ধ হৈ নির্বাচনত অৱতীর্ণ হ’ব, সেই সিদ্ধান্ত চূড়ান্ত কৰা হ’ব৷ অৱশ্যে কংগ্রেছে সদায় সকলো বিজেপিবিৰোধী শক্তিক একত্রিত কৰি যুঁজাৰ চেষ্টা কৰে৷ মহাজোঁটৰ বাহিৰত থকা ৰাইজৰ দল আৰু অজাপৰ লগত এই সম্পর্কত কিছু আলাপ–আলোচনাও হৈছে৷ এতিয়া সেই বিষয়ে দলৰ মজিয়াত আলোচনা হৈ আছে৷ অতি কম দিনৰ ভিতৰতে এই সম্পর্কীয় ৰণকৌশল চূড়ান্ত হ’ব৷
ৰাইজৰ দলৰে কংগ্রেছৰ সম্ভাব্য মিত্রতাক লৈ যথেষ্ট বিতর্কৰ সৃষ্টি হোৱা দেখা গৈছে৷ ৰাইজৰ দলৰ নেতা অখিল গগৈ আৰু আপোনালোকৰ মাজত মিত্রতা হোৱাৰ পূর্বেই মিত্রতাক কেন্দ্র কৰি সংবাদ মাধ্যমত বাক্যুদ্ধও দেখা গৈছে৷ এই সম্পর্কত আপুনি কি কয়?
ঃ অখিল গগৈৰ লগত আমাৰ আলোচনা হৈছে৷ তেওঁলোকৰ প্রতিনিধি আমাৰ দলৰ কার্যালয়লৈ আহিছে আৰু আমিও তেওঁলোকৰ কার্যালয়লৈ গৈছোঁ৷ ৰাজনীতি হৈছে ভদ্রলোকৰ কথা৷ ৰাজনৈতিক আলোচনাৰ ক্ষেত্রত কিছু কথা ৰাজহুৱা কৰিব পৰা যায় আৰু কিছু গোপনে ৰাখিব লাগে৷ কিন্তু অখিল গগৈৰ ক্ষেত্রত দেখিছো তেখেতে আমাৰ সৈতে কৰা আলোচনাৰ বিষয়ে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত প্রকাশ কৰাৰ লগতে মিত্রতা কৰাৰ ক্ষেত্রত পৰামর্শ, সকীয়নি, ভাবুকি, গাইডলাইন আদিও বান্ধি দিছে৷ তেওঁ বান্ধি দিয়া কিছু চর্ত আৰু বক্তব্যই প্রকৃততে বিজেপিকহে সহায় কৰিব৷ চর্ত বান্ধি দিয়া, সকীয়নি দিয়া, ভাবুকি দিয়া, গাইডলাইন বান্ধি দিয়া দলৰ লগত মিত্রতা সম্ভৱ নহয়৷ অখিল গগৈয়ে একেলগে যুঁজাৰ সিদ্ধান্তত আমি আছোঁ যদিও অখিল গগৈৰ পৰা নীতিশিক্ষা নলওঁ৷ মিত্র হোৱাৰ বাবে যিটো চাৰিত্রিক বৈশিষ্ট্য লাগে সেইটো অখিল গগৈৰ পৰা পাব লাগিব৷ বিশ্বাস, সন্মান আৰু গোপনীয়তা থাকিলেহে মিত্রতা হ’ব৷ অখিল গগৈয়ে যেতিয়া ১০০ বছৰলৈ অসমত কংগ্রেছ ক্ষমতালৈ নাহিব বুলি প্রচাৰ মাধ্যমৰ আগত বক্তব্য ৰাখে, তেতিয়া কংগ্রেছৰ দলীয় কর্মীয়ে কষ্ট পায়৷ সেইসকল কংগ্রেছ কর্মীয়ে তেতিয়া আমাক প্রশ্ণ কৰে– তোমালোকে কাৰ সৈতে মিত্রতাৰ বাবে কথা পাতি আছা৷ বাহিৰত ভুল দেখুৱাই দিয়াবোৰ মিত্র হ’ব নোৱাৰে৷ অখিল গগৈক শেষবাৰৰ বাবে অনুৰোধ জনাইছোঁ– তেওঁ যদি কংগ্রেছৰ লগত খোজ মিলাই আগবাঢ়িব বিচাৰিছে, তেতিয়াহ’লে মুখখন চম্ভালিব লাগিব৷ কংগ্রেছে অনাগত দিনত কেনেদৰে আগবাঢ়িব সেই সম্পর্কত নিজৰ পথ নিজে বাছি ল’ব৷ অখিল গগৈয়ে এইবোৰত মূৰ ঘমাব নালাগে৷
যোৱা বিধানসভা নির্বাচনৰ প্রাক্মুহূর্তত কংগ্রেছ, এআইইউডিএফৰ যেতিয়া মিত্রতা হৈছিল আপুনি তাৰ বিৰোধিতা কৰিছিল৷ এতিয়াও আপোনাৰ সেই স্থিতি অটুট আছেনে?
ঃ মই দলৰ অনুশাসন মানি চলা কর্মী৷ দলীয় সিদ্ধান্ত মানি চলাটো নিষ্ঠাৱান কর্মীৰ দায়িত্ব আৰু কর্তব্য৷ সেই অনুসৰি আমি মহাজোঁটৰ পূর্ণ সমর্থক৷ মহাজোঁটত কোনটো দলক লৈ লাভ হ’ল, কোনটো দলক লৈ ক্ষতি হ’ল, সেই সম্পর্কত পর্যালোচনা চলি আছে৷ আগন্তুক দিনত এই সম্পর্কত সিদ্ধান্ত লৈ দল আগবাঢ়িব৷ অনাগত দিনত মহাজোঁট হিচাপে সকলো বিজেপিবিৰোধী শক্তি একলগ হৈ আগুৱালে ভাল হ’ব নে কংগ্রেছে অকলে আগুৱালে ভাল হ’ব, সেই সম্পর্কত চিন্তাচর্চা চলি আছে৷
সম্প্রতি কংগ্রেছ দলত মহাবিপর্যয় চলিছে৷ দলৰ দুজনকৈ বিধায়ক ৰূপজ্যোতি কুর্মী আৰু সুশান্ত বৰগোঁহায়ে দল ত্যাগ কৰি বিজেপিত যোগদানৰ পিছত নিখিল ভাৰত মহিলা কংগ্রেছৰ সভানেত্রী সুস্মিতা দেৱে কংগ্রেছ ত্যাগ কৰি তৃণমূল কংগ্রেছত যোগদান কৰিলে৷ দলৰ এই বিপর্যয় সম্পর্কত আপুনি কি কয়?
ঃ দল এৰি যোৱাসকলক লৈ মই মুঠেই চিন্তিত নহয়৷ যিসকলে দল এৰি গৈছে তেওঁলোকক দলে বহুত দিছে৷ মানুহৰ লগত, সমাজৰ লগত, দেশৰ লগত দলেই তেওঁলোকক চিনাকি কৰি দিছে৷ ক্ষমতাত থাকিলে দলত থাকিব আৰু ক্ষমতাৰ পৰা আঁতৰি আহিবলগীয়া হ’লেই দল এৰি গুচি যাব– সেইটো কেতিয়াও হ’ব নোৱাৰে৷ দল এটা নীতি–আদর্শত চলে৷ যিসকলে ক্ষমতা নহ’লে খাব নোৱাৰে, শুব নোৱাৰে, যিসকলে ক্ষমতা নহ’লে হীন্যমন্যতাত ভোগে, যিসকলে ক্ষমতা নহ’লে ৰাতিৰ নিচিনা অন্ধকাৰ দেখে, সেইসকলে দল এৰি যাবই৷ তেওঁলোকক লৈ মই চিন্তিত নহয়৷ কিন্তু তৃণমূল পর্যায়ৰ কর্মী, যিসকলে আজিলৈ দলৰ পৰা একো পোৱা নাই, অথচ দলৰ সভা–সমিতিত তেওঁলোকেই আহে, সেইসকল লোক দল এৰি গুচি গ’লেহে চিন্তিত হ’ম৷
তেওঁলোকৰ দল ত্যাগে কংগ্রেছৰ ক্ষতি নকৰিব জানো?
ঃ যিকোনো এজন সদস্যই দল ত্যাগ কৰিলে নিশ্চিতভাৱে দলৰ ক্ষতি হয়৷ এই ক্ষতি পূৰণৰ ব্যৱস্থা আমি কৰিব লাগিব৷ এজনী সুস্মিতা দেৱ দল এৰি গুচি গৈছে৷ এতিয়া আমি দুজনী সুস্মিতা দেৱ দললৈ আনিব লাগিব৷ এজন ৰূপজ্যোতি কর্মী দল এৰি গৈছে৷ আমি এতিয়া দুজন ৰূপজ্যোতি কুর্মী দললৈ আনিব লাগিব৷ এজন সুশান্ত বৰগোঁহাই দল এৰি গৈছে, আমি দুজন সুশান্ত বৰগোহাঁই আনিব লাগিব৷ এতিয়া দল সেই লক্ষ্যৰে আগবাঢ়ি যাব৷ নির্বাচনত জয়–পৰাজয় থাকেই৷ বহুতে হাৰি হাৰিও পৰৱর্তী পর্যায়ত নির্বাচনত জয়ী হৈছে৷ সদায় নির্বাচনত জয় হৈ থাকিব বুলি কথা নাই৷ তেনে মানসিকতাৰে দল আগবাঢ়িব লাগিব৷
কংগ্রেছ দলত চলি থকা গৰাখহনীয়া প্রতিৰোধৰ ক্ষেত্রত দল কেনেদৰে অগ্রসৰ হোৱাৰ কথা ভাবিছে?
ঃ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত আমি প্রতিখন জিলালৈ গৈ জিলা কংগ্রেছ, ব্লক কংগ্রেছৰ লগতে দলীয় কর্মীসকলৰ লগত কথা পাতিম৷ তেওঁলোকৰ সৈতে কথা পাতি সংগঠন শক্তিশালী কৰা আৰু তৃণমূল কর্মীসকলৰ মনোবল বৃদ্ধিৰ ক্ষেত্রত আত্মনিয়োগ কৰিম৷ আমি দৃঢ় বিশ্বাসী অসমৰ ৰাইজে পুনৰ কংগ্রেছকেই আশীর্বাদ দিব৷